অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাবিবা হুছেইন হাবিব

হাবিবা হুছেইন হাবিব (ইংৰাজী: Habeeba Hussain Habeeb; ৯ ছেপ্টেম্বৰ ১৯৩০ – ২১ নৱেম্বৰ ২০২২) এগৰাকী মালদ্বীপৰ লেখিকা, পুথিভঁৰালী আৰু মালদ্বীপৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁ ৰজা মহম্মদ শ্বামছুদ্দিন তৃতীয়ৰ নাতিনী আছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হাবিবা হুছেইন হাবিব (ইংৰাজী ভাষা: Habeeba Hussain Habeeb; ৯ ছেপ্টেম্বৰ ১৯৩০ – ২১ নৱেম্বৰ ২০২২) এগৰাকী মালদ্বীপৰ লেখিকা, পুথিভঁৰালী আৰু মালদ্বীপৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁ ৰজা মহম্মদ শ্বামছুদ্দিন তৃতীয়ৰ নাতিনী আছিল।

ৰজা শ্বামছুদ্দিন তৃতীয়ৰ ৰাজত্বকালত ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰা হাবিবে ভাৰতৰ ওসমানিয়া হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ মালদ্বীপ চৰকাৰৰ অধীনত আধা শতিকাৰো অধিক সময় সেৱা আগবঢ়াইছিল। ১৯৭৮ চনৰ পৰা ২০১৮ চনলৈ তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত কৰ্মৰত আছিল।

ৰাষ্ট্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে হাবিবক ১৯৯০ চনত ২৫ সংখ্যক স্বাধীনতা বঁটা,১ ১৯৮১ চনত বিশেষ ৰাষ্ট্ৰপতি বঁটা,২ ২০০৭ চনত দিভেহি সাহিত্যৰ ৰাষ্ট্ৰীয় সন্মান বঁটা আৰু ২০১১ চনত অৰ্ডাৰ অব দ্য ডিগনিফাইড ৰুল অব দ্য ধিয়ামিগিলি ডাইনেষ্টি প্ৰদান কৰা হৈছিল।৩

প্ৰাৰম্ভিক জীৱন

হাবিবা হুছেইন হাবিবৰ জন্ম ১৯৩০ চনৰ ৯ ছেপ্টেম্বৰত মালেত হৈছিল। তেওঁ মালদ্বীপৰ তৎকালীন শাসক মহম্মদ শ্বামছুদ্দিন তৃতীয়ৰ নাতিনী আছিল। তেওঁৰ মাতৃ আছিল ৰাজকুমাৰী শ্বামীমা শ্বামছুদ্দিন। হাবিবে ভাৰতৰ হায়দৰাবাদৰ ওসমানিয়া হাইস্কুলত উৰ্দু মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ শ্ৰীলংকাত ইংৰাজী মাধ্যমত অধ্যয়ন কৰে।

কৰ্মজীৱন

১৯৫৫ চনত হাবিবে মজিদিয়া স্কুল আৰু আমিনিয়া স্কুলত ইতিহাসৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৭৮ চনৰ ১২ ডিচেম্বৰত তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰীয় পুথিভঁৰালৰ প্ৰথমগৰাকী পুথিভঁৰালী হিচাপে যোগদান কৰে। তেওঁ ১৯৮১ চনৰ পৰা ২০১৮ চনত অৱসৰ গ্ৰহণ কৰালৈকে এই পুথিভঁৰালৰ মুৰব্বী আছিল। তেওঁ আছিল পুথিভঁৰালটোৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুৰব্বী। ইয়াৰ উপৰিও তেওঁ ১৯৮১ চনত মালদ্বীপ লাইব্ৰেৰী এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

হাবিবে ১৯৫৪ চনত 'মুন্নৰু নিউজ'ৰ জৰিয়তে নিজৰ লিখনি জীৱন আৰম্ভ কৰিছিল। তেওঁৰ ঐতিহাসিক ৰচনাসমূহৰ ভিতৰত চুলতান মহম্মদ ঠাকুৰুফানুৰ জীৱনী মহম্মদ ঠাকুৰুফানু দ্য গ্ৰেট আৰু দিভেহি থাৰিখাহ আভাছ কালাহ উল্লেখযোগ্য। তেওঁ ইছলামিক হিষ্ট্ৰী ১ আৰু ইছলামিক হিষ্ট্ৰী ২ নামৰ কিতাপ দুখনো অনুবাদ কৰিছিল। লোকসংস্কৃতিৰ সংৰক্ষণ আৰু অধ্যয়নৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতুলনীয়।

মৃত্যু

২০২২ চনৰ ২১ নৱেম্বৰত ৯২ বছৰ বয়সত হাবিবে এ ডি কে হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চোলিহ,৪ উপ-ৰাষ্ট্ৰপতি ফয়ছল নাচিম আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মৌমুন আব্দুল গায়ুম শোক প্ৰকাশ কৰে।

তথ্যসূত্ৰ

  1. ↑ Independent 25th Public Service Award - 1990. The President's Office
  2. ↑ Public Service Award - Courage - 1981. The President's Office
  3. ↑ Dhvehi State Honors - 2011. The President's Office
  4. ↑ (4 December 2022). The President signs book of condolences for the late Habeeba Hussain Habeeb. The President's Office

সম্পৰ্কিত শ্ৰেণী

মালদ্বীপলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাবিবা হুছেইন হাবিব” প্ৰবন্ধৰ সংশোধন ৫৮৫৩৩৩ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।