ৰাস্না ৱাৰাহ (ইংৰাজী ভাষা: Rasna Warah; ১৯৬২ – ১১ জানুৱাৰী, ২০২৫) এগৰাকী কেনিয়ান লেখিকা, সাংবাদিক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে আনচাইলেঞ্চড: আনমাস্কিং দ্য ইউনাইটেড নেচনছ কালচাৰ অৱ কভাৰ-আপচ, কৰপচন এণ্ড ইমপিউনিটি, ইয়েষ্টাৰডে ইট ৱাজ এছিয়ানছ, টুডে ইট ইজ ছোমালিচ, টুমৰো ইট কুড বি ইউ আৰু ৱাৰ ক্ৰাইমছ: হাউ ৱাৰলৰ্ডছ, পলিটিচিয়ানছ, ফৰেন গভৰ্ণমেণ্টছ এণ্ড এইড এজেন্সীজ কনচপায়াৰ্ড টু ক্ৰিয়েট এ ফেইলড ষ্টেট ইন ছোমালিয়া।১২৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৱাৰাহৰ জন্ম ১৯৬২ চনত নাইৰোবিত হৈছিল। তেওঁ উত্তৰ ভাৰতৰ নৈনিতালৰ এখন বোৰ্ডিং স্কুলত অধ্যয়ন কৰিছিল।১ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অৱস্থিত চাফোক বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান আৰু মহিলা অধ্যয়ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ চুইডেনৰ মালমো বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।৪
কৰ্মজীৱন
তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ বসতি কাৰ্যসূচীত (UN-Habitat) এগৰাকী সম্পাদিকা হিচাপে কাম কৰিছিল। ৱাৰাহে ১২ বছৰ ধৰি 'দ্য ডেইলী নেচন'ত সাপ্তাহিক প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰিও তেওঁ 'দ্য এলিফ্যান্ট', 'মেইল এণ্ড গাৰ্ডিয়ান', 'দ্য গাৰ্ডিয়ান' আৰু 'দ্য ইষ্ট আফ্ৰিকান'ৰ দৰে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।৪৫
মৃত্যু
২০২৫ চনৰ ১১ জানুৱাৰীত কেনিয়াত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ৰাস্না ৱাৰাহৰ মৃত্যু হয়।৩৬ তেওঁৰ মৃত্যুৰ পিছত বহুতো বিশিষ্ট ব্যক্তিয়ে তেওঁৰ তীক্ষ্ণ লিখনশৈলী আৰু সামাজিক ন্যায়, নাৰীবাদ তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাৰ শলাগ লয়।
নিৰ্বাচিত ৰচনাৱলী
- আনচাইলেঞ্চড: আনমাস্কিং দ্য ইউনাইটেড নেচনছ কালচাৰ অৱ কভাৰ-আপচ, কৰপচন এণ্ড ইমপিউনিটি (২০১৬)
- ইয়েষ্টাৰডে ইট ৱাজ এছিয়ানছ, টুডে ইট ইজ ছোমালিচ, টুমৰো ইট কুড বি ইউ (২০১৪)
- ৱাৰ ক্ৰাইমছ: হাউ ৱাৰলৰ্ডছ, পলিটিচিয়ানছ, ফৰেন গভৰ্ণমেণ্টছ এণ্ড এইড এজেন্সীজ কনচপায়াৰ্ড টু ক্ৰিয়েট এ ফেইলড ষ্টেট ইন ছোমালিয়া (২০১৪)
তথ্যসূত্ৰ
- ↑ (21 August 2014). Rasna Warah, Columnist and Writer. Lost in Nairobi
- ↑ Mengesha, Ras. (17 January 2025). Who Was Rasna Warah?. Debunk Media
- ↑ Makokha, Kwamchetsi. (13 January 2025). Rasna Warah: A warrior of truth hangs up her sword. Daily Nation
- ↑ (22 January 2025). Rasna Warah, Author at Debunk Media. Debunk Media
- ↑ (20 June 2024). Rasna Warah. africasacountry.com. Africa Is a Country
- ↑ Warah, Rasna. (13 January 2025). Cancer: The Enemy Within – Adios Rasna Warah. Daily Nation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাস্না ৱাৰাহ” প্ৰবন্ধৰ সংশোধন ৫৮৫৩২২ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।