হুল্ডা গাৰবৰ্গ (২২ ফেব্ৰুৱাৰী ১৮৬২ – ৫ নবেম্বৰ ১৯৩৪) এগৰাকী নৰৱেজিয়ান লেখিকা, ঔপন্যাসিক, নাট্যকাৰ, কবি, লোক-নৃত্যশিল্পী আৰু নাট্য প্ৰশিক্ষক আছিল। তেওঁ আৰ্নে গাৰবৰ্গৰ পত্নী আছিল। বৰ্তমান তেওঁক নৰৱেৰ পৰম্পৰাগত সাজ-পাৰ বোনাডৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি কৰা ব্যক্তিগৰাকী হিচাপে জনা যায়।
ব্যক্তিগত জীৱন
কাৰেন হুল্ডা বাৰ্গাৰ্চেনৰ জন্ম নৰৱেৰ ষ্টেঞ্জ মিউনিচিপালিটিৰ ছাষ্টাদ ফাৰ্মত হৈছিল।১ তেওঁৰ দুই বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁ মাতৃৰ সৈতে হামাৰলৈ গুচি যায়। বাৰ বছৰ বয়সত তেওঁলোক ক্ৰিষ্টিয়ানিয়ালৈ (বৰ্তমানৰ অছলো) আহে। সোতৰ বছৰ বয়সৰ পৰাই তেওঁ পৰিয়ালটোক সহায় কৰিবলৈ এখন দোকানত কাম কৰিবলৈ লয়। ১৮৮৭ চনত তেওঁ লেখক আৰ্নে গাৰবৰ্গৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।২

গাৰবৰ্গ দম্পতীয়ে ন বছৰ কাল অষ্টাৰডালেনৰ "ক'লবটনেন" নামৰ এটা সৰু কুটিৰত বাস কৰিছিল। ১৮৮৮ চনত তেওঁলোকৰ পুত্ৰ আৰ্নেৰ জন্ম হয়। ১৮৯৭ চনত তেওঁলোক লাব্ৰাটেনলৈ বদলি হয় আৰু মৃত্যুৰ লৈকে তাতেই বাস কৰে।৩ আৰ্নে আৰু হুল্ডা দুয়োকে নৰৱেৰ নুডািহিঅ'ত সমাধিস্থ কৰা হৈছে।
সাংস্কৃতিক কৰ্ম
গাৰবৰ্গ থিয়েটাৰ, লোক-নৃত্য, ৰন্ধন প্ৰণালী আৰু মহিলাৰ অধিকাৰৰ দৰে ক্ষেত্ৰত এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ পৰম্পৰাগত ৰন্ধন প্ৰণালীৰ ওপৰত ভিত্তি কৰি হেইমেষ্টেল (১৮৯৯) নামৰ এখন কিতাপ লিখিছিল।১
তেওঁ কেইবাখনো নাটক আৰু কমেডী ৰচনা কৰিছিল, যাৰ ভিতৰত মড্ৰে (১৮৯৫), হোছ লিণ্ডেলণ্ডচ (১৮৯৯) আৰু নোৱাহৰ আৰ্ক (১৮৯৯) উল্লেখযোগ্য। তেওঁ ১৮৯৯ চনত ডেট নৰস্কে স্পেলাগেট নামৰ এক নাট্যগোষ্ঠী স্থাপন কৰে আৰু ডেট নৰস্কে থিয়েটাৰৰ সহ-প্ৰতিষ্ঠাপক আছিল।২ ১৯০৩ চনত তেওঁ নৰৱেৰ লোকগীতৰ সংকলন নৰস্কে ফোকভিচৰ সম্পাদনা কৰে আৰু নৰৱেৰ সাজ-পাৰৰ পৰম্পৰাৰ ওপৰত নৰস্ক ক্লাডেবুনাড গ্ৰন্থখন লিখি উলিয়ায়।
তেওঁ তেওঁৰ স্বামী আৰ্নে গাৰবৰ্গৰ ডায়েৰীসমূহো সম্পাদনা কৰিছিল যিবোৰ আৰ্নেৰ মৃত্যুৰ পিছত প্ৰকাশ হৈছিল। তেওঁৰ নিজৰ ডায়েৰীসমূহৰ নিৰ্বাচিত অংশ ১৯৬২ চনত ডায়েৰী ১৯০৩–১৯১৪ নামেৰে প্ৰকাশ কৰা হৈছিল।
সাংস্কৃতিক কামৰ উপৰিও তেওঁ ৰাজনীতিতো অংশ লৈছিল আৰু আচকাৰ মিউনিচিপালিটিৰ কাউন্সিলৰ সদস্য আছিল। ১৯৩২ চনত তেওঁক ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ ছেইণ্ট ওলাভৰ নাইট (ফাৰ্স্ট ক্লাচ) সন্মানেৰে বিভূষিত কৰা হয়।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Døssland, Atle. (2001). Hulda Garborg. Norsk biografisk leksikon. Kunnskapsforlaget
- ↑ Henriksen, Petter. (2007). Hulda Garborg. Store norske leksikon. Kunnskapsforlaget
- ↑ Time, Sveinung. (2001). Arne Garborg. Norsk biografisk leksikon. Kunnskapsforlaget
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুল্ডা গাৰবৰ্গ” প্ৰবন্ধৰ সংশোধন ৫৯৭১৩৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।