ৰেচেল খং (জন্ম ১৯৮৫) এগৰাকী এছিয়ান মূলৰ আমেৰিকান লেখিকা আৰু সম্পাদিকা। ২০২১ চনৰপৰাই তেওঁ লছ এঞ্জেলছত বসবাস কৰি আছে।১
জীৱন
খঙৰ জন্ম হৈছিল মালয়েছিয়াৰ এটা মালয়েছিয়ান চীনা পৰিয়ালত। তেওঁ দুবছৰ বয়সত পৰিয়ালসহ যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হৈছিল।২৩ তেওঁ কেলিফোৰ্নিয়াৰ ৰেঞ্চো কুকামোংগাত ডাঙৰ হয় আৰু কেলিফোৰ্নিয়াৰ কাষৰ ডায়মণ্ড বাৰৰ এখন বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰে।৪
খঙে য়েল বিশ্ববিদ্যালয়ত ইংৰাজী বিষয় অধ্যয়ন কৰি ২০০৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১১ চনত তেওঁ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ পৰা MFA ডিগ্ৰী লাভ কৰে,৫ য’ত তেওঁ পেজেট পোৱা’ৱেলৰ ওচৰত অধ্যয়ন কৰিছিল।৬
তেওঁ ইলাই হৰ’ৱিট্জৰ পত্নী। হৰ’ৱিট্জ গিম্লেট মিডিয়াৰ হ'মকামিং নামৰ প’ডকাষ্টৰ সহ-সৃষ্টি কৰ্তা আৰু মেকছুইনিজৰ পূৰ্বৰ সম্পাদক।৭
জীৱিকা
MFA শেষ কৰাৰ পাছত খং চান ফ্ৰান্সিস্কলৈ যায় আৰু খাদ্য সেৱা উদ্যোগত কাম কৰে।৮ কলেজৰ দিনত তেওঁ মেকছুইনিজত ইণ্টাৰ্ণ কৰিছিল,৮ আৰু পিছত সেই প্ৰতিষ্ঠানৰ বাবে ৰন্ধনসম্পৰ্কীয় গ্ৰন্থ সম্পাদনা কৰিছিল। ২০১১ চনত লাকি পিছৰ চ্ৰিছ ইয়িঙে তেওঁক কাগজখিনিৰ মেনেজিং এডিটৰ হিচাপে নিযুক্তি দিবলৈ অনুৰোধ জনায়।৮ পিছত তেওঁ লাকি পিছ-ৰ এক্সিকিউটিভ এডিটৰ হয়।৯
২০১৮ চনত খঙে দ্য ৰুবি নামৰ এটা মহিলা-অভিমুখী ক’ৱাৰ্কিং স্থান সহ-স্থাপন কৰে, যি ছান ফ্ৰান্সিস্ক'ৰ মিচন ডিষ্ট্ৰিক্টত অৱস্থিত।১০ ২০২১ চনত তেওঁ সেই দায়িত্বৰপৰা অৱসৰ লৈ লছ এঞ্জেলছলৈ যায়।১
সাহিত্য চৰ্চা
খংৰ লেখা আমেৰিকান শ্বৰ্ট ফিকচন, জয়লেণ্ড, আৰু ছান ফ্ৰান্সিস্কো ক্ৰনিকল আদি কাকত-আলোচনীত প্ৰকাশিত হৈছে। তেওঁ লাকি পিছৰ সৈতে মিলি অল এবাউট এগচ নামৰ এখন ৰন্ধন বিষয়ৰ গ্ৰন্থও প্ৰকাশ কৰিছে।১১
তেওঁৰ প্ৰথম উপন্যাস গুডবাই, ভিটামিন NPR,১২ O, The Oprah Magazine, ছান ফ্ৰান্সিস্কো ক্ৰনিকল আৰু ভোগ আদি কাকত-আলোচনীত প্ৰকাশিত শ্ৰেষ্ঠ কিতাপৰ তালিকাত অন্তৰ্ভুক্ত হয়।১৩ তেওঁ কথাসাহিত্যৰ বাবে কেলিফৰ্ণিয়া বুক এৱৰ্ড লাভ কৰে।১৪ তেওঁৰ দেউতাকৰ আলজহাইমাৰ ৰোগৰ সৈতে যুঁজেই তেওঁৰ উপন্যাসখনৰ অনুপ্ৰেৰণা।
২০১৯ চনত ইউনিভাৰ্চেল পিকচাৰ্ছে উপন্যাসখন চলচ্চিত্ৰ ৰূপান্তৰ কৰাৰ অধিকাৰ লাভ কৰে আৰু তাত Constance Wu-য়ে অভিনয় কৰিব বুলি জনায়।১৫
২০২১ চনত ফিল্মনেচন এণ্টাৰটেইনমেণ্টে খঙৰ চুটিগল্প দ্য ফ্ৰেছনিংৰ চলচ্চিত্ৰ ৰূপান্তৰ ঘোষণা কৰে, যিখন Cathy Yan-য়ে পৰিচালনা কৰিব।১৬
খঙে দ্য নিউয়ৰ্ক টাইমছৰ বাবে কেইবাটাও গ্ৰন্থসমালোচনা লিখিছে।১৭
তেওঁৰ দ্বিতীয় উপন্যাস ৰিয়েল আমেৰিকানচ হ'ল নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ।১৮ ২০২৪ চনৰ মে’ মাহৰ “ৰিড উইথ জেন্না” বাছনি হিচাপেও গ্ৰহণ কৰা হয়।১৯
২০২৬ চনৰ এপ্ৰিল ৭ তাৰিখে প্ৰকাশ পাব খঙৰ প্ৰথম গল্পসংগ্ৰহ মাই ডিয়াৰ ইউ। ব্ৰায়ান ৱাশিংটনে ইয়াক “তেওঁৰ প্ৰিয় গ্ৰন্থসমূহৰ অন্যতম” বুলি বৰ্ণনা কৰিছে।২০
সাহিত্যকৰ্ম
উপন্যাস
- গুডবাই, ভিটামিন (২০১৭, হেন্ৰি হল্ট),
- ৰিয়েল আমেৰিকানচ (২০২৪, কনফ),
গল্প সংকলন
- মাই ডিয়াৰ ইউ (২০২৬, কনফ)
চুটিগল্প
- Khong, Rachel. (2020-08-10). The Freshening. The Paris Review
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ito, Robert. (April 29, 2024). How Rachel Khong Conjures Worlds, in Her Books and Beyond. দ্য নিউয়ৰ্ক টাইমছ
- ↑ Chung, Nicole. (2024-04-30). Rachel Khong on the Power and Potential of Not Knowing. Literary Hub
- ↑ Chung, Nicole. (2024-04-30). Rachel Khong on the Power and Potential of Not Knowing. Literary Hub
- ↑ (January 19, 2007). Rachel Khong. yaledailynews.com
- ↑ News – Page 2 – MFA@FLA: Creative Writing. mfa.english.ufl.edu
- ↑ Tafoya, Angela; Velez, Jessica; Pang, Jeanine Celeste. 30 Under 30 S.F. — Rising Young Stars in San Francisco. www.refinery29.com
- ↑ SPINE-Rachel Khong on Writing Goodbye, Vitamin. SPINE
- ↑ (2017-07-24). 'Really Small Books Can Be Just as Ambitious as Big Ones': An Interview with Rachel Khong. Hazlitt
- ↑ Rachel Khong · Authors · Macmillan. US Macmillan
- ↑ (2019-05-16). Catapult · How Rachel Khong Built The Ruby, a Coworking Community for San Francisco Creatives · Anita Felicelli. Catapult
- ↑ Lucky Peach All About Eggs by Rachel Khong, the editors of Lucky Peach · PenguinRandomHouse.com
- ↑ 'Goodbye, Vitamin' Is Sweet — But Not Sugarcoated. NPR.org
- ↑ These Were the Best Books We Read All Year. Vogue
- ↑ Rachel Khong. Library of Congress
- ↑ (2019-06-24). Constance Wu to Star in 'Goodbye, Vitamin' Adaptation for Universal. Variety
- ↑ Lang, Brent. (2021-02-05). Cathy Yan to Write, Direct Sci-Fi Comedy 'The Freshening'. Variety
- ↑ Khong, Rachel. (2021-04-13). And Now, a Case for the Ordinary. The New York Times
- ↑ Real Americans by Rachel Khong. PenguinRandomhouse.com
- ↑ Kaplan, Anna. (April 4, 2024). Jenna Bush Hager says her May 2024 pick. Today
- ↑ My Dear You by Rachel Khong. PenguinRandomhouse.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেচেল খং” প্ৰবন্ধৰ সংশোধন ৫৭২৬৮৯ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।