অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হং ইং

হং ইং (ইংৰাজী: Hong Ying; চীনা: 虹影; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৬২) এগৰাকী প্ৰখ্যাত চীনা লেখিকা আৰু কবি। তেওঁৰ উপন্যাসসমূহৰ বাবে তেওঁ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হং ইং (ইংৰাজী ভাষা: Hong Ying; চীনা: 虹影; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৬২) এগৰাকী প্ৰখ্যাত চীনা লেখিকা আৰু কবি। তেওঁৰ উপন্যাসসমূহৰ বাবে তেওঁ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে।

জীৱনী

হং ইংৰ জন্ম ১৯৬২ চনৰ ২১ ছেপ্টেম্বৰত চীনৰ চংকিংত হৈছিল। তেওঁৰ জন্মৰ সময়ছোৱা চীনৰ 'গ্ৰেট লিপ ফৰৱাৰ্ড'ৰ অন্তিম পৰ্যায় আছিল। ১৮ বছৰ বয়সৰপৰাই তেওঁ লিখা-মেলা আৰম্ভ কৰিছিল। তাৰ অলপ পাছতে তেওঁ ঘৰ এৰি পৰৱৰ্তী দহ বছৰ ধৰি চীনৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁ কবিতা আৰু চুটি গল্পৰ জৰিয়তে এগৰাকী লেখিকা হিচাপে নিজৰ স্বকীয় শৈলীৰ অন্বেষণ কৰিছিল। বেইজিঙৰ লু চুন একাডেমী আৰু চাংহাইৰ ফুডান বিশ্ববিদ্যালয়ত চুটি কালৰ বাবে অধ্যয়ন কৰাৰ পাছত, হং ইং ১৯৯১ চনত লণ্ডনলৈ গুচি যায় আৰু তাত লেখিকা হিচাপে স্থিতি লয়। ২০০০ চনত তেওঁ পুনৰ বেইজিংলৈ উভতি আহে।

সাহিত্যিক কৃতি

ইংৰাজী ভাষাত হং ইংৰ আটাইতকৈ পৰিচিত উপন্যাসসমূহ হ’ল— কে: দ্য আৰ্ট অৱ লাভ, চামাৰ অৱ বিত্ৰায়েল, পীকক ক্ৰাইজ আৰু তেওঁৰ আত্মজীৱনী ডাউটাৰ অৱ দ্য ৰিভাৰ। হং ইংৰ সাহিত্যিক কৰ্মৰাজি বিশটা ভাষাত প্ৰকাশ পাইছে আৰু কেইবাখনো দেশৰ 'বেষ্টচেলাৰ' তালিকাত স্থান লাভ কৰিছে। ২০০৫ চনত তেওঁৰ উপন্যাস কে: দ্য আৰ্ট অৱ লাভৰ বাবে তেওঁ 'প্ৰাইজ অৱ ৰোম' বঁটা লাভ কৰিছিল। তেওঁৰ কেইবাখনো গ্ৰন্থ ইতিমধ্যে দূৰদৰ্শন ধাৰাবাহিক আৰু চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰা হৈছে বা সেইবোৰৰ কাম চলি আছে।

হং ইং চীনত বাস কৰা সমকামীসকলৰ কাহিনীৰ প্ৰতি দীৰ্ঘদিন ধৰি আগ্ৰহী আছিল। এই বিষয়টো তেওঁৰ চুটি গল্প সংকলন এ লিপষ্টিক কল্ড ৰেড পেপাৰ: ফিক্সন এবাউট গে এণ্ড লেচবিয়ান লাভ ইন চাইনা ১৯৯৩–১৯৯৮ত বিতংকৈ অন্বেষণ কৰিছে। তেওঁ নিজৰ কামত মানুহৰ জীৱনৰ সংগ্ৰাম, দুৰ্দশা আৰু ইতিহাসৰ ওপৰত গুৰুত্ব দিবলৈ ভাল পায়। এগৰাকী লেখিকা হিচাপে তেওঁ বিশ্বাস কৰে যে সমসাময়িক চীনত দৃশ্যমানতা আৰু সহানুভূতিৰ বাবে সংগ্ৰাম কৰি থকা প্ৰান্তীয় গোটসমূহৰ জীৱনৰ অন্বেষণ কৰাটো তেওঁৰ অন্যতম দায়িত্ব।

শেহতীয়া বছৰবোৰত হং ইং শিশুৰ বাবেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল: মিমিড’লা: দ্য ৰিভাৰ চাইল্ড;১ দ্য গাৰ্ল ফ্ৰম দ্য ফ্ৰেন্স ফ’ৰ্ট; দ্য লেজেণ্ড অৱ লিয়া আৰু নিউ মুন ৰাইজ।২

ব্যক্তিগত জীৱন

হং ইং ১৯৫৩ চনত জন্মগ্ৰহণ কৰা এজন বেংকাৰ আৰু ব্যৱসায়ীৰ পৰা লেখক হোৱা এডাম উইলিয়ামছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। উইলিয়ামছ এগৰাকী চতুৰ্থ প্ৰজন্মৰ ব্ৰিটিছ নাগৰিক, যাৰ পৰিয়ালৰ দূৰ প্ৰাচ্যৰ সৈতে ঔপনিৱেশিক সম্পৰ্ক আছিল। তেওঁলোক ২০০৯ চনৰ পৰা বিবাহিত আৰু তেওঁলোকৰ চিৰিল নামৰ এগৰাকী কন্যা সন্তান আছে। তেওঁলোক লণ্ডন আৰু ইটালীৰ মাৰ্চেত বসবাস কৰে।৩৪

উপন্যাসসমূহ

  • ফাৰ গোজ দ্য গাৰ্ল (১৯৯৪)
  • চামাৰ অৱ বিত্ৰায়েল (১৯৯৫)
  • ডাউটাৰ অৱ দ্য ৰিভাৰ (১৯৯৭)
  • কে (১৯৯৯)
  • আনন্দ (২০০১)
  • দ্য পীকক ক্ৰাইজ (২০০২)
  • লৰ্ড অৱ চাংহাই (২০০৩)
  • ডেথ ইন চাংহাই (২০০৫)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jia, Mei. (2016). Finding wonderland. usa.chinadaily.com.cn
  2. ↑ চীনত দ্বিভাষিক গ্ৰন্থ হিচাপে প্ৰকাশিত, নিকোলাছ স্মিথৰ দ্বাৰা অনূদিত, চেৰী ডেনমেনৰ দ্বাৰা অলংকৃত। www.chinadailyasia.com/lifestyle/2015-05/06/cont
  3. ↑ About the author Adam Williams
  4. ↑ Archived at Ghostarchive and the Adam Williams marries Chinese author Hong Ying in Italian hill-top village!. YouTube: Adam Williams marries Chinese author Hong Ying in Italian hill-top village!. YouTube

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হং ইং” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৪৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।