অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুলা হাছানেইন

ৰুলা হাছানেইন (Rula Ibrahim Hassanein) জন্ম: ২০ অক্টোবৰ ১৯৯৪) ৰামাল্লাৰ এগৰাকী পেলেষ্টাইনী লেখক, কৰ্মী আৰু সাংবাদিক, যিয়ে আল জাজিৰাৰ সৈতে কাম কৰে বহু বাতৰি কাকত আৰু বাতৰি ৱেবছাইটত তেওঁ বহু প্ৰবন্ধ লিখিছে।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ৰুলা হাছানেইন (Rula Ibrahim Hassanein) জন্ম: ২০ অক্টোবৰ ১৯৯৪) ৰামাল্লাৰ এগৰাকী পেলেষ্টাইনী লেখক, কৰ্মী আৰু সাংবাদিক, যিয়ে আল জাজিৰাৰ সৈতে কাম কৰে১২ বহু বাতৰি কাকত আৰু বাতৰি ৱেবছাইটত তেওঁ বহু প্ৰবন্ধ লিখিছে। পেলেষ্টাইনৰ ডিটেইনী আৰু এক্স-ডিটেইনী এফেয়াৰ্ছ মন্ত্ৰালয় আৰু দ্য পেলেষ্টাইন প্ৰিজনাৰ্ছ ছ’চাইটিৰ যৌথ বিবৃতিত কোৱা হৈছে যে ২০২৪ চনৰ ১৯ মাৰ্চ মাহত গাজাৰ বিৰুদ্ধে যুদ্ধৰ সময়ত পশ্চিম পাৰ আৰু জেৰুজালেমৰ পৰা ৮০ জন সাংবাদিকৰ সৈতে তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছিল। ইজৰাইলৰ আদালতে তেওঁৰ মুক্তিৰ অনুৰোধ নাকচ কৰে৷ যদিও তেওঁৰ ন মহীয়া কেঁচুৱা শিশুটি কেৱল স্তনপানৰ ওপৰতে নিৰ্ভৰশীল।১৩৪৫৬৭

শিক্ষা

ৰুলা বাৰ্জাইট বিশ্ববিদ্যালয়ৰ পৰা ৰুলাই সাংবাদিকতা আৰু সংবাদ মাধ্যমত মেজৰ ডিগ্ৰী লাভ কৰি স্নাতক হৈছে৷ ইয়াৰ লগতে তেওঁ সংবাদ মাধ্যম আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী, আৰু বিৰ্জাইট বিশ্ববিদ্যালয়ৰ পৰা সমসাময়িক আৰব অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৩৮

কৰ্মজীৱন আৰু গ্ৰেপ্তাৰ

আল জাজিৰা আৰবী চেনেল, মহিলা ৱেবছাইট "বানফাছাজ", পেলেষ্টাইনৰ মহিলা ৰেডিঅ' ষ্টেচন "ৰেডিঅ' নিছা এফ এম", আৰু "জেৰুজালেম চেণ্টাৰ ফৰ পলিটিকেল ষ্টাডিজ"কে ধৰি কেইবাটাও সংবাদ মাধ্যমৰ বাবে ৰুলাই কাম কৰি আহিছে। আৰু ইয়াৰ পূৰ্বে ইজৰাইলী সৈন্যই গ্ৰেপ্তাৰ নকৰালৈকে তেওঁ "ৱাটান নিউজ এজেন্সী"ত ফ্ৰীলান্স সাংবাদিক হিচাপে কাম কৰিছিল।৯ইজৰাইলৰ দখলদাৰী কৰ্তৃপক্ষই পেলেষ্টাইনী সাংবাদিকৰ বিৰুদ্ধে চলোৱা কঠোৰ অভিযানৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হয়, কিয়নো তেওঁ আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদ মাধ্যমৰ সৈতে পেলেষ্টাইনী জনসাধাৰণৰ দুখ-কষ্টৰ বিষয়ে স্বচ্ছভাৱে প্ৰকাশ কৰি আছিল। বৰ্তমান হাছাৰন কাৰাগাৰত কিছু সময়ৰ বাবে বন্দী হৈ আছে, আৰু আডমীৰ এছ’চিয়েশ্যনৰ অধিবক্তাই তেওঁৰ স্বাস্থ্যৰ অৱস্থা আৰু ৯ মহীয়া কন্যাৰ অৱস্থাৰ বাবে তেওঁক মুক্তিৰ বাবে অনুৰোধ দাখিল কৰে যদিও বৃত্তিটোৱে নাকচ কৰে।৮১০১১৪

তথ্যসূত্ৰ

  1. ↑ (2024-05-08). Palestinian journalist Rula Hassanein charged with incitement for social media posts. Committee to Protect Journalists
  2. ↑ (2024-05-13). تقرير: السجن يفرق بين الصحفية الأسيرة رولا حسنين ورضيعتها ايلياء - وكالة قدس برس للأنباء. qudspress.com
  3. ↑ Israel won't release journalist whose sick baby is solely reliant on breast milk. Middle East Eye
  4. ↑ Alsharif, Doja Daoud, Mohamed Mandour, Ignacio Miguel Delgado Culebras, and Samir. (2024-10-25). Arrests of Palestinian journalists since start of Israel-Gaza war. Committee to Protect Journalists
  5. ↑ (2024-05-29). Palestine: Record number of Palestinian journalists' arbitrarily arrested by Israel / IFJ. www.ifj.org
  6. ↑ alquds newspapaer. www.alquds.com
  7. ↑ Cumiskey, Daire. (2024-03-31). Palestine: six months of slaughter, six months of resistance. Socialist Worker
  8. ↑ West Bank: Israeli Forces Detain Rula Hassanein. Coalition For Women in Journalism
  9. ↑ (2024-05-13). تقرير: السجن يفرق بين الصحفية الأسيرة رولا حسنين ورضيعتها ايلياء -Quds Press News Agency. qudspress.com
  10. ↑ (2024-03-19). اشتباكات ومواجهات بتصدي المقاومة لاقتحامات الاحتلال في الضفة. palinfo.com
  11. ↑ Israel Arrests West Bank Reporter Rula Hassanein; 13th Palestinian Dies in Israeli Prison Since Oct. 7. Democracy Now!

সম্পৰ্কিত শ্ৰেণী

পেলেষ্টাইনৰ নাৰী অধিকাৰ কৰ্মীলেখিকাসমাজকৰ্মীসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুলা হাছানেইন” প্ৰবন্ধৰ সংশোধন ৫৮৪৮৩০ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।