অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্লোৰেন্স নাইটিংগেল

ফ্লোৰেন্স নাইটিংগেল (Florence Nightingale; ১২ মে', ১৮২০ – ১৩ আগষ্ট, ১৯১০) এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰীবিদ্যাৰ বাট-কটকীয়া। তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২,১৪৬ শব্দ · ১২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফ্লোৰেন্স নাইটিংগেল (Florence Nightingale; ১২ মে', ১৮২০ – ১৩ আগষ্ট, ১৯১০) এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰীবিদ্যাৰ বাট-কটকীয়া। তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। ১৮৫৩ চনৰ পৰা ১৮৫৬ চনলৈ চলা ক্ৰিমিয়াৰ যুদ্ধত সৈনিক সকলক কৰা সেৱা-শুশ্ৰূষাৰ বাবে তেওঁ জগত বিখ্যাত।১ তেওঁ ধাত্ৰীবিদ্যাক এক সন্মানজনক পেচা হিচাপে দাঙি ধৰিছিল। চাকিৰ সৈতে নিশা আঘাতপ্ৰাপ্ত সৈনিক সকলৰ সেৱা কৰাৰ বাবে তেওঁক লেডী ৱিথ দা লেম্প বা 'চাকিৰ সৈতে মহিলা' বুলি বিখ্যাত।২৩ ১৮৬০ চনত লণ্ডনৰ চেইণ্ট থমাছ হস্পিটেলত তেওঁ নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰি পেশাদাৰী ধাত্ৰীবিদ্যাৰ পাতনি মেলিছিল। ই পৃথিৱীৰ প্ৰথম নিৰপেক্ষ আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠান আৰু বৰ্তমান লণ্ডনৰ কিংছ কলেজৰ অন্তৰ্গত।৪ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ধাত্ৰীবিদ্যাৰ শিক্ষাৰ্থী সকলে নতুন নাৰ্ছ সকলে 'নাইটিংগেল শপত' গ্ৰহণ কৰে। ইয়াৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত ধাত্ৰীবিদ্যাৰ সৰ্বোচ্চ সন্মান 'ফ্লোৰেন্স নাইটিংগেল পদক' তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। প্ৰতি বছৰে তেওঁৰ জন্মদিন ১২ মে' তাৰিখে গোটেই বিশ্বজুৰি আন্তৰ্জাতিক ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়।

তেওঁ ব্ৰিটিছ সমাজৰ সকলো বৰ্গৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। তেওঁ ভাৰতৰ ক্ষুধাৰ্ত লোকসকলৰ বাবে সাহায্য, বেশ্যাবৃত্তিৰ অৱসান আৰু কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ হকে সদায় মাত মাতিছিল। তেওঁ এগৰাকী সুলেখিকা আছিল। তেওঁৰ জীৱনকালত কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ লগতে তেওঁ পৰিসাংখ্যিক বিজ্ঞানৰ লেখৰ সহায়ত দৃশ্যমান তথ্যৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ ধৰ্ম আৰু অন্যান্য বিষয়ত ৰচনা সমূহ মৃত্যুৰ পিছত প্ৰকাশিত হৈছিল।

প্ৰাৰম্ভিক জীৱন

এম্বলি পাৰ্ক হেম্পশ্বাৰ,বৰ্তমান স্কুল,পৰিয়লৰ ঘৰ উইলিয়াম নাইটিংগেলৰ
এম্বলি পাৰ্ক হেম্পশ্বাৰ,বৰ্তমান স্কুল,পৰিয়লৰ ঘৰ উইলিয়াম নাইটিংগেলৰছবি: Dmartin@ukonline.co.uk at English Wikipedia · CC BY 2.5

১৮২০ চনৰ ১২ মে'ত ইটালীৰ টাস্কানীৰ ফ্ল'ৰেন্সৰ ভিলা কলম্বিয়াত ৫৬ফ্ল'ৰেন্স এটা ধনী আৰু প্ৰতিপত্তিশীল ব্ৰিটিছ পৰিয়ালত ফ্ল'ৰেন্স নাইটিংগেলৰ জন্ম হৈছিল আৰু তেওঁৰ নাম জন্ম চহৰ খনৰ নামেৰে নামকৰণ কৰা হৈছিল। ফ্ল’ৰেন্সৰ ডাঙৰ ভগ্নী ফ্ৰান্সিছ পাৰ্থেনোপকো একেদৰেই তেওঁৰ জন্মস্থান পাৰ্থেন’পৰ নামেৰে নামকৰণ কৰা হৈছিল, যিটো গ্ৰীক বসতি বৰ্তমান নেপলছ চহৰৰ অংশ। ফ্ল'ৰেন্সৰ পিতৃ উইলিয়াম এডৱাৰ্ড নাইটিংগেল, জন্ম উইলিয়াম এডৱাৰ্ড শ্ব'ৰ (১৭৯৪–১৮৭৪) আৰু মাতৃ ফ্ৰান্সিছ ("ফেনী") নাইটিংগেল (জন্ম স্মিথ; ১৭৮৮–১৮৮০)।

১৮২১ চনত পৰিয়ালটোৱে ইংলেণ্ডলৈ উভতি যায় আৰু নাইটিংগেলক হেম্পশ্বাৰৰ এম্বলি আৰু ডাৰ্বিশ্বাইৰৰ লিয়া হাৰ্ষ্টত থকা পৰিয়ালটোৰ ঘৰত ডাঙৰ-দীঘল হয়।৭৮ফ্লৰেন্সে তেওঁ নিজ পৰিয়ালৰ আভিজাত্য আৰু ধন-সম্পত্তিৰ বিপৰীতে দুয়োপক্ষৰ পৰা প্ৰগতিশীল উদাৰ-মানৱীয় দৃষ্টিভংগী উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। পিতৃ উইলিয়ামে তেওঁৰ লি হাৰ্ষ্টৰ সম্পত্তি উত্তৰাধিকাৰ স্বৰূপে লাভ কৰি নাইটিংগেল উপাধি আৰু কোট-অৱ-আৰ্মছ গ্ৰহণ কৰিছিল। ফ্লৰেঞ্চৰ মাতৃ ফেনীৰ পিতা আছিল প্ৰসিদ্ধ দাসপ্ৰথা উচ্ছেদকাৰী আৰু ইউনিটেৰিয়ান ধৰ্মীয় বিশ্বাসী উইলিয়াম স্মিথ।৯ নাইটিংগেলৰ পিতাই তেওঁক শিক্ষিত কৰিছিল।৮

বিবিচিৰ এখন তথ্যচিত্ৰত প্ৰকাশ পোৱা মতে "ফ্ল'ৰেন্স আৰু তেওঁৰ ডাঙৰ ভগ্নী পাৰ্থেন'পে তেওঁলোকৰ পিতৃৰ পৰা পোৱা নাৰী শিক্ষাৰ উন্নত ধাৰণাসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। তেওঁলোকে ইতিহাস, গণিত, ইটালীয়, ধ্ৰুপদী সাহিত্য, আৰু দৰ্শন আদি অধ্যয়ন কৰিছিল আৰু সৰুৰে পৰা দুয়োগৰাকী ছোৱালীয়ে তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ এক অসাধাৰণ ক্ষমতা প্ৰদৰ্শন কৰিছিল। ইয়াৰ উপৰিও এই শিক্ষাই ফ্লৰেঞ্চক এটা সংগঠিত চিন্তাধাৰা আৰু পৰিশীলিত দক্ষতাৰ বিকাশ ঘটাবলৈ সক্ষম কৰিছিল, আৰু পিছলৈ তেওঁক চিকিৎসাশাস্ত্ৰ আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত ঐতিহাসিক সাফল্যৰ পথ দেখুৱাইছিল।"

১৮৩৮ চনত তেওঁলোকৰ পৰিয়ালটো ইউৰোপ ভ্ৰমণলৈ যাওঁতে ফ্ল'ৰেন্সে ইংলণ্ডত জন্মগ্ৰহণ কৰা পেৰিছৰ পৰিচাৰিকা মেৰী ক্লাৰ্কক লগ পায় আৰু দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে। ফ্ল'ৰেন্সৰ মতে "ক্লাৰ্কি" এগৰাকী অতি স্বাধীনচিতীয়া,মাৰ্জিত আৰু আত্মকেন্দ্ৰিক পৰিচাৰিকা আছিল যিয়ে নিজৰ চেহেৰাৰ প্ৰতি কোনো গুৰুত্ব নিদি, অতিথিসকলৰ সেৱাত ব্ৰতী আছিল আৰু কেতিয়াও কাকো বিৰক্ত নকৰিছিল। তেওঁ উচ্চবিত্ত ব্ৰিটিছ মহিলাসকলক গুৰুত্ব দিয়াতো অপ্ৰয়োজনীয় বুলি গণ্য কৰিছিল। ক্লাৰ্কে সাধাৰণতে মহিলা সংগ প্ৰত্যাখ্যান কৰি পুৰুষ বুদ্ধিজীৱীৰ লগত সময় কটায়ছিল। ক্লাৰ্কে অৱশ্যে নাইটিংগেলৰ পৰিয়াল আৰু বিশেষকৈ ফ্ল’ৰেন্সৰ ক্ষেত্ৰত ব্যতিক্ৰম আছিল। ২৭ বছৰৰ বয়সৰ ব্যৱধান থকাৰ পিছতো ক্লাৰ্ক আৰু ফ্ল’ৰেন্সে ৪০ বছৰ ধৰি ঘনিষ্ঠ বন্ধু হৈ আছিল। ক্লাৰ্কৰ মতে নাৰী পুৰুষ সমানে সমানে আগবাঢ়ি যাব লাগে, যিটো ধাৰণা ফ্ল'ৰেন্সে নিজৰ মাকৰ পৰাও শিকিব পৰা নাছিল।১০ ফ্ল’ৰেন্স নাইটিংগেল, ক্লাৰ্কৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

১৮৩৭ চনৰ ফেব্ৰুৱাৰী মাহত নাইটিংগেলে এম্বলি পাৰ্কত থকাৰ সময়ত ঈশ্বৰৰ পৰা তেওঁলৈ কেইবাটাও বাৰ্ত্তা অহা বুলি অনুভৱ কৰিছিল, যাৰ ফলত তেওঁৰ জীৱনটো মানৱ সেৱাত উৎসৰ্গা কৰাৰ প্ৰবল ইচ্ছাই উদ্ধুদ্ধ কৰিছিল। নাইটিংগেলৰ এই ইচ্ছাক পৰিয়ালে তীব্ৰ বিৰোধিতা কৰিছিল। পৰিয়ালৰ বিৰোধিতাক সন্মান জনাই তেওঁ যৌৱন অৱস্থাত নাৰ্ছ হিচাপে কাম কৰাৰ পৰা বিৰত থাকি, মাত্ৰ ১৮৪৪ চনত এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল। মাক আৰু ভনীয়েকৰ খং আৰু দুখৰ মাজতো তেওঁ নিজক মৰ্যাদাপূৰ্ণ এগৰাকী মহিলাই আশা কৰাৰ দৰে পত্নী আৰু মাতৃ হোৱাৰ ভূমিকাক নাকচ কৰিছিল। পৰিয়ালৰ বিৰোধিতা আৰু ধনী ইংৰাজ যুৱতীসকলৰ বাবে নিষিদ্ধ সামাজিক সংহিতাৰ সন্মুখীন হৈও নাইটিংগেলে নাৰ্চিং কলা আৰু বিজ্ঞানৰ বিষয়ে নিজকে শিক্ষিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।১১

যুৱতী হিচাপে নাইটিংগেল আকৰ্ষণীয়, চিকুন আৰু ৰূপৱতী আছিল বুলি বৰ্ণনা কৰা হৈছিল। তেওঁ আচৰণত চিধা আছিল যদিও অতি মনোমোহা আৰু উজ্জ্বল হাঁহিৰ অধিকাৰিণী বুলি কোৱা হৈছিল। তেওঁৰ প্ৰেমিক ৰাজনীতিবিদ আৰু কবি ৰিচাৰ্ড মংকটন মিলনেছৰ লগত ন বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল যদিও বিবাহ নাকচ কৰিছিল, বিশ্বাস কৰিছিল যে বিবাহে তেওঁৰ নাৰ্চিংৰ আহ্বান অনুসৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব।১১

১৮৪৭ চনত ৰোমত তেওঁ চিডনী হাৰ্বাৰ্ট নামৰ আন এজন ৰাজনীতিবিদক লগ পায়, যিজন ক্ৰিমিয়া যুদ্ধৰ সচিবও আছিল। তেওঁৰ লগত নাইটিংগেলৰ আজীৱন ঘনিষ্ঠ বন্ধুত্ব আছিল (১৮৪৫–১৮৪৬) আৰু তেওঁ ক্ৰিমিয়াত নাইটিংগেলৰ ৰুগীসেৱা কামৰ সুবিধা প্ৰদান কৰাত সহায়ক হৈছিল। নাইটিংগেল চিডনী হাৰ্বাৰ্টৰ সমগ্ৰ ৰাজনৈতিক জীৱনত মূল উপদেষ্টা হৈ পৰিছিল। ইয়াৰ বহু পিছত শিক্ষাবিদ বেঞ্জামিন জ'ৱেটৰ সৈতেও নাইটিংগেলৰ শক্তিশালী সম্পৰ্ক আছিল, যিয়ে হয়তো তেওঁক বিয়া কৰাব বিচাৰিছিল।১২

নাইটিংগেলে গ্ৰীচ আৰু ইজিপ্তলৈকেও যাত্ৰা অব্যাহত ৰাখিছিল। গ্ৰীচৰ এথেন্সত থকাৰ সময়ত নাইটিংগেলে শিশুৰ দল এটাই অত্যাচাৰ কৰি থকা অৱস্থাৰ পৰা এটা ফেঁচাৰ পোৱালি উদ্ধাৰ কৰিছিল আৰু তাৰ নাম ৰাখিছিল এথেনা। তেওঁ সেই পোহনীয়া জীৱ টোক প্ৰায়ে পকেটত লৈ ফুৰিছিল, (নাইটিংগেলে ক্ৰিমিয়ালৈ যোৱাৰ কিছু সময়ৰ আগলৈকে)।১৩ লোখিকা হিচাপে ফ্লৰেন্সৰ মিছৰ সম্পৰ্কীয় লিখনিসমূহ হ'ল তেওঁৰ জ্ঞান, সাহিত্যিক দক্ষতা আৰু জীৱন দৰ্শনৰ প্ৰমাণ। ১৮৫০ চনৰ জানুৱাৰীত নীল নদত অভিযান কৰি আবু চিম্বেল পৰ্যন্ত যাত্ৰা কৰোঁতে, তেওঁ আবু চিম্বেল মন্দিৰসমূহৰ বিষয়ে লিখিছিল।১৪

থীবছত, তেওঁ লিখিছিল যে তেওঁক "ঈশ্বৰে মাতিছিল", আৰু নিজৰ দিনলিপিত লিখিছিল "প্ৰভাততে ঈশ্বৰে মোক মাতিছিল আৰু সুধিছিল, মই তেওঁৰ বাবে কেৱল তেওঁৰ উদ্দেশ্যেৰ কোনো প্ৰতিদান নিবিচৰাকৈ ভাল কাম কৰিব পাৰিম নেকি।" ১৪ ১৮৫০ চনৰ পিছৰ সময় চোৱাত, তেওঁ জাৰ্মানীৰ কিছুমান ধৰ্মীয় অনুষ্ঠান পৰিদৰ্শন কৰিছিল তাত তেওঁ কিছুমান ধৰ্মীয় গোটে ৰোগী আৰু দুৰ্বলসকলৰ বাবে অহৰহ কাম কৰা দেখিছিল। তেওঁ এই অভিজ্ঞতাক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ টানৰূপে বিবেচনা কৰিছিল আৰু "দ্য ইনষ্টিটিউশ্যন অৱ কাইছাৰসভাৰ্থ অন দ্য ৰাইন, ফ’ৰ দ্য প্ৰেক্টিকেল ট্ৰেইনিং অৱ ডীকনেছেছ" শীৰ্ষক এখন গ্ৰন্থ লিখি উলিয়াইছিল। তেওঁ এই প্ৰতিষ্ঠানত চাৰিমাহীয়া চিকিৎসাশিক্ষাও লাভ কৰিছিল, যি তেওঁৰ পাছৰ চিকিৎসাসেৱাৰ আধাৰৰূপে কাম কৰিছিল। ১৮৫৩ চনৰ ২২ আগষ্টত নাইটিংগেলে লণ্ডনৰ আপাৰ হাৰ্লি ষ্ট্ৰীটৰ ইনষ্টিটিউট ফৰ দ্য কেয়াৰ অৱ ছিক জেণ্টলউমেনত অধীক্ষকৰ পদ গ্ৰহণ কৰে আৰু ১৮৫৪ চনৰ অক্টোবৰ মাহলৈকে এই পদত অধিষ্ঠিত হয়। ১৫তেওঁৰ দেউতাকে তেওঁক বাৰ্ষিক ৫০০ পাউণ্ড আয় (বৰ্তমানৰ হিচাপত প্ৰায় ৪০,০০০ পাউণ্ড/৬৫,০০০ মাৰ্কিন ডলাৰ) দিছিল, যাৰ ফলত তেওঁ আৰামত জীয়াই থাকিব পাৰিছিল আৰু কেৰিয়াৰ গঢ়িব পাৰিছিল।১৬

ক্ৰিমিয়ান যুদ্ধ

ফ্ল’ৰেন্স নাইটিংগেলৰ আটাইতকৈ উল্লেখযোগ্য অৱদান আছিল ক্ৰিমিয়ান যুদ্ধৰ সময়ত। এই যুদ্ধই তেওঁক বিখ্যাত কৰি তোলাৰ প্ৰধান কাৰণ আছিল ব্ৰিটেইনত থকা সামৰিক চিকিৎসালয়সমূহৰ ভয়ংকৰ অৱস্থাৰ বিষয়ে অহা প্ৰতিবেদন সমূহ। এই চিকিৎসালয় সমূহ এছিয়াটিক পাৰ্শ্বৰ ব’ছফ’ৰাছ উপকূলত, কনষ্টাণ্টিন'পলৰ (আজিৰ ইষ্টানবুলৰ) বিপৰীত পাৰৰ স্কুটাৰী (আজিৰ উস্কুদাৰ) ত অৱস্থিত আছিল। ব্ৰিটেইন আৰু ফ্ৰান্স অট’মান সাম্ৰাজ্যৰ পক্ষে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল।

১৮৫৪ চনৰ ২১ অক্টোবৰত, ফ্লৰেঞ্চ নাইটিংগেল আৰু ৩৮ গৰাকী মহিলা স্বেচ্ছাসেৱী চিকিৎসকৰ দল, যাৰ ভিতৰত মুখ্য নাৰ্ছ ইলাইজা ৰবাৰ্টছ আৰু তেওঁৰ পেহী মাই স্মিথো আছিল,১৭ লগতে হেনৰি এডৱাৰ্ড মেনিঙৰ উদ্যোগত সংগঠিত ১৫ গৰাকী কেথলিক ধৰ্মযাজিকা,১৮ অটোমান সাম্ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। এই অভিযানৰ অনুমোদন দিছিল চিডনি হাৰ্বাৰ্টে। যাত্ৰাৰ মাজতে, পেৰিছত নাইটিংগেলক তেওঁৰ বন্ধু মেৰী ক্লাৰ্কে সহায় কৰিছিল।১৯ স্বেচ্ছাসেৱী চিকিৎসকৰ দলটো মূল ব্ৰিটিছ শিবিৰৰ পৰা প্ৰায় ২৯৫ নটিকেল মাইল (৫৪৬ কিমি; ৩৩৯ মাইল) দূৰত, ক্ৰিমিয়াৰ বালাক্লাভাত,ব্লেক সাগৰৰ পাৰতে চিকিৎসা সেৱা আগবঢ়াইছিল।

নাইটিংগেল ১৮৫৪ চনৰ নৱেম্বৰৰ আৰম্ভণিত স্কুটাৰীৰ চেলিমিয়ে বেৰেকত উপস্থিত হয়। তাত উপস্থিত হৈ তেওঁৰ দলটোৱে দেখাপাইছিল যে আহত সেনাসকলক অত্যধিক পৰিশ্ৰান্ত চিকিৎসা কৰ্মী বোৰে নিম্নমানৰ সেৱা প্ৰদান কৰিছে, আৰু বিষয়াসকলৰ উদাসীনতাই পৰিস্থিতি অধিক কঠিন কৰি তুলিছে। পৰ্য্যাপ্ত ঔষধৰ অভাৱ, স্বাস্থ‍্য-সুৰক্ষাৰ প্ৰতি উপেক্ষা কৰা হৈছে, যাৰ ফলত ব্যাপকভাৱে সংক্ৰমণ হোৱাতো সাধাৰণ ঘটনাত পৰিণত হৈছে, ইয়াৰে কিছুমান সংক্ৰমণ অতি মাৰাত্মক। ৰোগীসকলৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় সঁজুলিও উপলব্ধ নাছিল।

নাইটিংগেলে এই অসুবিধাসমূহৰ তাৎক্ষণিক সমাধানাৰ্থে চৰকাৰৰ হস্তক্ষেপ বিচাৰি দ্য টাইমছৰ জৰিয়তে আবেদন জনাইছিল। তাৰ পিছত ব্ৰিটিছ চৰকাৰে ইছাম্বাৰ্ড কিংডম ব্ৰুনেলক নিযুক্তি দিয়ে, যিয়ে ইংলেণ্ডত গৈ দাৰ্দানেলচলৈ প্ৰেৰণ কৰিব পৰা এখন প্ৰিফেব্ৰিকেটেড চিকিৎসালয়ৰ নক্সা প্ৰস্তুত কৰিছিল। ইয়াৰ ফলস্বৰূপে ৰেংকিঅই চিকিৎসালয় নিৰ্মাণ কৰা হয়,। সেইখন নিৰ্মাণকৃত নাগৰিক চিকিৎসালয় আছিল। এই চিকিৎসালয়টো এডমণ্ড আলেক্সেণ্ডাৰ পাৰ্কেছৰ পৰিচালনাৰ অধীনত আছিল আৰু ইয়াত মৃত্যুৰ হাৰ স্কুটাৰীৰ তুলনাত এক দশমাংশতকৈও কমলৈ নামিল।২০ ষ্টিফেন পেজেটে ডিকচনেৰী অৱ নেচনেল বায়'গ্ৰাফীত দৃঢ়তাৰে কৈছিল যে নাইটিংগেলে নিজেই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নতি সাধন কৰাৰ উপৰিও চেনিটেৰী কমিছনক আহ্বান জনাই মৃত্যুৰ হাৰ ৪২%ৰ পৰা ২%লৈ হ্ৰাস কৰে। উদাহৰণস্বৰূপে, নাইটিংগেলে তেওঁ কাম কৰা চিকিৎসালয়খনত হাত ধোৱাৰ কাম কাৰ্যকৰী আৰু নিয়মীয়া কৰিছিল।২১

স্কুটাৰীত প্ৰথম শীতকালত ৪০৭৭জন সৈনিকৰ মৃত্যু হয়। যুদ্ধৰ আঘাঁততকৈ দহগুণ বেছি সৈনিকৰ মৃত্যু হৈছিল টাইফাছ, টাইফয়েড, কলেৰা, ডিচেণ্ট্ৰি আদি ৰোগত। অতিমাত্ৰা ৰোগীৰ ভিৰ, নলা-নৰ্দমাৰ ত্ৰুটি আৰু বায়ু চলাচলৰ অভাৱৰ বাবে নাইটিংগেল অহাৰ প্ৰায় ছমাহৰ পিছত ১৮৫৫ চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে চেনিটেৰী কমিছন স্কুটাৰীলৈ পঠিয়াবলগীয়া হৈছিল। আয়োগে নলাবোৰ ফ্লাছ কৰি পেলায় আৰু বায়ু চলাচলৰ ব্যৱস্থা উন্নত কৰিলে।২২ মৃত্যুৰ হাৰ তীব্ৰভাৱে হ্ৰাস পাইছিল যদিও মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায় কৰাৰ বাবে নাইটিংগেলে কেতিয়াও কৃতিত্ব দাবী কৰা নাছিল।২৩২৪ ১৮৫৫ চনৰ মে' মাহত নাইটিংগেলৰ জটিল ৰোগৰ বাবে হেড নাৰ্ছ এলিজা ৰবাৰ্টছে নাৰ্চিং সেৱা আগবঢ়ইছিল।২৫

নাইটিংগেলে তেতিয়াও বিশ্বাস কৰিছিল যে মৃত্যুৰ হাৰ দুৰ্বল পুষ্টি, যোগানৰ অভাৱ, দূষিত বায়ু আৰু সৈন্যবিলাকৰ অতিৰিক্ত কামৰ হেঁচাৰ বাবেই হৈছে। ব্ৰিটেইনলৈ উভতি আহি ৰয়েল কমিছন অন দ্য হেল্থ অৱ দ্য আৰ্মীৰ আগত প্ৰমাণ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰাৰ পিছত তেওঁৰ দৃঢ়বিশ্বাস হ’ল যে চিকিৎসালয়খনৰ বেছিভাগ সৈনিকৰ মৃত্যু হৈছে দুৰ্বল জীৱন-যাপনৰ বাবেই। এই অভিজ্ঞতাই তেওঁৰ পিছৰ কেৰিয়াৰত প্ৰভাৱ পেলাইছিল যেতিয়া তেওঁ অনাময় ব্যৱস্থাৰ প্ৰয়েজনীয়তা অতি গুৰুত্বপূৰ্ণ বুলি উপস্থাপন কৰিছিল। ফলস্বৰূপে তেওঁ সেনাবাহিনীৰ চিকিৎসালয়ত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিছিল আৰু চিকিৎসালয়ৰ অনাময় ব্যৱস্থা লগতে শ্ৰমিক সকলৰ ঘৰতো অনাময় ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰতি মনোযোগ দিছিল (চাওক পৰিসংখ্যা আৰু অনাময় সংস্কাৰ)।২৬

দ্য লেদী উইথ দ্য লেম্প

''. হেনৰিটা ৰেৰ নাইটিংগেলৰ এখন ছবিৰ জনপ্ৰিয় লিথ'গ্ৰাফ প্ৰজনন, ১৮৯১।]]

ক্ৰিমিয়া যুদ্ধৰ সময়ত নাইটিংগেলে দ্য টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশিত এটা বাক্যাংশৰ পৰা "দ্য লেডী উইথ দ্য লেম্প" উপাধি লাভ কৰিছিল:

“কোনো ধৰণৰ অতিৰঞ্জিত কৰি নকলেও হব যে এই চিকিৎসালয়বোৰত তেওঁ এগৰাকী "সেৱাকাৰী দেৱদূত।" প্ৰতিটো কৰিডৰৰ কাষেৰে তেওঁৰ মমতাময়ী চেহেৰাটো নীৰৱে পাৰ হৈ যোৱাৰ লগে লগে তেওঁক দেখি প্ৰতিজন দুৰ্ভগীয়াৰ মুখখন কৃতজ্ঞতাৰে ভৰি পৰে। যেতিয়া সকলো চিকিৎসা কৰ্মচাৰী ৰাতিটোৰ বাবে অৱসৰ ল’ব লৈ যায় আৰু সেই মাইলৰ পিছত মাইল বৃস্তিত ৰোগীৰ ওপৰত নিস্তব্ধতা আৰু আন্ধাৰে বিৰাজ কৰে, তেতিয়া তেওঁক অকলশৰে হাতত সৰু লেম্প এটি লৈ যান্ত্ৰনা কাতৰ সৈনিক সকলৰ মাজে মাজে অকলশৰে পৰ্যবেক্ষণ কৰি ফুৰা দেখা গৈছিল।” — উইলিয়াম ৰাছেল, কুক, ই.টি.(১৯১৩)ত উদ্ধৃত। ফ্লৰেন্স নাইটিংগেলৰ জীৱন। ভল. ১, পৃ. ২৩৭।

১৮৫৭ চনত হেনৰী ৱাডছৱৰ্থ লংফেলোৰ "চাণ্টা ফিলোমেনা" কবিতাটোৱে এই বাক্যাংশটোক আৰু অধিক জনপ্ৰিয় কৰি তুলিছিল:২৭

“সঁচাকৈ! সেই দুখ-দুৰ্দশাৰ ঘৰখনত

এজনী মহিলাক চাকি হাততলৈ দেখোঁ,

ম্লান আন্ধাৰৰ মাজেৰে পাৰ হৈ যায়,

আৰু কোঠাৰ পৰা কোঠালৈ ঘূৰি ঘূৰি ফুৰে।”

আহতসকলৰ চিকিৎসাৰ বাবে ঔষধ উপলব্ধ কৰিবলৈ হাতত হাতুৰী লৈ তলাবন্ধ ষ্ট'ৰেজত সোমাই যোৱাৰ বাবে নাইটিংগেলক সৈন্য সকলে "হাতুৰী থকা ভদ্ৰমহিলা" বুলি উপনাম দিছিল। কিন্তু ৰাছেলে এই আচৰণৰ বাবে দিয়া উপাধি অভদ্ৰমহিলাৰ দৰে হ’ব বুলি বিবেচনা কৰে আৰু ইয়াৰ বিকল্প বিছাৰি "দ্য লেডী উইথ দ্য লেম্প"ৰ উদ্ভাৱন কৰিছিল।২৮২৯

পৰৱৰ্তী কৰ্ম জীৱন

, হেম্পশ্বাৰ]]

১৯৩৯ চনত বেলজিয়ামে বেলজিয়ামত থকাৰ সময়ত ৰেড ক্ৰছৰ সৈতে কৰা কামৰ স্বীকৃতি স্বৰূপে নাইটিংগেলৰ সন্মানত অৰ্ধ-ডাক ডাকটিকট জাৰি কৰে
১৯৩৯ চনত বেলজিয়ামে বেলজিয়ামত থকাৰ সময়ত ৰেড ক্ৰছৰ সৈতে কৰা কামৰ স্বীকৃতি স্বৰূপে নাইটিংগেলৰ সন্মানত অৰ্ধ-ডাক ডাকটিকট জাৰি কৰেছবি: Belgian Government, 1939 · Public domain

১৮৫৫ চনৰ ২৯ নৱেম্বৰত ক্ৰিমিয়া়ত নাইটিংগেলক যুদ্ধত কৰা কামৰ বাবে স্বীকৃতি দিবলৈ এখন ৰাজহুৱা সভাত নাৰ্ছৰ প্ৰশিক্ষণৰ বাবে নাইটিংগেল ফাণ্ড স্থাপন কৰা হয়। তাত উদাৰ অনুদানৰ ঢৌ উঠিল। ছিডনী হাৰ্বাৰ্টে এই পুঁজিৰ সন্মানীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কেম্ব্ৰিজৰ ড্যুক অধ্যক্ষ আছিল। ১৮৫৬ চনৰ তেওঁৰ চিঠিসমূহত তেওঁ অট্টোমান সাম্ৰাজ্যৰ স্পাৰ বিষয়ে বৰ্ণনা কৰিছিল, তাত তেওঁ পৰিচালনা কৰা ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা, শাৰীৰিক বৰ্ণনা, খাদ্যৰ তথ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিৱৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছিল।৩০

১৮৬০ চনৰ ৯ জুলাইত ছেইণ্ট থমাছ হাস্পতালত প্ৰথমখন নাৰ্চিং স্কুল নাইটিংগেল ট্ৰেইনিং স্কুল স্থাপন কৰিবলৈ নাইটিংগেল ফাণ্ডৰ পৰা নাইটিংগেলৰ হাতত ৪৫,০০০ পাউণ্ড আছিল।৩১ প্ৰথম প্ৰশিক্ষিত নাইটিংগেল নাৰ্ছসকলে ১৮৬৫ চনৰ ১৬ মে’ৰ পৰা লিভাৰপুল ৱৰ্কহাউছ ইনফৰ্মাৰীত কাম আৰম্ভ কৰে। বৰ্তমান ফ্ল’ৰেন্স নাইটিংগেল ফেকাল্টী অৱ নাৰ্চিং এণ্ড মিডৱাইফাৰী বুলি কোৱা এই বিদ্যালয়খন কিংছ কলেজ লণ্ডনৰ অংশ।

১৮৫৯ চনত নাইটিংগেলে নোটছ অন নাৰ্চিং লিখিছিল। ঘৰোৱা নাৰ্চিং সেৱা কৰাসকলৰ শিক্ষাৰ বাবে বিশেষভাৱে লিখা এই কিতাপখনে নাইটিংগেল স্কুল আৰু অন্যান্য নাৰ্চিং স্কুলৰ পাঠ্যক্ৰমৰ মূল শিলাস্তম্ভ হিচাপে কাম কৰিছিল। নাইটিংগেলে লিখিছে, "দৈনন্দিন অনাময় জ্ঞান বা স্বাস্থ্য জ্ঞান, বা আন কোনো জ্ঞান প্ৰত্যেকৰে থকা উচিত যিয়ে আমাক এনে অৱস্থাত কেনেকৈ ৰাখিব পাৰিব যে কাৰোৱেই কোনো ৰোগ নাথাকে, বা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে, ই কেৱল পেছাদাৰি চিকিৎসা জ্ঞানৰ কথা নহয়।”৩২ নোটছ অন নাৰ্চিং সাধাৰণ পাঠক জনসাধাৰণৰ মাজতো ভাল বিক্ৰী হৈছিল আৰু ইয়াক নাৰ্চিংৰ সৰ্বোত্তম পৰিচয় বুলি গণ্য কৰা হয়। ১৯৭৪ চনৰ সংস্কৰণৰ প্ৰস্তাৱনাত নাইটিংগেল স্কুল অৱ নাৰ্চিঙৰ জোয়ান কুইক্সলীয়ে লিখিছে: "এই কিতাপখনেই আছিল এই ধৰণৰ প্ৰথমখন স্বাস্থ্যৰক্ষাৰ জ্ঞান থকা কিতাপ। কিতাপখন এনে সময়ত প্ৰকাশ পাইছিল যে যেতিয়া মানুহে মাত্ৰ স্বাস্থ্য ৰক্ষাৰ সহজ নিয়মবোৰ জানিবলৈ আৰম্ভ কৰিছিল, যেতিয়া ইয়াৰ বিষয়সমূহ কেৱল ৰোগীৰ মংগল আৰু আৰোগ্যৰ বাবেই নহয় বুলি বুজিছিল, যেতিয়া চিকিৎসালয়সমূহ সংক্ৰমণেৰে ভৰি পৰিছিল, মূলতঃ এই কিতাপখন নাৰ্ছসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল যি ৰোগীসকলক অজ্ঞান, অশিক্ষিত ব্যক্তি হিচাপে গণ্য কৰিছিল, অনিবাৰ্যভাৱে এই কিতাপখনৰ স্থান আছে, কাৰণ ইয়াক আধুনিক নাৰ্চিংৰ প্ৰতিষ্ঠাপকে লিখিছিল।" ৩৩ ৩৪

নাইটিংগেলে জীৱনৰ বাকী সময়খিনি নাৰ্চিং বৃত্তিটোৰ প্ৰচাৰ আৰু সংগঠিত কৰি কটায়।

মাৰ্ক বষ্ট্ৰিজৰ লিখনি অনুসৰি নাইটিংগেলেৰ ১৮৬০ চনৰ পৰা ব্ৰিটেইনৰ ৱৰ্কহাউচ্ ব্যৱস্থাত প্ৰশিক্ষিত নাৰ্ছৰ প্ৰৱৰ্তন কৰিছিল।[49] ইয়াৰ কাৰণ আছিল, ৱৰ্কহাউচৰ ৰোগীয়া দৰিদ্ৰসকলক আন, সক্ষম দৰিদ্ৰসকলে যত্ন লোৱা নাছিল, বৰঞ্চ সঠিকভাৱে প্ৰশিক্ষিত নাৰ্চিং কৰ্মচাৰীয়েহে যত্ন লৈছিল। ১৯ শতিকাৰ প্ৰথমাৰ্ধত নাৰ্ছসকল সাধাৰণতে প্ৰাক্তন চাকৰ বা বিধৱা আছিল যিয়ে আন কোনো জীৱিকা বিচাৰি নাপাই এই কামৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছিল। ফ্লৰেঞ্চে ক্ৰিমিয়া ৰণক্ষেত্ৰৰ পৰা ঘূৰি অহাৰ পিছত চিকিৎসাসেৱাৰ ক্ষেত্ৰত এক বিপ্লৱ আনিছিল। তেওঁ উচ্চপদস্থ ব্যক্তিৰ সৈতে যোগাযোগৰ সুবিধা লাভ কৰিছিল আৰু এই সুবিধাক ব্যৱহাৰ কৰি এনে বহু কাম সাধন কৰিবলৈ সক্ষম হৈছিল। ফ্লৰেঞ্চ আছিল জেদী স্বভাৱৰ, নিজৰ মতত স্থিৰ আৰু নিৰ্ভিক। সমালোছনাৰ মাজতো অসাধ্য সাধন কৰিবলৈ এই গুণবোৰৰ অতি প্ৰয়োজন আছিল।

১৮৬০ চনৰ মাজভাগত লুইচ পাষ্টুৰ আৰু জুচেফ লিষ্টাৰৰ পৰীক্ষাৰ আগতে বীজাণু তত্ত্বক কোনোৱেই গুৰুত্বসহকাৰে লোৱা নাছিল; তাৰ পিছতো বহু চিকিৎসা বিজ্ঞানীয়ে পতিয়ন যোৱা নাছিল। অথচ ১৮৮০ চনৰ আৰম্ভণিতে বষ্ট্ৰিজে আঙুলিয়াই দিয়ে যে নাইটিংগেলে বীজাণু নাশৰ বাবে কঠোৰ সাৱধানতাৰ পোষকতা কৰি এখন পাঠ্যপুথিৰ বাবে এটা প্ৰবন্ধ লিখিছিল। নাইটিংগেলৰ এই কামে আমেৰিকাৰ গৃহযুদ্ধত নাৰ্ছসকলক প্ৰেৰণা দিছিল। কেন্দ্ৰীয় চৰকাৰে ফিল্ড মেডিচিনৰ আয়োজনত পৰামৰ্শ বিচাৰি তাইৰ কাষ চাপিছিল। তেওঁৰ ধাৰণাসমূহে আমেৰিকাৰ অনাময় আয়োগৰ স্বেচ্ছাসেৱী সংস্থাটোক অনুপ্ৰাণিত কৰিছিল। নাইটিংগেলে স্বায়ত্তশাসিত নাৰ্চিং নেতৃত্বৰ পোষকতা কৰিছিল আৰু তেওঁৰ নতুন শৈলীৰ মেট্ৰনসকলৰ নাৰ্চিং কৰ্মচাৰীসকলৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু অনুশাসন আছিল।৩৫

১৮৮২ চনলৈকে কেইবাগৰাকীও নাইটিংগেল নাৰ্ছ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ৰ মেট্ৰন হৈ পৰিছিল, য'ত আছিল, লণ্ডনত (চেণ্ট মেৰীছ হাস্পতাল, ৱেষ্টমিনিষ্টাৰ হাস্পতাল, ছেইণ্ট মেৰিলবন ৱৰ্কহাউছ ইনফৰ্মাৰী আৰু পুটনীৰ হস্পিতাল ফৰ ইনকিউৰেবলছ) আৰু সমগ্ৰ ব্ৰিটেইনত (ৰয়েল ভিক্টোৰিয়া হাস্পতাল, নেটলি; এডিনবাৰ্গ ৰয়েল ইনফৰ্মাৰী, কাম্বাৰলেণ্ড ইনফৰ্মাৰী আৰু লিভাৰপুল ৰয়েল ইনফৰ্মাৰী), লগতে নিউ চাউথ ৱেলছৰ ছিডনী হাস্পতালত, অষ্ট্ৰেলিয়া।৩৬

১৮৮৩ চনত নাইটিংগেল ৰয়েল ৰেড ক্ৰছৰ খিতাপ লাভকৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়। ১৯০৪ চনত তেওঁক অৰ্ডাৰ অৱ চেণ্টজন (LGStJ)ৰ লেডী অৱ গ্ৰেচ নিযুক্তি দিয়া হয়।

১৯০৭ চনত তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে অৰ্ডাৰ অৱ মেৰিট লাভ কৰে। পিছৰ বছৰত তেওঁক লণ্ডন চহৰৰ সন্মানীয় স্বাধীনতা প্ৰদান কৰা হয়।

তেওঁৰ জন্মদিনটো ১২ মে' এতিয়া আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়।৩৭

১৮৫৭ চনৰ পৰা নাইটিংগেল মাজে মাজে ৰুগ্ন আৰু হতাশাত ভুগিছিল। শেহতীয়াকৈ প্ৰকাশিত জীৱনীত নাইটিংগেল বিশেষভাৱে চৰম ৰূপৰ ব্ৰুচেল'ছিছ আৰু স্পণ্ডাইলাইটিছ ত আক্ৰান্ত হৈছিল বুলি উল্লেখ আছে।৩৮কিন্তু সেই অৱস্থাতো তেওঁ সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণভাৱে লাগিয়েই থাকিল। বিছনাত পৰি থকা দীঘলীয়া সময় চোৱাতো তেওঁ চিকিৎসালয় পৰিকল্পনাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে সমগ্ৰ ব্ৰিটেইনৰ লগতে গোটেই বিশ্বতে দ্ৰুতগতিত প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল। সেই সময়ছোৱাত দৃষ্টিশক্তি আৰু মানসিক ক্ষমতা হ্ৰাস পোৱাৰ বাবে তেওঁ অতি কম লিখিছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি আগ্ৰহ বজাই ৰাখিছিল।৮

মৃত্যু

১৯১০ চনৰ ১৩ আগষ্টত লণ্ডনৰ মেফেয়াৰস্থিত ১০ চাউথ ষ্ট্ৰীটত থকা কোঠাত শান্তিৰে টোপনিগৈ থকা অৱস্থাতে ফ্লৰেন্স নাইটিংগেলৰ মৃত্যু হয়।৩৯তেওঁৰ আত্মীয় সকলে ৱেষ্টমিনিষ্টাৰ এবেত সমাধিস্থ কৰাৰ প্ৰস্তাৱ নাকচ কৰে আৰু তেওঁক হেম্পশ্বাৰৰ ইষ্ট ৱেলোৰ ছেইণ্ট মাৰ্গাৰেট চাৰ্চৰ গীৰ্জাৰ চোতালত এম্বলি পাৰ্কৰ ওচৰত সমাধিস্থ কৰা হয়। তেওঁৰ স্মৃতিসৌধত কেৱল তেওঁৰ আদ্যক্ষৰ আৰু জন্ম-মৃত্যুৰ তাৰিখ উল্লেখ আছে।৪০৪১ তেওঁ বহুতো কাম এৰি থৈ গৈছিল, য'ত কেইবাশ অপ্ৰকাশিত টোকাও আছিল।৪২ ১৯১৩ চনত ফ্ৰান্সিছ উইলিয়াম ছাৰ্জেণ্টে কাৰাৰা মাৰ্বলত নাইটিংগেলৰ এটা স্মৃতিসৌধ তৈয়াৰ কৰিছিল আৰু ইটালীৰ ফ্ল'ৰেন্সৰ বেচিলিকা অৱ চাণ্টা ক্ৰ'চৰ মঠত স্থাপন কৰিছিল।৪৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Strachey, Lytton. (1918). Eminent Victorians. Chatto and Windus
  2. ↑ Swenson, Kristine. (2005). Medical Women and Victorian Fiction. University of Missouri Press. পৃ. 15. ISBN 978-0-8262-6431-2
  3. ↑ Aaron Ralby. (2013). Atlas of Military History. Parragon. পৃ. 281. ISBN 978-1-4723-0963-1
  4. ↑ Petroni, A. (1969). The first nursing school in the world—St. Thomas Hospital School in London. Munca Sanit. পৃ. 449–454
  5. ↑ Shiller, Joy. (1 December 2007). The true Florence: Exploring the Italian birthplace of Florence Nightingale
  6. ↑ "Florence Nightingale" . JMVH.org. Retrieved 17 June 2020
  7. ↑ Nightingale, Florence. (2003). Florence Nightingale on Mysticism and Eastern Religions. Collected Works of Florence Nightingale. Wilfrid Laurier University Press. ISBN 978-0-88920-413-3
  8. ↑ Nightingale, Florence. (2010). Florence Nightingale: The Crimean War. Collected Works of Florence Nightingale. Wilfrid Laurier University Press. ISBN 978-0-88920-469-0
  9. ↑ Pedigree of Shore of Sheffield, Meersbrook, Norton and Tapton. Rotherham Web
  10. ↑ Cromwell, Judith Lissauer. (2013). Florence Nightingale, feminist. McFarland et Company. পৃ. 28. ISBN 978-0-7864-7092-1
  11. ↑ Small, Hugh. (2017). Florence Nightingale and Her Real Legacy. Robinson. পৃ. 1–19
  12. ↑ Bostridge, Mark (2008). Florence Nightingale. pg. 8. London
  13. ↑ (28 December 2016). Life and death of Florence Nightingale's beloved pet. Trinity College, Cambridge
  14. ↑ Chaney, Edward. (2006). Sites of Exchange European Crossroads and Faultlines. Rodopi. পৃ. 39–74
  15. ↑ History of Harley Street. Harley Street Guide (commercial website)
  16. ↑ Shining a light on 'The Lady with the Lamp'. Unison magazine
  17. ↑ Gill, Christopher J.; Gill, Gillian C. (June 2005). Nightingale in Scutari: Her Legacy Reexamined. Clinical Infectious Diseases. পৃ. 1799–1805
  18. ↑ Mary Jo Weaver. (1985). New Catholic Women: a Contemporary Challenge to Traditional Religious Authority. Harper and Row. পৃ. 31 citing Hartley, Olga. (1935). Women and the Catholic Church. Buns, Oates & Washbourne. পৃ. 222–223
  19. ↑ Patrick Waddington (January 2007) [first published 2004]. "Mohl, Mary Elizabeth (1793–1883)". Oxford Dictionary of National Biography (online ed.). Oxford University Press. Accessed 7 February 2015
  20. ↑ "Report on Medical Care". . United Kingdom: The National Archives (WO 33/1 ff.119, 124, 146–7). 23 February 1855
  21. ↑ (19 March 2015). History. The Global Handwashing Partnership
  22. ↑ Nightingale, Florence. (1999). Florence Nightingale: Measuring Hospital Care Outcomes. Joint Commission on Accreditation of Healthcare Organizations. ISBN 978-0-86688-559-1
  23. ↑ Small, Hugh. (1998). Florence Nightingale, Avenging Angel. Constable. পৃ. 861
  24. ↑ Nightingale, Florence. (1914). Florence Nightingale to Her Nurses: A Selection From Miss Nightingale's Addresses to Probationers and Nurses of the Nightingale School at St Thomas's Hospital. Macmillan
  25. ↑ McDonald, Lynn, ed. Florence Nightingale: The Crimean War in Collected Works. vol. xiv, 2010, pp. 65, 384 & 1038
  26. ↑ Small, Hugh. (2017). Florence Nightingale and Her Real Legacy. Robinson. পৃ. 171–179
  27. ↑ Longfellow, Henry Wadsworth. (November 1857). Santa Filomena. The Atlantic Monthly. পৃ. 22–23
  28. ↑ Miles, Rosalind. (23 April 2020). Rebel Women, Florence Nightingale. Hachette UK. Little, Brown Book Group
  29. ↑ Martini, Mariano; Lippi, Donatella. (15 September 2021). SARS-CoV-2 (COVID-19) and the Teaching of Ignaz Semmelweis and Florence Nightingale: a Lesson of Public Health from History, after the "Introduction of Handwashing" (1847). Journal of Preventive Medicine and Hygiene. পৃ. 621–624
  30. ↑ (2014). The Role of Anesthesiology in Global Health: A Comprehensive Guide. Springer. পৃ. 9
  31. ↑ Karimi, H.; Masoudi Alavi, N. (2015). Florence Nightingale: The Mother of Nursing. National Institutes of Health. পৃ. e29475
  32. ↑ Karimi, H.; Masoudi Alavi, N. (2015). Florence Nightingale: The Mother of Nursing. National Institutes of Health. পৃ. e29475
  33. ↑ Nightingale, Florence. (1974). Notes on Nursing: What it is and what it is not. Blackie & Son. ISBN 978-0-216-89974-2
  34. ↑ Nightingale, Florence. (1974). Notes on Nursing: What it is and what it is not. Blackie & Son. ISBN 978-0-216-89974-2
  35. ↑ (1910). The Sanitary Commission—The Red Cross. Cambridge University Press
  36. ↑ (26 October 2017). Bicentenary of a hospital built from a rum deal. Sydney Morning Herald
  37. ↑ May 12th International Awareness Day
  38. ↑ Bostridge (2008)
  39. ↑ (15 August 1910). Miss Nightingale Dies, Aged Ninety. The New York Times
  40. ↑ Photograph of Nightingale's grave . countryjoe.com
  41. ↑ Florence Nightingale: The Grave at East Wellow. Countryjoe.com
  42. ↑ Kelly, Heather (1998). Florence Nightingale's autobiographical notes: A critical edition of BL Add. 45844 (England) (M.A. thesis) Wilfrid Laurier University
  43. ↑ Vojnovic, Paola. (2013). Florence Nightingale: The Lady of the Lamp' in ''Santa Croce in Pink: Untold Stories of Women and their Monuments. Adriano Antonioletti Boratto. পৃ. 27

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিসমাজ সংস্কাৰকধাত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্লোৰেন্স নাইটিংগেল” প্ৰবন্ধৰ সংশোধন ৬৩১২১৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।