এডমাণ্ড হেলি (বা এডমণ্ড হেলি; Edmond Halley১ বা Edmund Halley২; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত। জন ফ্লেমষ্টীডৰ উত্তৰাধিকাৰ লাভ কৰি এডমাণ্ড হেলি যুক্তৰাজ্যৰ দ্বিতীয়জন ৰাজকীয় জ্যোতিৰ্বিদ হৈছিল।
প্ৰাৰম্ভিক জীৱন
১৬৫৬ চনৰ ৮ নৱেম্বৰত পূৱ লণ্ডনৰ হেগাৰষ্টন নামে ঠাইত এডমাণ্ড হেলিৰ জন্ম হৈছিল। হেলিৰ পিতৃৰ নাম আছিল এডমণ্ড আৰু মাতৃৰ নাম আছিল এনি। শিশু অৱস্থাত হেলি গণিতৰ প্ৰতি বিশেষ আগ্ৰহী আছিল। ছেইণ্ট পলচ স্কুল আৰু কুইনচ্ কলেজ, অক্সফ'ৰ্ডৰ পৰা হেলিয়ে প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। স্নাতক ছাত্ৰাৱস্থাতেই হেলিয়ে সৌৰজগত আৰু সৌৰ কলংকৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।৩
জীৱিকা
প্ৰকাশন আৰু উদ্ভাৱন
অক্সফৰ্ড বিশ্ববিদ্যালয়ত থকা সময়ছোৱাত ৰাজকীয় জ্যোতিৰ্বিদ জন ফ্লেমষ্টীডৰ সৈতে হেলিৰ পৰিচয় ঘটে। ফ্লেমষ্টীডৰ উত্তৰ গোলাৰ্ধৰ তৰাবোৰৰ সূচী সংকলন কৰা প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱান্বিত হৈ হেলিয়ে দক্ষিণ গোলাৰ্ধৰ বাবেও তেনে কৰিবলৈ প্ৰস্তাব ৰাখিছিল।৪ ১৬৭৬ চনত হেলিয়ে ছেইণ্ট হেলেনাৰ দক্ষিণ আটলাণ্টিক দ্বীপত উপস্থিত হৈছিল আৰু দক্ষিণ গোলাৰ্ধৰ তৰাবোৰৰ সূচী সংকলন কৰাৰ উদ্দেশ্যে তাত এটা ডাঙৰ ছে'ক্সটেণ্ট তথা টেলিস্কপ যন্ত্ৰসহ পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপন কৰে।৫
বাহ্যিক সংযোগ
- এডমাণ্ড হেলি জীৱনী (SEDS)
- A Halley Odyssey
- The National Portrait Gallery (London) has several portraits of Halley: Search the collection
- Halley, Edmond, An Estimate of the Degrees of the Mortality of Mankind (1693)
- Halley, Edmond, Some Considerations about the Cause of the Universal Deluge (1694)
- Material on Halley's life table for Breslau on the Life & Work of Statisticians site: Halley, Edmond
- Halley, Edmund, Considerations on the Changes of the Latitudes of Some of the Principal Fixed Stars (1718) – Reprinted in R. G. Aitken, Edmund Halley and Stellar Proper Motions (1942)
- Halley, Edmund, A Synopsis of the Astronomy of Comets (1715) annexed on pages 881 to 905 of volume 2 of The Elements of Astronomy by David Gregory
- Online catalogue of Halley's working papers (part of the Royal Greenwich Observatory Archives held at Cambridge University Library)
- Halley, Edmond (1724) "Some considerations about the cause of the universal deluge, laid before the Royal Society, on the 12th of December 1694" and "Some farther thoughts upon the same subject, delivered on the 19th of the same month" Philosophical Transactions, Giving Some Account of the Present Undertakings, Studies, and Labours of the Ingenious, in Many Considerable Parts of the World. Vol. 33 p. 118-125. - digital facsimile from Linda Hall Library
তথ্যসূত্ৰ
- ↑ The Times (London) Notes and Queries No. 254, 8 November 1902 p.36
- ↑ Hughes, David W.; Green, Daniel W. E. (January 2007). Halley's First Name: Edmond or Edmund. International Comet Quarterly. Harvard University. পৃ. 14
- ↑ Oxford Dictionary of National Biography. (2004). Edmond Halley. Westminster Abbey
- ↑ BBC. Edmond Halley (1656-1742)
- ↑ Ian Ridpath. Edmond Halley's southern star catalogue
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডমাণ্ড হেলি” প্ৰবন্ধৰ সংশোধন ৪২৫৭৯২ (১৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।