আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল।
জন্ম আৰু বংশ পৰিচয়
১৮৪৭ চনৰ ৩ মাৰ্চত ইংলেণ্ডৰ এডিনবাৰ্গ চহৰত আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হয়।১তেখেতৰ পিতৃৰ নাম আলেকজেণ্ডাৰ মেলভিল বেল আৰু মাতৃৰ নাম এলিজা গ্ৰেইস সাইমন্ডস বেল।
শিক্ষা
গ্ৰাহাম বেলে এডিনবাৰ্গ স্কুল আৰু পিছলৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত ইয়াতেই স্নাতক ডিগ্ৰী লাভ কৰি লণ্ডন বিশ্ববিদ্যালয়ত নাম লগায়।২ শেষত জাৰ্মানীৰ উজবাৰ্গ বিশ্ববিদ্যালয় পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে।৩
চাকৰি জীৱন
উদ্ভাৱক আৰু বিজ্ঞানী হিচাপে তেওঁ কৰ্মজীৱন আগবঢ়ায়।
পৰিচিতৰ কাৰণ
প্ৰথম টেলিফোন আৱিষ্কাৰক হিচাপে খ্যাত। ১৮৭৬ চনৰ জানুৱাৰী মাহত গ্ৰাহাম বেলে টেলিফোন যন্ত্ৰ আবিষ্কাৰ কৰি উলিয়াই।৪
বঁটা আৰু সন্মান
- ১৮৮৩ চনত নেচনেল একাডেমী অৱ চাইন্সৰ সদস্য পদ লাভ।
- ১৯০২ চনত আলবাৰ্ট মেডেল লাভ কৰে।
- ১৯১৪ চনত আই এডিসন মেডেল লাভ কৰে।
মৃত্যু
১৯২২ চনত দুই আগষ্ট তাৰিখে গ্ৰাহাম বেলৰ মৃত্যু হয়।৫
তথ্যসূত্ৰ
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৪
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা:১৩৪
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৪
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৫
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেকজেণ্ডাৰ গ্ৰাহাম বেল” প্ৰবন্ধৰ সংশোধন ৬০৫৮৭২ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।