জৰ্জ বাৰ্ণাৰ্ড শ্ব (George Bernard Shaw) আছিল এগৰাকী ব্ৰিটিছ-আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী। ইংৰাজী নাট্য সাহিত্যত ৱিলিয়াম শ্বেইক্সপিয়াৰৰ পাছতে যিজন নাট্যকাৰৰ স্থান তেওঁ হ’ল জৰ্জ বাণাৰ্ড শ্ব। এক নতুন দৃষ্টিভঙ্গীৰে ভালেমান নাটক লিখি তেওঁ ইংৰাজী নাট্য সাহিত্যক চহকী কৰি থৈ গৈছে। শ্বৰ ভালেমান নাটক বিশ্বসাহিত্যৰ অমূল্য সম্পদ। ১৯২৫ চনত বাণাৰ্ড শ্বক সাহিত্যৰ ন'বেল বঁটা দিয়া হয়। তেখেতক ফ্ৰিডম অৱ ডাব্লিন, ফ্ৰিডম অফ দা বৰাফ অফ এচ টি পনক্ৰাচ আদি নাগৰিক সম্মান দিয়া হৈছিল। লণ্ডনত থকা এই সময়তে তেওঁ ফেবিয়ান চচাইটিৰো সদস্য হয়।১
জন্ম আৰু বংশ পৰিচয়
১৮৫৬ চনৰ ২৬ জুলাই তাৰিখে ডাব্লিনত জৰ্জ বাণাৰ্ড শ্বৰ জন্ম হয়। দেউতাকৰ নাম জৰ্জ কাৰ শ্ব আৰু মাকৰ নাম এলিজাবেথ। দেউতাকে চৰকাৰী চাকৰি কৰিছিল। শ্বৰ মাক এলিজাবেথৰ সঙ্গীতৰ প্ৰতি যথেষ্ট অনুৰাগী আছিল। শ্বৰ পৰিয়ালত সঙ্গীত চৰ্চা পুৰ্ণদমেই চলিছিল। ১৮৯৮ চনত বাণাৰ্ড শ্বই চাৰ্লটি পেইন টাউনচেদক বিয়া কৰাইছিল।১
শিক্ষা
বাণাৰ্ড শ্বৰ তেনে কোনো আনুষ্ঠানিক উচ্চ শিক্ষা নাছিল বুলিবই পাৰি। দহ বছৰ বয়সতে শ্ব ওয়েচলিন কানেক চানাচ স্কুলত ভৰ্তি হয়। স্কুলেৰ দেওনা পাৰ হৈ কলেজৰ দুটামান শ্ৰেণী পঢ়ি বাণাৰ্ড শ্বই পঢ়া শুনা বাদ দিলে। সেইবাবে তেখেতৰ বিশ্ববিদ্যালয়ৰ কোনো ডিগ্ৰী নাই।১
কৰ্ম জীৱন
বাণাৰ্ড শ্বই পঢ়া শুনা আধৰুৱাকৈ এৰি জীৱিকাৰ সন্ধান কৰে আৰু লেগু এজেণ্ট ৰূপে নিযুক্তি লাভ কৰে। এই কামতো তেওঁ স্বকীয়ভাৱে থাকিবলৈ মন নকৰিলে। মাত্ৰ পাঁচ বছৰ এই কামত থাকি এই কামো বাদ দিয়ে। চাকৰিত খুব কম সময়তে বাণাৰ্ড শ্বৰ পদোন্নতি হৈছিল যদিও লেখক হোৱাৰ মনস্থ কৰি তেওঁ সেই চাকৰি বাদ দিয়ে। ইয়াৰোপৰি তেওঁ সাংবাদিকতা কৰিবলৈও মন মেলে। কিন্তু ২৯ বছৰ বয়স পৰ্যন্ত কোনোটো কামতে কৃতকাৰ্য হোৱা নাছিল।
সাহিত্যৰাজি
- দি কুইনটেনেঞ্চ অফ ইফচেনিজিম
উপন্যাস ১৮৭৯ চনৰ পৰা ১৮৮২ চনৰ ভিতৰত তেওঁ চাৰিখন উপন্যাস লিখি উলিয়ায়। সেয়া হৈছে:
- ইমমেছুৰিতি
- দি ইৰেশ্বনেল নট
- লাভ এমং দা আটিষ্ট
- কেছেল ব্ৰাইঅনচ প্ৰফেচন
নাটক
- প্লেইচ, প্নিজেন্ত এণ্ড আনপ্লিজেন্ত
- থ্ৰি প্লেইচ ফৰ পিউৰিটানচ
- কেপ্তেইন ব্ৰাচবাউণ্ড কনভাৰচেচন
- কেইচাৰ এণ্ড ক্লিঅপাত্ৰ
- মেন এণ্ড ছুপাৰমেন
- জন বোলছ আদাৰ আইলেণ্ড
- উইদৱাৰচ নাটক
- মিষ্টাৰ ৱাৰেনচ প্ৰফেছন
- আৰমচ এণ্ড দা মেন
- কেনদিদা
- ফিলেনদিৰাৰ
- চেনিটি অফ আৰৰ্ট
- ইউ কেন নেভাৰ ফেল
- জন বোলছ হাৰ্টব্ৰেক হাউচ
- আদাৰ আইলেণ্ড
- মেজৰ বাববৰা
- দা ডক্টৰ দিলেমা
- গেটিং মেৰিড
- এনড্ৰকলছ এণ্ড দি লায়ন
- কমনচেঞ্চ এবাউট দা ৱাৰ
- হাৰ্টব্ৰেক হাউচ
- বেক টু মেথুছেলাহ
- চেইণ্ট জয়ান
- এফল কাৰ্ট
- মিছালিয়েঞ্চ
- দেভিলচ দিচিপুল
- ফেনিষ্ট ফাষ্ট প্লে
- মেন অৱ ডেবিলিয়নচ
- বিউয়েণ্ট বিলিয়নচ
বঁটা আৰু সম্মান
১৯২৫ চনত বাণাৰ্ড শ্বক সাহিত্যৰ ন'বেল বঁটা দিয়া হয়। তেখেতক সম্মান হিচাপে ফ্ৰীডম অফ ডাব্লিন, ফ্ৰীডম অফ দা বৰাফ অফ এচ টি পেনক্ৰাচ আদি প্ৰদান কৰা হয়।১
মৃত্যু
১৯৫০ চনৰ ২ নবেম্বৰত এই বিশ্ববিখ্যাত নাট্যকাৰজনৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ কেইজনমান নৱেল বিজয়ী সাহিত্যিক, নৱকান্ত বৰদলৈ, প্ৰথম প্ৰকাশ: ২০০০, পৃষ্ঠা নং: ২৫-২৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ বাৰ্ণাৰ্ড শ্ব” প্ৰবন্ধৰ সংশোধন ৩৬৮৬৭০ (১৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।