অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টিম বাৰ্নাৰ্ছ লী

ছাৰ টিমথী জন "টিম" বাৰ্ণাৰ্ছ-লী (Sir Timothy John "Tim" Berners-Lee), (জন্ম ৮ জুন ১৯৫৫), বা "TimBL", এজন ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ছাৰ টিমথী জন "টিম" বাৰ্ণাৰ্ছ-লী (Sir Timothy John "Tim" Berners-Lee), (জন্ম ৮ জুন ১৯৫৫), বা "TimBL", এজন ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। এক তথ্য ব্যৱস্থাপনা প্ৰণালীৰ বাবে ১৯৮৯ চনত তেওঁ এটা প্ৰস্তাৱ দিছিল।১সেইমতেই নৱেম্বৰৰ মাজভাগত এটা Hypertext Transfer Protocol (HTTP) ক্লায়েণ্ট আৰু চাৰ্ভাৰৰ মাজত তেওঁ ইণ্টাৰনেটৰ জৰিয়তে তথ্যৰ আদান-প্ৰদান কৰিবলৈ সমৰ্থ হয়।২

বাৰ্ণাৰ্ছ-লীয়ে ৱেবৰ বিকাশক ওপৰত চকু ৰখা ৱৰ্ল্ড ৱাইড ৱেব কন্‌চৰ্টিয়ামৰ নিৰ্দেশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৱৰ্ল্ড ৱাইড ৱেব ফাউণ্ডেচনৰো প্ৰতিষ্ঠাতা আৰু MIT-ৰ কম্পিউটাৰ চায়েঞ্চ আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লেবৰেটৰীৰ (CSAIL)ৰ প্ৰতিষ্ঠাপক আসনৰ অধিকাৰী।৩ তেওঁ ৱেব চায়েঞ্চ ৰিছাৰ্চ ইনিচিয়েটিভ (WSRI)-ৰ নিৰ্দেশক,৪ আৰু MIT Center for Collective Intelligence-ৰ উপদেষ্টা সমিতিৰ এজন সদস্য।৫৬

২০০৪ চনত বাৰ্ণাছ-লীক তেওঁৰ কৰ্মৰাজীৰ বাবে ৰাণী এলিজাবেথ দ্বিতীয়ই নাইটহুড সন্মান প্ৰদান কৰে।৭৮ ২০০৯ চনৰ এপ্ৰিলত United States National Academy of Sciences-ৰ এজন বিদেশী সদস্যৰূপে তেওঁক মনোনীত কৰা হয়।৯ ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত তেওঁক "ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক"ৰূপে সন্মান জনোৱা হৈছিল। সেই অনুষ্ঠানত এটা পুৰণি NeXT কম্পিউটাৰৰ সৈতে তেওঁ নিজেই লণ্ডন অলিম্পিক ষ্টেডিয়ামত উপস্থিত আছিল। তেওঁ "This is for everyone" বুলি এটা টুইট কৰিছিল, যিটো আশী হাজাৰ দৰ্শকৰ আসনত লাগি থকা LCD লাইটৰ সহায়ত দৃশ্যমান কৰা হৈছিল।

অতিৰিক্ত পঠন

তথ্যসূত্ৰ

  1. ↑ info.cern.ch – Tim Berners-Lee's proposal. Info.cern.ch
  2. ↑ Tim Berners Lee's own reference. The exact date is unknown
  3. ↑ Draper Prize. Massachusetts Institute of Technology
  4. ↑ People. The Web Science Research Initiative
  5. ↑ MIT Center for Collective Intelligence (homepage). Cci.mit.edu
  6. ↑ MIT Center for Collective Intelligence (people). Cci.mit.edu
  7. ↑ (31 December 2003). Web's inventor gets a knighthood. BBC News
  8. ↑ (16 July 2004). Creator of the web turns knight. BBC News
  9. ↑ Timothy Berners-Lee Elected to National Academy of Sciences. Dr. Dobb's Journal

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানীযুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিম বাৰ্নাৰ্ছ লী” প্ৰবন্ধৰ সংশোধন ৩৮১১৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।