চাৰ্লচ ডিকেন্স (Charles Dickens, সম্পূৰ্ণ নাম Charles John Huffam Dickens); ৭ ফেব্ৰুৱাৰী, ১৮১২ – ৯ জুন, ১৮৭০১) এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে। চাৰ্লচ ডিকেন্সৰ জন্ম ইংলেণ্ডৰ পৰ্টচ মাউঠ নামে ঠাইত ১৮১২ চনত হৈছিল২। চাৰ্লচৰ ১২ বছৰ বয়সত দেউতাক জন ডিকেঞ্চ ঋণৰ দায়ত পৰি জেললৈ যাবলগীয়া হয়। দেউতাকৰ ঋণ পৰিশোধ আৰু সংসাৰ চলোৱাৰ গুৰু দায়িত্ব মূৰ পাতি লৈ সেই বয়সতে চাৰ্লচে মজুৰি কৰিবলৈ লয়। কিন্তু অশেষ কষ্ট স্বীকাৰ কৰিও তেওঁ দেউতাকৰ ঋণৰ ৪০ পাউণ্ড ধন উপাৰ্জন কৰিবলৈ অক্ষম হয়। কাৰখানাত মজুৰি কৰি দিনে মাত্ৰ ১ চিলিং উপাৰ্জন হয়। ইয়াৰেই নিজৰ থকা-খোৱাৰ বন্দৱস্তৰ লগতে পঢ়া-শুনাৰ খৰচো আছে। দেউতাক জন ডিকেঞ্চে ঋণৰ ধন আদায় দিব নোৱাৰাৰ বাবে জেলত তিনিমাহ ম্যাদ সম্পূৰ্ণ কৰিবলগীয়া হয়। তিনিমাহৰ মূৰত জেলৰ পৰা ওলাই জন ডিকেন্সে পুনৰ চাকৰিত ধৰে আৰু চাৰ্লচক স্কুললৈ যোৱাৰ সুবিধা কৰি দিয়ে৩।
কৰ্মজীৱন
১৮২৭ চনত, ১৫ বছৰ বয়সত স্কুল এৰি চাৰ্লচ লণ্ডনৰ এখন ’চলিচিটৰ ফাৰ্ম’ত (আইন-কানুন সম্পৰ্কীয় পৰামৰ্শ দিয়া প্ৰতিষ্ঠান) কেৰেণীৰ চাকৰিত সোমায়। দিনটো আইন-কানুন সম্পৰ্কীয় নথি-পত্ৰৰ মাজত বন্দী হৈ থাকি অফিচ ছুটিৰ পাছত চাৰ্লচ থিয়েটাৰ চাবলৈ যায়। মঞ্চস্থ একোখন নাটক চাই থাকোঁতে মনে মনে কল্পনা কৰে এজন অভিনেতা হোৱাৰ বা কেতিয়াবা হয়তো নাট্যকাৰ হোৱাৰ। কেতিয়াবা সেই নাটকৰ কপি কিনি আনি ঘৰত আইনাৰ সন্মুখত থিয় হৈ অভিনয়ৰ অনুশীলন কৰে। অৱশ্যে অভিনেতা বা নাট্যকাৰ নহ’লেও এই অনুশীলনে তেওঁ পৰৱৰ্তী জীৱনত বহুতো কথাত সহায় কৰে৩।
১৮৩২ চনত ডিকেন্স লণ্ডনৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতৰ সম্পাদনা বিভাগত যোগ দিলে। এই কাকতৰ সংবাদদাতা হিছাপে চাৰ্লচে ’হাউচ অব কমন্চ’লৈ যোৱাৰ সুবিধা পায়। এই সময়ত ইংল্যণ্ডৰ সংসদীয় গণতন্ত্ৰত থকা কেতবোৰ আসোঁৱাহৰ শুধৰণিৰ প্ৰয়োজনীয়তা সম্পৰ্কে চাৰ্লচ ডিকেন্সে সংসদ তথা ইংলেণ্ডৰ জনসাধাৰণক সজাগ কৰি দিয়ে, কাকতত তেওঁৰ লিখনিৰ জৰিয়তে।

সংসদ অধিবেশন সমূহৰ মাজে মাজে চাৰ্লচক দেশৰ বিভিন্ন অংশত ৰাজনৈতিক নেতাসকলে দিয়া ভাষণ আদিৰ ওপৰত সংবাদ প্ৰেৰণ কৰিবৰ বাবে পঠোৱা হয়। এই কামত চাৰ্লচ ডিকেন্সে যথেষ্ট সুনাম অৰ্জন কৰে। যিকোনো ঘটনা বিশেষৰ বৰ্ণনা তেওঁৰ লিখনিত ইমান সজীৱ হৈ উঠে যে পিছলৈ কেৱল চাৰ্লচৰ লিখনিৰ বাবেই সেই কাকতৰ বিক্ৰী বৃদ্ধি পাবলৈ ধৰে। কৰ্তৃপক্ষই তেওঁৰ দৰমহা বঢ়াই দিয়ে। কিন্তু এই বৰ্দ্ধিত উপাৰ্জনেৰেও তেওঁৰ পৰিয়ালৰ দুখ দৈন্য সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ অসমৰ্থ হয়। কাৰণ সদায় দেনাৰ ওপৰতে চলা দেউতাকৰ ধাৰ-ঋণ গ্ৰহণ কৰাৰ প্ৰকোপ দিনে দিনে বাঢ়িহে যায়। এই আৰ্থিক সংকটৰ পৰা মুক্তি পোৱাৰ আশাৰে চাৰ্লচ ডিকেন্সে উপৰুৱাকৈ আৰু দুই-এখন মাহেকীয়া –পষেকীয়া কাকতত লিখিবলৈ ধৰে।
ইংল্যণ্ডৰ বিভিন্ন পত্ৰ-পত্ৰিকাত প্ৰকাশিত ডিকেঞ্চৰ লিখনিৰ ওপৰত ইতিমধ্যে ’লিটাৰেৰী গেজেট’ (Literary gazette) কৰ্তৃপক্ষৰ চকু পৰে। যিকোনো ধৰণৰ লিখনিৰ সমীক্ষা আৰু সমালোচনাৰে এই কাকতৰ ওপৰত নিৰ্ভৰ কৰিছিল সেই কালৰ বহুতো উদীয়মান লেখকৰ ভৱিষ্যত। ডিকেন্সৰ প্ৰথমাৱস্থাৰ লিখনিসমূহৰ ওপৰত এই কাকতে কৰা মন্তব্য আৰু ভূয়সী প্ৰশংসাই তেওঁক বিশেষভাৱে অনুপ্ৰাণিত কৰে আৰু তেতিয়াই তেওঁ ভৱিষ্যত জীৱনত এখন লিখক হোৱাৰ স্থিৰ সংকল্প গ্ৰহণ কৰে।
ডিকেন্সৰ ২৪ বছৰ বয়সত প্ৰকাশ পায় তেওঁৰ ’স্কেটচেজ বাই বজ: ইলাষ্ট্ৰেটিভ অৱ এভৰি ডে লাইফ এণ্ড এভৰি ডে পিপল’ (Sketches by Boz. Illustrative of Everyday life and Everyday People)৪। এই পুথি তেওঁ বজ (BoZ) ছদ্ম নামেৰে বিভিন্ন কাকতে-পত্ৰই প্ৰকাশ কৰা জনজীৱনৰ হাঁহি কান্দোন আৰু দৈনন্দিনতাৰ আলেখ্য সমূহৰ এখন সংকলন আছিল। এই পুথি প্ৰকাশৰ পিছত ইয়াৰ সাফল্যই ডিকেঞ্চক নতুন মনোবল দিলে১। তেওঁ সাংবাদিকতাৰ কাম সাময়িকভাৱে এৰি দি একনিষ্ঠভাৱে সাহিত্য সৃষ্টিৰ কামত মনোনিবেশ কৰিবলৈ লয়৩।
বৈবাহিক জীৱন
চাৰ্লচ ডিকেঞ্চৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত ’পিক্ উইক’ আলোচনীখনৰ প্ৰকাশ পোৱাৰ কেইমানমানৰ আগতে ডিকেঞ্চে কেট্ হগাৰ্থ নামে এগৰাকী যুৱতীৰ সৈতে বিবাহত আবদ্ধ হয়। কিন্তু প্ৰথমা পত্নীৰ সৈতে বিবাহ-বিচ্ছেদ হোৱাত ডিকেঞ্চে তেওঁৰ এগৰাকী খুলশালীয়েক, জৰ্জিয়ানাক বিয়া কৰায়। দুয়োগৰাকী পত্নীৰ ফালৰ পৰা তেওঁ মুঠতে দহোটা সন্তানৰ পিতৃ হয়৩।
সাহিত্যিক জীৱন
১৮৩৬ চনৰ মাৰ্চ মাহ্ত চাৰ্লচ ডিকেঞ্চৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত ’পিক্ উইক’ (Pickweek) আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। আকাৰত ক্ষুদ্ৰ হ’লেও এই আলোচনীয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। লিখা-মেলাৰ যোগেদি ডিকেঞ্চৰ সেই সময়ত যথেষ্ট উপাৰ্জন হৈছিল যদিও তেওঁ তেতিয়াও সেই উপাৰ্জনেৰে দেউতাকৰ ঋণ পৰিশোধ কৰোঁতেই গৈছিল। সেয়ে আৰু অধিক উপাৰ্জনৰ আশাত তেওঁ কামৰ মাত্ৰা বঢ়াই দিছিল। ডাঙৰ-সৰু, নামী-অনামী সকলো ধৰণৰ পত্ৰিকাৰ ফৰমাইচ অনুসৰি তেওঁ লিখি গৈছিল অক্লান্ত পৰিশ্ৰম কৰি। তেওঁৰ লিখনীৰ অতুলনীয় বিশিষ্ট ’ষ্টাইলে’ (Style) পাঠকৰ মন কাঢ়ি নিছিল। অতি অলপ দিনৰ ভিতৰতে তেওঁৰ সৃষ্টিৰ গৰিমাই সমসাময়িক কালৰ এজন শীৰ্ষস্থানীয় সাহিত্যিক হিছাপে প্ৰতিষ্ঠিত কৰিছিল চাৰ্লচ ডিকেঞ্চক৩।
সৃষ্টিৰাজি

১৮৪২ চনত চাৰ্লচ ডিকেঞ্চৰ দ্বাৰা ৰচিত চাৰিখন মহত্ কালজয়ী গ্ৰন্থ প্ৰকাশিত হৈ ওলাই ঠিক একে সময়তে। এই বিখ্যাত গ্ৰন্থ কেইখন হ’ল- সৰ্বজনবিদিত ’অলিভাৰ টুইষ্ট’ (Oliver Twist), ‘নিকলাচ নিকেলবী’ (Necholas Neckleby), ’দি অল্ড কিউৰচিটি ছপ’ (The Old Curiosity shop), আৰু ’বাৰ্নবি ৰজ’ (Barnaby Rudge)। অৱশ্যে ইয়াৰ আগতেই তেওঁৰ পূৰ্বৱৰ্তী ৰচনা ’পিকউইক পেপাৰচ’ (Pickweek Papers) আৰু ’স্কেট্চেজ বৈ বজ’ (Sketches by Boz) গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলায়। কিন্তু ’অলিভাৰ টুইষ্ট’ আৰু ’নিকেলবী’ৰ প্ৰকাশে তেওঁ যি অতুলনীয় যশ, খ্যাতি প্ৰদান কৰে তেনে যশস্যা বহু কমসংখ্যক লিখকৰ ভাগ্যতহে মিলিছে। এই দুই গ্ৰন্থত তেওঁ ইংল্যণ্ডৰ সমাজখনত বিৰাজমান বৈষমতা আৰু সেই সময়ৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত থকা ঘৃণনীয় বিধি-ব্যৱস্থাৰ লগতে কিছুমান সামাজিক কদৰ্য্যতাৰ ৰূপ জনসাধাৰণৰ চকুৰ আগত সুস্পষ্টভাৱে দাঙি ধৰে। সেই কালৰ ব্ৰিটিছ সাম্ৰাজ্যখনৰ ফোঁপোলা ৰূপটোও তেওঁৰ এই কেইখন গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ পায়৩।
ইয়াৰ দ্বিতীয় পৰ্যায়ত প্ৰকাশিত চাৰ্লচ ডিকেঞ্চৰ ৰচনাসমূহ হ’ল-মাৰ্টিন চাজলউইট (Martin Huzzlewit), ডম্বে এণ্ড চনচ্ (Dombay and Sons), ডেভিদ কোপাৰফিল (David Copperfield), খ্ৰীষ্টমাচ ষ্টৰিজ (Christmas Stories), ব্লীকহাউচ্ (Blead House), হাৰ্ডটাইমচ (Hard Times), আৰু লিটিল ডৰিট (Little Dorrit), এই সমূহ গ্ৰন্থৰ ৰচনা কাল হ’ল ১৮৪২/৪৩ ৰ পৰা ১৮৬২/৬৩ চন। ইয়াৰ মাজতে তেওঁৰ জীৱনত ঘটা দুটা উল্লেখযোগ্য ঘটনা হ’ল তেওঁ স্ত্ৰীৰে সৈতে বিবাহ-বিচ্ছেদ আৰু আমেৰিকা, পেৰিচ আৰু ইটালী ভ্ৰমণ৩।
চাৰ্লচ ডিকেঞ্চৰ জীৱনৰ শেষৰ কেইবছৰত ৰচিত আন তিনিখন মহত্ গ্ৰন্থ হ’ল-’এ টেল অৱ টু চিটিজ’ (A Tale of Two Cities), ’গ্ৰেট এক্সপেকটেচন (Great Expectations), আৰু আওৱাৰ মিউচুৱেল ফ্ৰেণ্ডচ্ (Our Mutual Friends)। ইয়াৰ উপৰিও অৰ্ধ সমাপ্ত হৈ থাকি যায় ’এড্উইন ড্ৰদ’ (Edwin Drood) নামৰ এখন কিতাপ৩।
মৃত্যু
’এড্উইন ড্ৰদ’ৰ ৰচনাৰ কাম চলি থকা অৱস্থাতে ১৮৭০ চনত হঠাত্ অসুস্থ হৈ পৰি মহান কথা সাহিত্যিক চাৰ্লচ ডিকেঞ্চৰ তেওঁৰ ’কেণ্ট’ৰ ঘৰত পৰলোকপ্ৰাপ্তি ঘটে।
=কৰ্মৰাজি
- (HTML and plain text)
- Works by or about Charles Dickens at ইণ্টাৰনেট আৰ্কাইভ and Google Books (scanned books)
- Works by Charles Dickens at EveryAuthor (HTML)
- Works by Charles Dickens at Dickens Literature (HTML)
- Journalism at Dickens Journals Online, an online edition of Household Words and All the Year Round
- Works by Charles Dickens at Penn State University Electronic Classics Series (PDF)
অনুষ্ঠান আৰু চ’ৰাসমূহ
- David Perdue's Charles Dickens Page
- A Dickens web page, portal.
- The Dickens Fellowship, an international society dedicated to the study of Dickens and his Writings
সংগ্ৰহালয়
- Dickens Museum Situated in a former Dickens House, 48 Doughty Street, London, WC1
- Dickens Birthplace Museum Old Commercial Road, Portsmouth
- Victoria and Albert Museum The V&A's collections relating to Dickens
অন্যান্য
- A Charles Dickens Journal Timeline of Dickens's Life
তথ্যসূত্ৰ
- ↑ Lansbury, Coral. Dickens, Charles (1812-1870). Australian Dictionary of Biography On Line Edition. Australian National University
- ↑ Dickens Family Tree website
- ↑ কনকসেন ডেকা. (১৯৯৪). ((আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি)). দিছপুৰ প্ৰিণ্ট হাউছ. পৃ. ১০৮-১১১
- ↑ Cousin, John W. (1910). Charles Dickens (1812-1870). A Short Biographical Dictionary of English Literature. University of Adelaide
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্লছ ডিকেন্স” প্ৰবন্ধৰ সংশোধন ৬২৩৪৩২ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।