অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰ্জিনিয়া উল্‌ফ

এডেলাইন ভাৰ্জিনিয়া উল্‌ফ (Adeline Virginia Woolf) আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

এডেলাইন ভাৰ্জিনিয়া উল্‌ফ (Adeline Virginia Woolf) আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়। ১

জন্ম-পৰিচয়

১৮৮২ চনত লণ্ডনৰ এটি প্ৰখ্যাত পৰিয়ালত ভাৰ্জিনিয়া উল্‌ফৰ জন্ম হয়। উল্‌ফ আছিল পিতৃ-মাতৃৰ কনিষ্ঠ সন্তান। তেওঁৰ পিতৃ লেছলি ষ্টেফেন (Leslie Stephen) আছিল এগৰাকী প্ৰবন্ধকাৰ। সেয়ে ভাৰ্জিনিয়াই নিজৰ ঘৰতে জন্মলগ্নৰে পৰা এটি সাহিত্যিক পৰিৱেশ পাইছিল। উল্‌ফে তেওঁলোকৰ গ্ৰীষ্মকালীন ঘৰৰ পৰা প্ৰথম Godrevy Lighthouse দেখা পাইছিল আৰু পাছলৈ তেখেতৰ উপন্যাস টু দ্য লাইটহাউছ (To the Lighthouse) লিখিবলৈ প্ৰভাৱান্বিত হৈছিল।২

১৮৯৫ চনত উল্‌ফৰ তেৰ বছৰ বয়সত তেওঁৰ মাতৃৰ বিয়োগ ঘটে। মাতৃৰ বিয়োগত উল্‌ফ মানসিকভাৱে ভাগি পৰে আৰু গোটেই জীৱনজুৰি এই বেদনাই তেওঁক ভাৰাক্ৰান্ত কৰি ৰাখে। ৩

তথ্যসূত্ৰ

  1. ↑ প্ৰকাশ, জানুৱাৰী সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-৪৭
  2. ↑ Barnett David. Virginia Woolf fans fight to save view that inspired 'To The Lighthouse'
  3. ↑ প্ৰকাশ, জানুৱাৰী সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-৪৭

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰ্জিনিয়া উল্‌ফ” প্ৰবন্ধৰ সংশোধন ৩০১৩১৪ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।