মাইকেল ফেৰাডে (Michael Faraday) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।১
যদিও ফেৰাডেৰ আনুষ্ঠানিক শিক্ষা একেবাৰে কম আছিল, তেওঁ আটাইটকৈ প্ৰভাৱশালী বিজ্ঞানীবোৰৰ ভিতৰত এজন আছিল। একমুখী বিদ্যুত প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বক ক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই পদাৰ্থ বিজ্ঞানৰ বিদ্যুত চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেই চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল।২৩ তেওঁৰ বিদ্যুত চুম্বকত্বৰ তত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰ বিলাক চলি আছে।
ৰসায়নবিদ হিচাপে তেও বেঞ্জিন আৱিষ্কাৰ কৰিছিল, ক্ল'ৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট(clathrate hydrate) বিষয়ে অধ্যয়ণ কৰিছিল,প্ৰাৰম্ভিক অৱস্থাৰ বুনচেন বাৰ্ণাৰ আৰু অক্সিডেচন নম্বৰ ব্যৱস্থাটো উদ্ভাৱন কৰিছিল। শেষত ফেৰাডেই ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ 'ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰী' আসনখন দখল কৰিবলৈ সক্ষম হৈছিল।
জেমচ্ ক্লাৰ্ক মেক্সৱেলৰ বিদ্যুত চুম্বকত্বৰ বিখ্যাত সমীকৰণ চাৰিটাৰ আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ফেৰাডে এজন অন্যতম সফল গৱেষণাবিদ আছিল যদিও তেওঁৰ গাণিতিক সামৰ্থ্য সাধাৰণ বীজগণিত আৰু ত্ৰিকোণমিতিতকৈ বেছি নাছিল। তথাপিও তেওঁ সহজ ভাষাত স্পষ্টকৈ তেওঁৰ ধাৰণাবোৰ বুজাব পাৰিছিল। ৪
ধাৰকত্ব(Capacitance) ৰ এছ আই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে।
১৮৩৪ চনত তেওঁ বিখ্যাত বিদ্যুৎ বিশ্লেষণ সূত্ৰ সমূহ লিপিবদ্ধ কৰে। প্ৰথম সূত্ৰটোৰ মতে, বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা উৎপন্ন কৰা পদাৰ্থৰ ভৰ বিশ্লেষ্য পদাৰ্থবিধৰ মাজেৰে পঠোৱা বিদ্যুতৰ পৰিমাণৰ সমানুপাতিক। দ্বিতীয় সূত্ৰটোৰ মতে, একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহৰ বাবে বিদ্যুৎ বিশ্লেষণত নিৰ্গত ভিন ভিন পদাৰ্থৰ ভৰ কিমান হব সেয়া পদাৰ্থবোৰৰ ৰসায়নিক তুলাংক ভৰৰ দ্বাৰা ( Chemical Equivalent Weight) নিৰ্ধাৰিত হয়। আজি আমি ব্যৱহাৰ কৰা এনোড, কেথোড, আয়োনাইজেছন আদি শব্দ ফেৰাডেই প্ৰথম ব্যৱহাৰ কৰিছিল।
তথ্যসূত্ৰ
- ↑ সমাজলৈ বিপ্লৱ অনা বিজ্ঞানীসকল, মূল কে.ভি. গোপালকৃষ্ণণ, অনুঃ ভৱেশ মহন্ত, পৃষ্ঠা সংখ্যা-৩৯, প্ৰকাশক- নেশ্যনেল বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশ-২০০১
- ↑ Michael Faraday entry at the 1911 Encyclopaedia Britannica hosted by LovetoKnow Retrieved January 2007
- ↑ "Archives Biographies: Michael Faraday", The Institution of Engineering and Technology.
- ↑ সমাজলৈ বিপ্লৱ অনা বিজ্ঞানীসকল, মূল কে.ভি. গোপালকৃষ্ণণ, অনুঃ ভৱেশ মহন্ত, পৃষ্ঠা সংখ্যা-৩৯, প্ৰকাশক- নেশ্যনেল বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশ-২০০১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেল ফেৰাডে” প্ৰবন্ধৰ সংশোধন ৪০০৯৮৯ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।