আডাম স্মিথ (Adam Smith; ১৭২৩১ – ১৭ জুলাই ১৭৯০) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি।২ তেওঁক "অৰ্থনীতিৰ জনক"৩ বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।৪ স্মিথৰ দুই মূল গ্ৰন্থ হ'ল দ্য থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্ট্ছ (১৭৯৫) আৰু এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (১৭৭৬)। দ্য ৱে'ল্থ অৱ নেচন্স তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ। এই গ্ৰন্থ আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়। এই গ্ৰন্থত স্মিথে পূৰ্ণ উপকাৰিতাৰ ধাৰণা আগাঢ়াইছিল।৫
জীৱন
স্মিথে গ্লাছগ' বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল। তেওঁ স্কটলেণ্ডৰেই জন স্নেলৰ ছাত্ৰবৃত্তিৰে বালিয়'ল মহাবিদ্যালয়, অক্সফ'ৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। তাৰ পাছত তেওঁ এলানি সফল সৰ্বজনীন বক্তৃতা আগবঢ়ালে এডিনবাৰ্ঘ বিশ্ববিদ্যালয়ত।৬ ফলস্বৰূপে তেওঁ ডেভিড হ্যুমৰ সৈতে কাম কৰিছিল। স্মিথে গ্লাছগ'ত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিল। সেই কালতেই তেওঁ নিজৰ গ্ৰন্থ 'এ থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্টছ' লিখি উলিয়াইছিল। পাছলৈ তেওঁ ব্যক্তিগত শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল যিয়ে তেওঁক সমগ্ৰ ইউৰোপ ভ্ৰমি বৌদ্ধিক অগ্ৰণীসকলক লগ কৰাৰ সুযোগ প্ৰদান কৰিলে।
আধুনিক অৰ্থনীতিলৈ অৱদান
স্মিথে ধ্ৰুপদী মুক্ত বজাৰ অৰ্থনৈতিক সূত্ৰৰ ভেঁটি তৈয়াৰ কৰিছিল। দ্য ৱে'ল্থ অৱ নেশ্বন্স আধুনিক অৰ্থনীতিৰ অগ্ৰদূত। এই গ্ৰন্থত আৰু অন্যান্য কৰ্মত তেওঁ শ্ৰমৰ বিভাজনৰ ধাৰণা আগবঢ়াইছিল। তেওঁ দেখুৱাইছিল কেনেকৈ বিবেকশীল স্বাৰ্থপৰতা আৰু প্ৰতিযোগিতাই অৰ্থনৈতিক সমৃদ্ধি আনিব পাৰে। স্মিথ নিজৰ সময়ত বিতৰ্কিত আছিল আৰু হোৰচ ৱালপ'লৰ দৰে লেখকে তেওঁৰ লিখনশৈলীৰ ব্যংগ তৈয়াৰ কৰিছিল।৭
তথ্যসূত্ৰ
- ↑ Adam Smith (1723–1790). BBC
- ↑ Great Thinkers of the Scottish Enlightenment
- ↑ Sharma, Rakesh. Adam Smith: The Father of Economics. Investopedia
- ↑ Adam Smith: Father of Capitalism. www.bbc.co.uk
- ↑ Absolute Advantage – Ability to Produce More than Anyone Else. Corporate Finance Institute
- ↑ Adam Smith: Biography on Undiscovered Scotland. www.undiscoveredscotland.co.uk
- ↑ John, McMurray. Capitalism's 'Founding Father' Often Quoted, Frequently Misconstrued. Investor.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডাম স্মিথ” প্ৰবন্ধৰ সংশোধন ৬৩১৮০৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।