অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেটৰিনা কাঈফ

কেটৰিনা কাঈফ (Katrina Kaif; জন্ম: কেটৰিনা টাৰকুইটি; ১৬ জুলাই ১৯৮৩) হৈছে এগৰাকী ইংৰাজ অভিনেত্ৰী। কেটৰিনাই মূলতঃ হিন্দী ভাষাৰ ছবিত অভিনয় কৰি আহিছে। বলিউদৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীলৈ নিজকে ৰূপান্তৰিত কৰা কেটৰিনা হিন্দী ছবি জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ তালিকাতো অন্তৰ্ভুক্ত।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৩৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কেটৰিনা কাঈফ (Katrina Kaif; জন্ম: কেটৰিনা টাৰকুইটি; ১৬ জুলাই ১৯৮৩) হৈছে এগৰাকী ইংৰাজ অভিনেত্ৰী। কেটৰিনাই মূলতঃ হিন্দী ভাষাৰ ছবিত অভিনয় কৰি আহিছে।১ বলিউদৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীলৈ নিজকে ৰূপান্তৰিত কৰা কেটৰিনা হিন্দী ছবি জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ তালিকাতো অন্তৰ্ভুক্ত।২৩

ব্ৰিটিছ হংকঙত জন্মলাভ কৰা কেটৰিনাই লণ্ডনৰ বাসিন্দা হোৱাৰ পূৰ্বে বহুকেইখন দেশৰ নিবাসী হৈছে। কিশোৰী অৱস্থাতেই কেটৰিনাই প্ৰথমটো মডেলিঙৰ কৰ্ম লাভ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে নিজকে এগৰাকী মডেল হিচাপে প্ৰতিষ্ঠিত কৰে। লণ্ডনৰ এটা ফেশ্বন শ্ব'ত কেটৰিনাই ভাৰতীয় ছবি-নিৰ্মাতা কাইজাদ গুস্তাদৰ সাক্ষাৎ লাভ কৰে। গুস্তাদে কেটৰিনাক 'বুম' (২০০৩) নামৰ ছবিখনত এটা বিশেষ চৰিত্ৰত প্ৰক্ষেপিত কৰে। ছবিখন ব্যৱসায়িক দিশত বিফল প্ৰতিপন্ন হ'ল। ভাৰতত থকাৰ কালতে কেটৰিনাই কেইটামান মডেলিঙৰ এচাইনমেণ্ট লাভ কৰে নিজৰ প্ৰচেষ্টাৰ বলত মডেলিঙৰ জগতত সাফল্য অৰ্জন কৰে। অৱশ্যে হিন্দী ভাষাত দুৰ্বল হোৱা হেতুকে ছবি-নিৰ্মাতাসকলে তেখেতক ছবিত অভিনয়ৰ বৰকৈ সুযোগ দিয়া নাছিল। ২০০৪ চনত কেটৰিনাই 'মাল্লিস্বাৰী' নামৰ তেলুগু ভাষাৰ ছবিখনত অভিনয় কৰে। ২০০৫ চনৰ হিন্দী ছবি 'মেইনে প্যাৰ কিউ কিয়া'ৰ জৰিয়তে কেটৰিনাই সফলতা লাভ কৰে।৪ তাৰ ঠিক দুবছৰৰ পিছত মুক্তিলাভ কৰা 'নমস্তে লণ্ডন'৫ হৈছে কেটৰিনাৰ অইন এখন উল্লেখযোগ্য সফল ছবি। বক্স অফিচত কেইবাখনো সফল ছবিত অভিনয় কৰিছে যদিও কেটৰিনাই দুৰ্বল অভিনয়, একঘেয়েমী চৰিত্ৰ আৰু পুৰুষ-নিয়ন্ত্ৰিত ছবিত অভিনয়ৰ বাবে সঘনে সমালোচনাৰ সমুখীন হৈছে।৬

২০০৯ চনৰ থ্ৰিলাৰধৰ্মী ছবি 'নিউ ইয়ৰ্ক'ৰ বাবে কেটৰিনাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। পৰৱৰ্তী সময়ত কেটৰিনাই 'অজব প্ৰেম কি গজব কাহিনী', 'ৰাজনীতি', 'জিন্দেগী না মিলেগী দুবাৰা'ত অভিনয় কৰি প্ৰশংসা অৰ্জন কৰে। ২০১১ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি 'মেৰে ব্ৰাডাৰ কি দুলহন'ৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা দ্বিতীয়টো মনোনয়ন লাভ কৰে। কেটৰিনাই অভিনয় কৰা ২০১২ চনৰ ছবি 'এক থা টাইগাৰ', ২০১৩ চনৰ ছবি 'ধুম-থ্ৰি' আৰু ২০১৪ চনৰ ছবি 'বেঙ-বেঙে' সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ তালিকাত অন্তৰ্ভুক্ত হয়। ২০১৮ চনত নিৰ্মিত হোৱা ৰোমাণ্টিক ড্ৰামা 'জিৰো'ৰ বাবে কেটৰিনাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।৭

ছবিত অভিনয় কৰাৰ লগতে কেটৰিনাই মাতৃৰ সমাজসেৱামূলক কৰ্মতো অংশগ্ৰহণ কৰে।৮

প্ৰাৰম্ভিক জীৱন

১৯৮৩ চনৰ ১৬ জুলাইত কেটৰিনা কাইফৰ জন্ম হয়। জন্মসূত্ৰে তেখেতৰ মাতৃৰ উপাধি টাৰকুইটি (Turquotte) গ্ৰহণ কৰে।৯১০১১১২১৩১৪১৫ অভিনেত্ৰীগৰাকীৰ মতে, তেখেতৰ পিতৃ হৈছে মহম্মদ কাঈফ। তেখেত এগৰাকী কাশ্মিৰী জাত্যাংশৰ ব্ৰিটিছ ব্যৱসায়ী। আনহাতে মাতৃৰ নাম হৈছে ছুজান। মাতৃ এগৰাকী অধিবক্তা আৰু সমাজকৰ্মী।৮১৬১৭ কেটৰিনাৰ তিনিগৰাকী জ্যেষ্ঠ ভগ্নী আৰু তিনিজন কনিষ্ঠ ভগ্নী আছে। আনহাতে মাইকেল নামৰ এগৰাকী জ্যেষ্ঠ ভ্ৰাতৃও আছে।৮১৭ কনিষ্ঠ ভগ্নী ইছাবেলা কাঈফো মডেল আৰু অভিনেত্ৰী।১৮ কেটৰিনাৰ শৈশৱ কালতেই মাতৃ-পিতৃৰ বিবাহ-বিচ্ছেদ হয় আৰু পিতৃ আমেৰিকালৈ গমন কৰে। কেটৰিনাই কয় যে, তেওঁলোকৰ প্ৰতিপালনত পিতৃৰ কোনো প্ৰভাৱ নাই। কেৱল মাতৃ চুজানেহে তেওঁলোকক তুলি-তালি ডাঙৰ কৰে।১৩১৭১৯

২০১২ চনত পিপলছ ছয়ছ এৱাৰ্ড অনুষ্ঠানত মাতৃৰ সৈতে কেটৰিনা কাঈফ
২০১২ চনত পিপলছ ছয়ছ এৱাৰ্ড অনুষ্ঠানত মাতৃৰ সৈতে কেটৰিনা কাঈফছবি: Bollywood Hungama · CC BY 3.0

তথ্যসূত্ৰ

  1. ↑ Hafeez, Mateen. (30 August 2010). Working in Bollywood for years, but shy of citizenship?. The Times of India
  2. ↑ Baksi, Dibyojyoti. (25 March 2013). Katrina Kaif pays highest advance tax among Bollywood actresses. Hindustan Times
  3. ↑ Katrina Kaif - Forbes India Magazine. Forbes India
  4. ↑ Jha, Subhash K. (3 August 2006). Adi is my kind of director: Katrina. Hindustan Times
  5. ↑ Kotwani, Hiren. (29 March 2007). Vipul Shah defends Namastey London. Hindustan Times
  6. ↑ (20 December 2013). Movie review: Dhoom 3 a splendid watch but lacks imagination. Hindustan Times
  7. ↑ Katrina Kaif | Latest Celebrity Awards. Bollywood Hungama
  8. ↑ (23 January 2011). Tees Maar Khan: A British Bollywood Barbie!. Daily Express
  9. ↑ (12 July 2011). Katrina, Hrithik Do A Jig at India TV Broadcast Centre. YouTube
  10. ↑ Lalwani, Vickey. (29 June 2011). Salman Khan's there for me: Katrina Kaif. The Times of India
  11. ↑ (18 July 2013). Katrina Kaif turns 30!. Zee News
  12. ↑ (5 February 2014). Katrina Kaif welcomes plans to target false claims in ad world. Zee News
  13. ↑ Bamzai, Kaveree. (28 January 2011). Kat who stole the cream. India Today
  14. ↑ (16 July 2013). Happy Birthday Katrina: Ranbir plans big bash for lady love at Barcelona. India Today
  15. ↑ Katrina Kaif: Lesser known facts. The Times of India
  16. ↑ (2 October 2011). The rise and rise of Katrina Kaif. Mumbai Mirror
  17. ↑ Varma, Uttara. (12 July 2009). I am hundred per cent Indian .. my Hindi is pretty good. The Indian Express
  18. ↑ (20 February 2014). Isabel Kaif: 10 facts you probably didn't know about Katrina Kaif's sister. CNN-IBN
  19. ↑ Chaturvedi, Anshul. (26 December 2010). I'm not dumb: Katrina. The Times of India

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিঅভিনয় শিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেটৰিনা কাঈফ” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৭১ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।