পল এদ্ৰিয়েন মৰিছ ডিৰাক (Paul Adrien Maurice Dirac; ৮ আগষ্ট ১৯০২ – ২০ অক্টোবৰ ১৯৮৪) আছিল এগৰাকী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁক কুৰি শতিকাৰ সবাতোকৈ প্ৰখ্যাত পদাৰ্থবিজ্ঞানীসকলৰ এজন বুলি আখ্যা দিয়া হয়।
কোৱাণ্টাম বলবিজ্ঞান আৰু কোৱাণ্টাম ইলেক্ট্ৰডাইনেমিক্স উভয়ৰে প্ৰাৰম্ভিক বিকাশৰ কালছোৱাত ডিৰাকে ক্ষেত্ৰ দুখনলৈ মৌলিক অৱদান আগবঢ়াইছিল। আন আৱিষ্কাৰসমূহৰ ভিতৰত, ডিৰাকে তেওঁৰ সুপ্ৰসিদ্ধ ডিৰাক সমীকৰণ সংজ্ঞাৱদ্ধ কৰিছিল। ইয়াৰ দ্বাৰা ফাৰ্মিয়নবোৰৰ আচৰণ ব্যাখ্যা কৰাৰ লগতে এণ্টিমেটাৰ বা প্ৰতিপদাৰ্থৰ অস্তিত্বসম্পৰ্কেও ভৱিষ্যৎবাণী কৰিছিল। ১৯৩৩ চনত পাৰমাণৱিক তত্ত্বৰ নতুন ৰূপ এটা আগবঢ়োৱা বাবে আৰৱিন স্ক্ৰুডিনজাৰৰ সৈতে যুটীয়াভাৱে ডিৰাকক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল। সাধাৰণ আপেক্ষিকতাবাদৰ সৈতে কোৱাণ্টাম বলবিজ্ঞানৰ সমন্বয়সাধন সম্পৰ্কেও ডিৰাকে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই থৈ গৈছে।
ডিৰাকৰ বন্ধু আৰু সহযোগীসকলে তেওঁৰ চাল-চলনবোৰ আচহুৱা বুলি মন্তব্য কৰিছিল। ১৯২৬ চনত পল এৰেনফেষ্টলৈ লিখা চিঠি এখনত এলবাৰ্ট আইনষ্টাইনে ডিৰাক সম্পৰ্কে লিখিছিল, "অসাধাৰণ মেধা আৰু পাগলামিৰ মাজৰ এই সাম্য অৱস্থাটো সঁচাই বিস্ময়কৰ"।১
তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিত বিভাগত লুকাছিয়ান অধ্যাপক আছিল, মিয়ামি বিশ্ববিদ্যালয়ৰ তাত্ত্বিক অধ্যয়ন কেন্দ্ৰৰ (Centre for Theoretical Studies) এগৰাকী সদস্য আছিল। ডিৰাকে জীৱনৰ অন্তিম কালছোৱা ফ্ল'ৰিডা ষ্টে'ট ইউনিভাৰছিটিত অতিবাহিত কৰিছিল।
ব্যক্তিগত জীৱন
প্ৰাৰম্ভিক বছৰসমূহ
পল এদ্ৰিয়েন মৰিছ ডিৰাকৰ জন্ম হৈছিল ১৯০২ চনৰ ৮ আগষ্টত ইংলেণ্ডৰ ব্ৰিষ্টলত অৱস্থিত তেওঁৰ পিতৃগৃহত। তেওঁ চহৰখনৰ বিছপষ্টন অঞ্চলত ডাঙৰ-দীঘল হৈছিল। ডিৰাকৰ পিতৃ চাৰ্লছ্ এদ্ৰিয়েন লেডিস্লাছ ডিৰাক আছিল ছুইজাৰলেণ্ডৰ চে'ণ্ট মৰিছৰ পৰা অহা এজন বহিৰাগত। তেওঁ ব্ৰিষ্টলত এগৰাকী ফৰাচী ভাষাৰ শিক্ষকৰূপে কাম কৰিছিল। ইংলেণ্ডৰ কৰ্নৱালত জন্ম হোৱা তেওঁৰ মাতৃ ফ্লোৰেন্স হান্না ডিৰাকে ব্ৰিষ্টল কেন্দ্ৰীয় পুথিভঁৰালৰ পুথিভঁৰালীৰ দ্বায়িত্ব পালন কৰিছিল। পলৰ বিয়াট্ৰিছ ইছাবেল মাৰ্গাৰেট (বেটি নামৰে জনা যায়) নামেৰে এজনী সৰু ভনী আৰু ৰেজিনেল্ড চাৰ্ল্ছ্ ফেলিক্স (ফেলিক্স নামেৰে পৰিচিত) নামৰ এজন ডাঙৰ ভাই আছিল, যিয়ে ১৯২৫ চনৰ মাৰ্চ মাহত আত্মহত্যা কৰিছিল। সেই ঘটনাটো সুঁৱৰি ডিৰাকে পিছত কৈছিল: "মোৰ মা-দেউতাহঁত সাংঘাতিকভাৱে ভাগি পৰিছিল। মই জনা নাছিলোঁ যে তেওঁলোকৰ বাবে আমাৰ ইমান বেছি মূল্য আছিল [...] মই জনাই নাছিলোঁ যে পিতৃ-মাতৃয়ে নিজৰ সন্তানক ইমান গভীৰভাৱে চোৱা-চিতা কৰিব লাগে। কিন্তু তেতিয়াৰ পৰা মই বুজি পোৱা হ'লোঁ।২
শিক্ষা
প্ৰথমে বিশ্বপ ৰ'ড প্ৰাইমেৰি স্কুল আৰু পিছলৈ অকল ল'ৰাবোৰে পঢ়িব পৰা মাৰ্ছেণ্ট ভেঞ্চাৰাৰ্ছ টেকনিকেল কলেজত (পিছত কথাম স্কুল নামেৰে পৰিচিত) ডিৰাকে শিক্ষা লাভ কৰিছিল। এইখন স্কুলতে দেউতাকে ফৰাচী ভাষা শিকাইছিল। এইখন এখন ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন প্ৰতিষ্ঠান আছিল। ইয়াত আধুনিক ভাষাসমূহৰ উপৰি ইটা পৰা, জোতা নিৰ্মাণ, ধাতুৰ কাম আদি কাৰিকৰী কামবোৰত বেছি গুৰুত্ব দিয়া হৈছিল। ব্ৰিষ্টলত অৱস্থিত এখন মাধ্যমিক শিক্ষানুষ্ঠান হৈয়ো ধ্ৰপদী ক্ষেত্ৰখনত বেছি প্ৰাধান্য দিয়াটো সেই সময়ত খুব আচহুৱা কথাৰূপেই পৰিগণিত হৈছিল। কিন্তু ডিৰাকে বিদ্যালয়খনৰ এইটো প্ৰথাকলৈয়ে পিছলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিল।৩
পৰিয়াল

ডিৰাকে ১৯৩৭ চনত মাৰ্গিট ৱিগনাৰৰ (ইউজিন ৱিগনাৰৰ ভনী) সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ মাৰ্গিটৰ দুই সন্তান জুডিথ আৰু গেব্ৰিয়েলক তোলনীয়া সন্তানৰূপে মানি লৈছিল। পল আৰু মাৰ্গিটৰ দুজনী কন্যা সন্তান জন্ম হৈছিল- মেৰি এলিজাবেথ আৰু ফ্লোৰেঞ্চ মনিকা
ব্যক্তিত্ব
সহকৰ্মীসকলৰ মাজত ডিৰাক তেওঁৰ নিখুত আৰু স্বল্পভাষী স্বভাৱটোৰ বাবে পৰিচিত আছিল। কেম্ব্ৰিজত তেওঁৰ সহকৰ্মীসকলে ধেমালিকৈ "ডিৰাক" নামৰ একক এটা উলিয়াইছিল। তেওঁলোকৰ মতে ডিৰাকৰ মান এঘণ্টাত মাত্ৰ এটা শব্দ। যেতিয়া নিলছ্ ব'ৰে অভিযোগ কৰিছিল যে ডিৰাকে বৈজ্ঞানিক প্ৰবন্ধ লিখিলে বাক্য এটা কিদৰে সমাপ্ত কৰিব লাগে, সেইটো নাজানে; তেতিয়া ডিৰাকে প্ৰত্যুত্তৰ দিছিল, "মোক স্কুলত শিকোৱা হৈছিল যে বাক্য এটাৰ সামৰণিখিনি নাজানিলে বাক্যটো কেতিয়াও আৰম্ভই নকৰিবা"। তেওঁ জে. ৰবাৰ্ট অপেনহেইমাৰৰ কবিতাৰ প্ৰতি থকা আগ্ৰহক এইদৰে সমালোচনা কৰিছিল: "বিজ্ঞানৰ উদ্দেশ্য হৈছে কঠিন বিষয়ক সহজ পদ্ধতিৰে বুজাৰ প্ৰয়াস কৰা, কিন্তু কবিতাৰ লক্ষ্য হৈছে জনা-শুনা সহজ কথা এটাকে দুৰ্বোধ্য ভাষাত বৰ্ণনা কৰা। এই দুয়োটা বিষয় সামঞ্জস্যহীন"।৪
ডিৰাক সম্পৰ্কে আন এটা কাহিনী শুনা যায়। যেতিয়া তেওঁ পোনপ্ৰথমবাৰৰ বাবে এখন সন্মিলনত যুৱ বিজ্ঞানী ৰিচাৰ্ড ফাইনমেনক লগ পাইছিল, বহুসময়ৰ মূৰত নীৰৱতা ভাঙি তেওঁ ফাইনমেনক কৈছিল, "মোৰ এটা সমীকৰণ আছে। তোমাৰো আছে নেকি বাৰু?"৫
এবাৰ এখন সন্মিলনত ডিৰাকে এটা বক্তৃতা দিয়াৰ পিছত এজন সহকৰ্মীয়ে হাত দাঙিলে আৰু তেওঁক সুধিলে, "মই ব'ৰ্ডখনৰ ওপৰৰ সোঁফালে লিখা সমীকৰণটো বুজা নাই"। কোনো সঁহাৰি নাপাই দীৰ্ঘ সময়ৰ এটা বিৰতিৰ মূৰত সন্মিলনৰ আয়োজক মানুহজনে ডিৰাকক সুধিলে যে তেওঁ উত্তৰটো দিব নে নিদিয়ে। তেতিয়া ডিৰাকে ক'লে, "সেইটো এটা প্ৰশ্ন নাছিল, মন্তব্যহে আছিল" ৬৭৮
বঁটা-বাহন
১৯৩৩ চনত পাৰমাণৱিক তত্ত্বৰ নতুন ৰূপ এটা আগবঢ়োৱা বাবে আৰৱিন স্ক্ৰুডিনজাৰৰ সৈতে যুটীয়াভাৱে ডিৰাকক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি ডিৰাকে ১৯৩৯ চনত ৰয়েল মেডেল আৰু ১৯৫২ চনত কপ্লে' মেডেল আৰু মেংক্স প্লেংক মেডেল লাভ কৰিছিল। ১৯৩০ চনত ডিৰাক ৰয়েল চ'ছাইটিৰ সভ্য হিচাপে মনোনীত হৈছিল। ১৯৬৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰা বছৰটোতে পল ডিৰাকে জে. ৰবাৰ্ট অপেনহেইমাৰ মেম'ৰিয়েল প্ৰাইজ লাভ কৰিছিল। ১৯৭৩ চনত অৰ্ডাৰ অৱ মেৰিটৰো সদস্য নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁক নাইটহুড সন্মান প্ৰদান কৰা হৈছিল যদিও তেওঁ ব্যক্তিগত কাৰণত সন্মানটো ল'বলৈ অস্বীকাৰ কৰিছিল।
মৃত্যু
১৯৮৪ চনত ফ্লোৰিডাৰ তাল্লাহাছিত পল ডিৰাকৰ মৃত্যু হয়। তাল্লাহাছিৰ ৰোজেলন সমাধিক্ষেত্ৰত তেওঁক সমাধিস্থ কৰা হৈছিল।৯
তথ্যসূত্ৰ
অতিৰিক্ত পঠনসামগ্ৰী
- Brown, Helen. (24 January 2009). The Strangest Man: The Hidden Life of Paul Dirac by Graham Farmelo – review (print version: The man behind the maths). The Daily Telegraph (Review). পৃ. 20.
- Gilder, Louisa. (13 September 2009). Quantum Leap – Review of 'The Strangest Man: The Hidden Life of Paul Dirac by Graham Farmelo'. The New York Times Review.
বাহ্যিক সংযোগ
- Free online access to Dirac's classic 1920s papers from Royal Society's Proceedings A
- Annotated bibliography for Paul Dirac from the Alsos Digital Library for Nuclear Issues
- The Paul Dirac Collection at Florida State University
- Letters from Dirac (1932–36) and other papers
- Oral History interview transcript with Dirac 1 April 1962, 6, 7, 10, & 14 May 1963, American Institute of Physics, Niels Bohr Library and Archives
তথ্যসূত্ৰ
- ↑ Sukumar, N. (2012). A Matter of Density: Exploring the Electron Density Concept in the Chemical, Biological, and Materials Sciences. John Wiley & Sons. পৃ. 27. ISBN 9781118431719
- ↑ Farmelo 2009, পৃ. 79
- ↑ Mehra 1972, পৃ. 18
- ↑ Mehra 1972, পৃ. 17–59
- ↑ Zee 2010, পৃ. 105
- ↑ Raymo, Chet. (17 October 2009). A quantum leap into oddness. Globe and Mail (Review of Farmelo's The Strangest Man.)
- ↑ Farmelo 2009, পৃ. 161–162, who attributes the story to Niels Bohr
- ↑ Mehra, Jagdish; Rechenberg, Helmut. (2001). The Historical Development of Quantum Theory. Springer Science & Business Media. পৃ. 746. ISBN 9780387951805
- ↑ Farmelo 2009, পৃ. 414–15
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল ডিৰাক” প্ৰবন্ধৰ সংশোধন ৪২৬০৪৯ (১৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।