
১৯৪৮ চনত বাংগালোৰত ৰমণ গৱেষণা প্ৰতিষ্ঠান (Raman Research Institute) স্থাপিত হয়।১ বৈজ্ঞানিক গৱেষণাৰ অৰ্থে প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটো পোন প্ৰথমে ছাৰ চি ভি ৰমণে নিজাকৈ চলাই আছিল যদিও বৰ্তমানে ই ভাৰত চৰকাৰৰ অধীস্থিত।
গৱেষণা
মূল গৱেষণাৰ বিষয় সমূহ:১
- জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞান
- তাত্ত্বিক পদাৰ্থ বিজ্ঞান
- পোহৰ আৰু Matter Physics
- কোমল পদাৰ্থ
ইতিহাস
ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী নামৰ এক প্ৰতিষ্ঠান খোলাৰ উদ্দেশ্যে সেইসময়ৰ মাইচ'ৰৰ মহাৰজাৰ ওচৰলৈ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়াদি নিৰ্মাণৰ বাবে সহায় বিচাৰি কাষ চাপে। মহাৰজাই তেওঁৰ অনুৰোধ মানি বেংগালুৰুত এটুকুৰা মাটি ১৯৩৪ চনতেই আৱণ্টন দিয়ে১ যদিও সেই মাটিটুকুৰাত ১৯৪১ চনলৈ একো কামত লগোৱা হোৱা নাছিল। বহুত দিন একো কামত নহাৰ বাবে চৰকাৰে মাটিটুকুৰা পুনৰ ঘূৰাই লোৱাৰ কথা আহি পৰাত ১৯৪১ চনত ৰমণে ভাৰতীয় বিজ্ঞান একাডেমীৰ এখন জৰুৰী সভা পাতে আৰু তাৰপাছত সেই মাটিটুকুৰাত আধাৰশিলা স্থাপন কৰা হয়। ছাৰ ৰমণ ভাৰতীয় বিজ্ঞান একাডেমীৰ সভাপতি আছিল। কিন্তু তাৰপাছতো ১৯৪৮ চনলৈকে মাটিটুকুৰাত একো কাম হোৱা নাছিল। তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী হৈ থকাৰ কালছোৱাতে এই কামখিনি সম্পূৰ্ণ কৰাৰ কথা চিন্তা কৰিছিল যদিও সেয়া হৈ নুঠিল। তেওঁৰ অৱসৰৰ পাছত ১৯৪৮ চনত ভাৰতীয় বিজ্ঞান একাডেমীৰ ছত্ৰছায়াতে ৰমণ গৱেষণা প্ৰতিষ্ঠানে গঢ় লৈ উঠে। দুয়োখন প্ৰতিষ্ঠানৰে মূৰব্বী হিচাপে তেওঁ কাম কৰি গৈছিল আৰু তেওঁ মৃত্যুৰ আগলৈকে ৰমণ গৱেষণা প্ৰতিষ্ঠান তেওঁ ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠানৰ দৰে আছিল। ১৯৭১ চনতহে প্ৰতিষ্ঠানখনে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা অনুদান লাভ কৰিবলৈ আৰম্ভ কৰে।
সংগ্ৰহ
ছাৰ চি ভি ৰমণৰ দ্বাৰা সংগ্ৰহিত যথেষ্টখিনি পদাৰ্থ, খনিজ লৱণ, শিলৰ নমুনা এই প্ৰতিষ্ঠানটোৰ সংগ্ৰহত ৰখা হৈছে। চি ভি ৰমণৰ সময়ছোৱাত বহুকেইজন নামজ্বলা বিজ্ঞানীয়ে প্ৰতিষ্ঠানটোলৈ আহিছিল, যাৰ ভিতৰত জে ডি বাৰ্ণেল, ই চি ৱালাৰ্ড, পি এম এছ ব্লেকেট, চি জি ডাৰউইন, পি এ এম ডিৰাক, জি গেমৌ অন্যতম।
তথ্যসূত্ৰ
- ↑ history_overview. Raman Research Institute
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমন গৱেষণা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৪২০৭৭৭ (৮ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।