গান্ধী তীৰ্থ (গান্ধী ৰিচাৰ্চ ফাউণ্ডেচন, Gandhi Research Foundation) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ জলগাৱত মোহনদাস কৰমচান্দ গান্ধীৰ ওপৰত এক গৱেষণা প্ৰতিষ্ঠান আৰু সংগ্ৰাহালয়। গান্ধী ফাউণ্ডেচনৰ দ্বাৰা ইয়াৰ গঠন আৰু প্ৰচাৰ কৰা হৈছিল। ই অজন্তা গুহাসমূহৰ পৰা ৬০ কিঃমিঃ দূৰত অৱস্থিত। এই প্ৰতিষ্ঠানটি ২০১২ চনৰ ২৫ মাৰ্চত স্থাপন কৰা হৈছিল।
২৫ মাৰ্চ ২০১২ চনত সেইসময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে গান্ধী ৰিচাৰ্চ ফাউণ্ডেচন (জিআৰএফ) উদ্বোধন কৰিছিল।১ ইয়াক ভবাৰাল জৈনে স্থাপন কৰিছিল।২
শ শ বছৰলৈ ভালে থাকিবলৈ এক চিৰসেউজীয়া নিয়মৰ অধীনত এই গাঁথনিটো সুৰক্ষিত আৰু বৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা হৈছিল। ইয়াত প্ৰেক্ষাগৃহ, এম্ফিথিয়েটাৰ, সভাকক্ষ / কোঠা আৰু অতিথি গৃহও অন্তৰ্ভুক্ত হৈ আছে।
পুথিভঁৰাল আৰু আৰ্কাইভসমূহত গান্ধীজী সম্পৰ্কীয় বিষয়ৰ গৱেষকসকলৰ বাবে সংৰক্ষণ কৰা ঐতিহাসিক নথিপত্ৰসমূহ বিশেষভাৱে সুৰক্ষিত হৈ আছে। খাদি কাপোৰ, হাস্ত-নিৰ্মাণ উপহাৰ সামগ্ৰী আৰু গান্ধী সাহিত্যৰে এখন দোকানো ইয়াত আছে।
তথ্যসূত্ৰ
- ↑ Official Website of the Gandhi Research Foundation. gandhifoundation.net
- ↑ Artists in Concrete Awards Asia Fest 2013 - 14. Gandhi Research Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী তীৰ্থ” প্ৰবন্ধৰ সংশোধন ৩৮০৬৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।