কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী ভাষা: Krishnadevaraya College of Dental Sciences and Hospital; কান্নাড়া: ಕೃಷ್ಣದೇವರಾಯ ದಂತ ವಿಜ್ಞಾನ ಮಹಾವಿದ್ಯಾಲಯ ಮತ್ತು ಆಸ್ಪತ್ರೆ) বাংগালোৰত অৱস্থিত দন্ত চিকিৎসাৰ এখন ব্যক্তিগত মহাবিদ্যালয়। এই মহাবিদ্যালয়খনি ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু ভাৰতীয় দন্ত পৰিষদ,নতুন দিল্লীদ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
অৱস্থান
কৃষ্ণদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয়খন ১৩৩একৰ মাটিকালিত বিস্তৃত হৈ আছে। মহাবিদ্য়ালয়খন ৭নংৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১ কিঃমিঃ দূৰত্বত আৰু য়েলাহাংকাৰ ভাৰতীয় বায়ু সেনাচাউনী, উত্তৰ বাংগলেোৰৰ ওচৰত অৱস্থিত। মহাবিদ্য়ালৰ পৰা বাংগালোৰ মহানগৰীৰ মুখ্যস্থান তথা ৰেল ষ্টেচনৰ (মেজেষ্টিক) দূৰত্ব ২১ কিঃমিঃ আৰুকেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দূৰত্ব মাত্ৰ ১৪কিঃমিঃ। যদিও মহানগৰীৰ মুখ্যস্থানৰ পৰা মহাবিদ্য়ালয়খন অলপ আঁতৰত, মহাবিদ্য়ালয়খন মহানগৰীৰ বাচসেৱাৰদ্বাৰা সংযুক্ত। মহানগৰীৰ বাচসেৱাৰ নং হৈছে ২৮২, ২৯৮, ২৮৩ক।
উদ্দেশ্য
- প্ৰতিজন ছাত্ৰ-ছাত্ৰীক দন্তচিকিৎসাবিদ্যাৰ নিপুণ অনুভৱী ব্যক্তি হিচাপে গঢ় দিয়া।
- প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ চিন্তাত চিকিৎসাবিজ্ঞানৰ নীতি তথা আদৰ্শ অন্তনিবিষ্ট কৰা।
- প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সমাজ তথা মানৱ সেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰা।
পাঠ্যক্ৰম
স্নাতক পাঠ্যক্ৰম:
- বেচ্চেলৰ অৱ ডেণ্টল চাৰ্জৰী (বি.ডি.এচ.)
স্নাতকোত্তৰ পাঠ্যক্ৰম:
- মাষ্টাৰ অৱ ডেণ্টল চাৰ্জৰী (এম.ডি.এচ.)
- অৰেল মেডিচিন আৰু ৰেডিঅ'লজী
- পেড্ৰিয়াট্ৰিক আৰু প্ৰিভেনটিভ ডেণ্টিষ্ট্ৰী
- অৰেল আৰু মেক্সিল'ফেছিয়েল চাৰ্জৰী
- পেৰিঅ'ডণ্ট'লজী
- অ'ৰ্থডণ্টিক্স আৰু ডেণ্ট'ফেছিয়েল অ'ৰ্থপেডিক্স
- কনজাৰভেটিভ ডেণ্টিষ্ট্ৰী আৰু এণ্ড'ডণ্টিকচ
- প্ৰস্থ'ডণ্টিকচ আৰু ক্ৰাউন এণ্ড ব্ৰীজ
- অৰেল আৰু মেক্সিল'ফেছিয়েল পেথ'লজী
- পাব্লিক হেল্থ ডেণ্টিষ্ট্ৰী
চাৰ্টিফিকেট পাঠ্যক্ৰম
- ইমপ্লাণ্ট'লজী
মহাবিদ্যালয়ৰ প্ৰতীকিচিহ্ন
মহাবিদ্যালয়ৰ প্ৰতীকটি পূৰ্বীয় আৰু পশ্চিমীয়া স্বাস্থ্য বিজ্ঞানৰ সংমিশ্ৰিত ৰূপ।
- সোঁমাজত থকা সৰ্প বগাই থকা দণ্ডই গ্ৰীক আৰু ৰোমানৰ স্বাস্থ্য দেৱতা হাৰ্মিচ আৰু মাৰ্কিওৰীক প্ৰতিনিধিত্ব কৰিছে।
- প্ৰজ্বলিত শিখাই অমৰত্ব তথা সকলো বেদনাৰ পৰা মুক্তি সূচাইছে।
*হাতীৰ যুৰীয়া দন্তই দন্তচিকিৎসা বিজ্ঞানৰ পেচাক বুজাইছে।
- খোদিত চাৰিটি শব্দ মানৱতা, ত্যাগ, সেৱা আৰু অৰ্পণে প্ৰতিজন চিকিৎসকে কৰা প্ৰতিজ্ঞাৰ কথা বৰ্ণনা কৰিছে।
আন্তঃগাঁঠনি
মহাবিদ্যালয়খন এখনি দন্তচিকিৎসালয়ৰে সমৃদ্ধ তিনিমহলীয়া অট্টালিকা। মহাবিদ্যালয়ত চাৰিটা দৃশ্য-শ্ৰৱণ মাধ্যমযুক্ত শিক্ষাগৃহ আছে,যত ৬০জন স্নাতক ছাত্ৰ অনায়াসে শিক্ষাগ্ৰহণ কৰিব পাৰে। এটি আটকধুনীয়াকৈ সজ্জিত প্ৰেক্ষাগৃহ মহাবিদ্যালয়ৰ মুখ্যগৃহৰ লগতে অৱস্থিত। প্ৰত্যেক বিভাগৰ সুকীয়াকৈ স্নাতক আৰু স্নাতকোত্তৰ বাবে ক্লিনিকেল চেকচন আছে য'ত অভিজ্ঞ চিকিৎসকৰ অধীনত ছাত্ৰসকলে প্ৰশিক্ষণ লয়। স্নাতকোত্তৰ ছাত্ৰৰবাবে প্ৰত্যক বিভাগত চেমিনাৰ গৃহ আছে। দুটা আহল-বহল প্ৰাক-ক্লিনিকেল লেব বেচমেণ্টত আছে আৰু ইয়াত নতুনকৈ ভৰ্ত্তি হোৱা ছাত্ৰক প্ৰস্থ'ডণ্টিকচ আৰু কনজাৰভেটিভ ডেণ্টিষ্ট্ৰীৰ প্ৰাক-ক্লিনিকেল জ্ঞান দিয়া হয়।
সা-সুবিধা
চিকিৎসালয়
অত্যাধুনিক সাঁ-সঁজুলিযুক্ত দন্ত চিকিৎসালয়খন মহাবিদ্যালয়ৰ লগতে লাগি আছে। অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয় হোৱাৰ সূত্ৰে ৰোগীৰ আগমন প্ৰশিক্ষণৰ বাবে যথেষ্ট। মহাবিদ্যালয়খন য়েলাহাংকাৰ ১০০খন বিছনাযুক্ত চৰকাৰী চিকিৎসালয়ৰ লগত সংযুক্ত। ইয়াত স্নাতক ছাত্ৰ-ছাত্ৰীসকলক মেডিচিন আৰু শল্যচিকিৎসাৰ ব্যৱহাৰিক জ্ঞান দিয়া হয় আৰু অৰেল আৰু মেক্সিল'ফেছিয়েলৰ চাৰ্জৰী স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অস্ত্ৰোপচাৰ গৃহ আছে। মহাবিদ্যালয়খনৰ কিডৱাই কৰ্কট ৰোগ প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান, (NIMHANS) আৰু মল্লিগে চিকিৎসালয়ৰ লগত চুক্তিবদ্ধ। তদুপৰি মহাবিদ্য়ালয়ৰ নিজাবৱীয়াকৈ এটা মাইনৰ অস্ত্ৰোপচাৰগৃহ আৰু এটা মেজৰ অস্ত্ৰোপচাৰগৃহ আছে।
সাধাৰণ সুবিধা
মহাবিদ্যালয়ৰ চৌহদতে চাৰ এম. ভিচভেশ্ৱৰায়া ইনষ্টিটিউট অৱ টেকন'লজী (Sir M. Visvesvaraya Institute of Technology) নামৰ এখন আভিযান্ত্ৰিক প্ৰতিষ্ঠান আছে। তদুপৰি এটা বেংক (ক'টাক মহিন্দ্ৰা বেংক), এটা এটিএম, এখন কেণ্টিন, এখন কেফেটেৰিয়া, এখন কিতাপৰ দোকান, দুখন ষ্টেচনৰী দোকান আছে।
যাতায়ত
মহাবিদ্যালয়খন মুখ্য ৰাস্তাৰ পৰা খোজকঢ়া দূৰত্বত অৱস্থিত তথাপিও অ'টোৰ সুবিধা আছে। মহানগৰীৰ বাচসেৱা (BMTC) নং ২৮৩ক চৌহদৰ মাজেদি যায়। কলেজ বাচৰ সুবিধা আছে। হাউচ চাৰ্জন (House surgeon or Internee) সকলক এই বাচসেৱা বিনামূলীয়াকৈ দিয়া হয়।
থকা-মেলা
চৌহদতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুকীয়াকৈ ছাত্ৰাবাস/ছাত্ৰীবাসৰ সুবিধা আছে লগতে অধক্ষ্যাৰ আবাসগৃহ, এটা অতিথিগৃহ আৰু শিক্ষকসকলৰ বাবে আৱাসিক অঞ্চল আছে।
খেল-ধেমালি
মহাবিদ্যালয়ৰ চৌহদত এখনফুটবল মৈদান, এখন ক্ৰিকেট মৈদান, এখন বাক্সেটবল ক'ৰ্ট, এখনল'ন টেনিছ ক'ৰ্ট, তিনিখন বাহিৰা ক'ৰ্ট যতভলীবল,থ্ৰ'বল, টেনিকইট খেলা হয়। লগতে এটি ইন্দ'ৰ ষ্টেডিয়াম আৰু টেব'ল টেনিছ হল এটা আছে।
ব্যয়ামগাৰ
চৌহদতে এজন শাৰীৰিক প্ৰশিক্ষকসহিত এটা ব্যয়ামগাৰ আছে।
সু-সাধন গৃহ
ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়াকৈ সু-সাধনগৃহ আছে।
ছাত্ৰ-ছাত্ৰী
মহাবিদ্যালয় খনত প্ৰবেশ কৰিলে এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ দেখা যায়। জম্মু আৰু কাশ্মীৰৰ পৰাকণ্যাকুমাৰী, গুজৰাটৰ পৰাঅৰুণাচল প্ৰদেশলৈকে ছাত্ৰ-ছাত্ৰী আছে। ইৰান,ইৰাক,শ্ৰীলংকা,বাংলাদেশ,চৌদি আৰৱ, সংযুক্ত আৰৱ এমিৰেটচৰ পৰা পঢ়িবলৈ অহা বিদেশী ছাত্ৰৰ সংখ্যাও উল্লেখযোগ্য।
উৎসৱ-পাৱন
মহাবিদ্যালয়ে ২০১১ চনৰপৰা কৃশ্বডেণ্ট (KrishDent) নামেৰে বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানটিত বাৰ্ষিক খেল-ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কৃশ্বডেণ্ট কাপ (KrishDent Cup) নামেৰে এখন আন্তমহাবিদ্যালয় প্ৰতিযোগিতা আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখন ৺ডাঃ ভৰত পাৰ্থসাৰথিৰ সন্মানাৰ্থে পতা হয়। ৺ডাঃ ভৰত মহাবিদ্যালয়ৰ এজন প্ৰবক্তা আছিল আৰু ২০১২ চনত অতি কমবয়সতে পথ দুৰ্ঘটনাত পৰলোক প্ৰাপ্তি ঘটে। ছাত্ৰসকলে প্ৰতি ছমাহৰ অন্তৰালত টি২০ আধাৰত কৃষ্ণাদেৱৰায়া ক্ৰিকেট লীগ (KCL) অনুষ্ঠিত কৰে যত কেৱল মহাবিদ্যালয়ৰ ছাত্ৰসকলে যোগদান কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৩৮০৫২৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।