চেন্নাই গাণিতীয় প্ৰতিষ্ঠান (Chennai Mathematical Institute) হৈছে ভাৰতবৰ্ষৰ চেন্নাইত অৱস্থিত এটা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল ১৯৮৯ চনত, SPIC বিজ্ঞান ফাউণ্ডেচনৰ দ্বাৰা। অংকশাস্ত্ৰৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ উপৰি ইয়াত পদাৰ্থ বিজ্ঞান, গণিত বিজ্ঞান আৰু সাংগণনিক বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।১ এই প্ৰতিষ্ঠানটো মুখ্যতঃ বীজগণিতীয় জ্যামিতিৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত।২
পোনপ্ৰথমে এই প্ৰতিষ্ঠানটো চেন্নাইৰ টি নগৰত আছিল যদিও পাছত চিৰুচেৰীৰ কেম্পাছলৈ ২০০৫ চনৰ অক্টোবৰত সলনি হয়।৩
২০০৬ চনৰ ডিচেম্বৰ মাহত UGC Act 1956 ৰ Section 3 ৰ অধীনত প্ৰতিষ্ঠানটোৱে ডীমড বিশ্ববিদ্যালয়ৰ পৰ্যায় লাভ কৰে।৪
ইতিহাস

এই প্ৰতিষ্ঠানটো পোনপ্ৰথমে স্কুল অৱ মেথমেটিকছ হিচাপে ১৯৮৯ চনত SPIC ছায়েন্স ফাউণ্ডেচনৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল। ১৯৯৬ চনত প্ৰতিষ্টানটো এটা স্বাধীন প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰে আৰু ইয়াৰ নাম সলনি কৰাই SPIC মেথমেটিকেল ইনষ্টিটিউট কৰা হয়। ১৯৯৮ চনত পুনৰ ইয়াৰ নাম সলনি কৰাই বৰ্তমানৰ নাম ৰখা হয়।
জন্মলগ্নৰে পৰাই ইয়াত গণিত আৰু সাংগণনিক বিজ্ঞান বিষয়ত পি এইচ ডি ডিগ্ৰীৰ ব্যৱস্থা আছিল। ১৯৯৮ চনত ইয়াত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়।৫
২০১০ চনৰ পৰা ইয়াত ইয়াৰ অধ্যাপকসকলৰ অধীনত বিভিন্ন বিষয়ৰ গৱেষণা কৰিবলৈ ভাৰতৰ ৩০জন ছাত্ৰক ফেলশ্বিপ প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভণি কৰা হয়।
পাঠ্যক্ৰম
ইয়াত সাংগণনিক বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানত পি এইচ ডিগ্ৰীৰ ব্যৱস্থা আছে। শেহতীয়াকৈ ইয়াত অংশকালীন হিচাপে পি এইচ ডিগ্ৰীৰ বাবে কৰিবলৈও ব্যৱস্থা ৰখা হৈছে। তদুপৰি পদাৰ্থ বিজ্ঞান, গণিতৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। প্ৰত্যেক শ্ৰেণীৰ ছাত্ৰৰ সংখ্যা ৫ ৰ পৰা ২৫ আৰু সৰ্বমুঠ ছাত্ৰ প্ৰায় ১০০-১২৫ আৰু অধ্যাপক ৪০ ৰ পৰা ৫০ জন।
নামভৰ্তিৰ প্ৰক্ৰিয়া
এক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশিকা পৰীক্ষাৰ যোগেদি প্ৰত্যেকটো বিষয়ৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া হয়। প্ৰত্যেক বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ হয়। মে' মাহৰ শেষৰ ফালে প্ৰৱেশ পৰীক্ষাটো অনুষ্ঠিত হয় আৰু জুনৰ শেষলৈ ফলাফল প্ৰকাশ হয়।
যিসকল ছাত্ৰই সৰ্বভাৰতীয় গণিত অলিম্পিয়াড পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে গণিত আৰু সাংগণনিক বিজ্ঞান বিষয়ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে পোনপতীয়া নামভৰ্তিৰ সুযোগ থাকে। আনহাতে সৰ্বভাৰতীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডৰ উত্তীৰ্ণ সকলৰ বাবে পদাৰ্থ বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত এই ব্যৱস্থা উপলব্ধ। অৱশ্যে এই সুবিধাৰ বাবে ছাত্ৰসকলে মাৰ্চ মাহত নিজাকৈ আবেদন কৰা জৰুৰী।৬
তথ্যসূত্ৰ
- ↑ Special Correspondent. (2007-02-02). New Facilities for CMI. The Hindu
- ↑ Banumathi Krishnaswamy. (2009-07-16). Future in the making. India Today
- ↑ Campus. Chennai Mathematical Institute
- ↑ UGC Act-1956. mhrd.gov.in/. Secretary, University Grants Commission
- ↑ Special Correspondent. (2004-08-07). Kakodkar cautions against missing research-technology connectivity
- ↑ CMI Annual Report 2005-2006
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেন্নাই গাণিতীয় প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৩৮০৮৭২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।