বন গৱেষণা প্ৰতিষ্ঠান (Forest Research Institute) হৈছে 'ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা' (Indian Council of Forestry Research and Education)-ৰ অন্তৰ্গত বন গৱেষণাৰ ক্ষেত্ৰত প্ৰথমখন তথা প্ৰধান গৱেষণা প্ৰতিষ্ঠান। ই উত্তৰাখণ্ডৰ ডেহৰাডুন চহৰত অৱস্থিত। ১৯৯১ চনত প্ৰতিষ্ঠান খনক বিশ্ববিদ্যালয় অনুদান আয়োগে সম-বিশ্ববিদ্যালয় (deemed university) হিচাপে স্বীকৃতি দিছে।১
একেটা চৌহদতে ভাৰতীয় বন সেৱাৰ (Indian Forest Service, IFS) বিষয়াসকলৰ প্ৰশিক্ষণৰ কাৰণে প্ৰতিস্থিত ইন্দিৰা গান্ধী নেশ্যনেল ফৰেষ্ট একাডেমী (Indira Gandhi National Forest Academy, IGNFA), ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education), ৰাজ্যিক বন সেৱা বিষয়াসকলৰ প্ৰশিক্ষণৰ কাৰণে প্ৰতিস্থিত কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমী (Central Academy for State Forest Services i.e. CASFOS)-ৰ ডেহৰাডুনস্থ প্ৰতিষ্ঠানখনো অৱস্থিত।
ইতিহাস
১৮৭৮ চনত২ ডায়েত্ৰিছ ব্ৰেণ্ডিচৰ৩ দ্বাৰা এই প্ৰতিষ্ঠানখন এখন ব্ৰিটিছ সাৰ্বভৌম বন বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯০৬ চনত এই স্কুল খনক ব্ৰিটিছ সাৰ্বভৌম বন গৱেষণা প্ৰতিষ্ঠান হিচাপে পুনৰস্থাপিত কৰা হয়।২
তথ্যসূত্ৰ
- ↑ Inside
- ↑ Forest Research Institute Dehradun
- ↑ Bauuuoiley, F. (1885). The Indian Forest School. Transactions of the Scottish Arboricultural Society. পৃ. 155–161
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন গৱেষণা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ২৪৮৪৭০ (৮ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।