ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ (Indian Institute of Science Education and Research Berhampur; সংক্ষেপে ইছাৰ বেৰহামপুৰ) এখন ভাৰতীয় স্বয়ংশাসিত শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এয়া ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা (পূৰ্বৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়) ওড়িশাৰ ব্ৰহ্মপুৰত প্ৰতিষ্ঠা কৰা হৈছিল। উচ্চতৰ বৈজ্ঞানিক শিক্ষা আৰু অনুসন্ধানসহ স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ বৈজ্ঞানিক অনুসন্ধানক প্ৰত্যাশিত কৰা আৰু উচ্চ গুণ সম্পন্ন শিক্ষাবিদ গঠন ইয়াৰ উদ্দেশ্য আছিল। এই অনুষ্ঠানক ভাৰত চৰকাৰে ‘ৰাষ্ট্ৰীয় মহত্ত্বপূৰ্ণ প্ৰতিষ্ঠান' মান্যতা প্ৰদান কৰিছে। ২০১৬-১৭ শিক্ষাবৰ্ষৰ আগষ্ট মাহত ই আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছিল। এইখন ভাৰতৰ আন সাতটা ইছাৰ ভিতৰত অন্যতম।
ইতিহাস
গুণাত্মক শিক্ষা আৰু মৌলিক বিজ্ঞানৰ যোগেদি গৱেষণাক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ২০০৬ চনত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান সংস্থা স্থাপন কৰা হৈছিল। ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা, বিজ্ঞান শিক্ষা আৰু অনুসন্ধান (NITSER) অধিনিয়ম, ২০০৭ৰ সংশোধন আৰু পৰিৱৰ্তন কৰি সংসদত প্ৰযুক্তিবিদ্যা, বিজ্ঞান শিক্ষা আৰু অনুসন্ধান (NITSER) বিল, ২০১৬ মাধ্যমেৰে মূল অধিনিয়মৰ দ্বিতীয় পৰিশিষ্ট লৈ আইজৰ তিৰুপতি আৰু ইছাৰ ব্ৰহ্মপুৰক চামিল কৰা হৈছিল।১ তেতিয়া কেন্দ্ৰীয় অৰ্থনৈতিক মন্ত্ৰী অৰুণ জেটলী ২০১৫ চনত নিজৰ বাজেট ভাষণেৰে আইজৰ ব্ৰহ্মপুৰৰ প্ৰতিষ্ঠা সম্পৰ্কে সূচনা প্ৰদান কৰিছিল। এয়া পূৰ্বৰ পুনে আৰু কলিকতা (২০০৬), মোহালি (২০০৭), ভূপাল আৰু তিৰুৱনন্তপুৰম (২০০৮)ত অন্য ৫টা আইজৰ প্ৰতিষ্ঠা কৰা হৈছিল।
কেম্পাচ
আইজৰ ব্ৰহ্মপুৰ চৰকাৰী আই.টি.আই. ব্ৰহ্মপুৰত ইয়াৰ অস্থায়ী কেম্পাচত সাময়িকভাৱে কাম কৰি আছে। স্থায়ী কেম্পাচ ব্ৰহ্মপুৰৰ ওচৰৰ লাউৰিগ্ৰামত নিৰ্মাণ কাৰ্য চলি আছে।
বিভাগ
এই অনুষ্ঠানটোৰ মুঠ ৪টা বিভাগ আছে। য’ৰ পৰা বি.এচ.এম.এচ. দ্বৈত ডিগ্ৰী, ইণ্টিগ্ৰেটেড পি.এইছ.ডি. আৰু পি.এইছ.ডি. ডিগ্ৰী প্ৰদান কৰা হয় সেইবিলাক হ’ল:
- জীৱ বিজ্ঞান বিভাগ (Department of Biological Sciences)
- ৰসায়ন বিজ্ঞান বিভাগ (Department of Chemical Sciences)
- গণিত বিভাগ (Department of Mathematical Sciences)
- পদাৰ্থ বিজ্ঞান বিভাগ (Department of Physical Sciences)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ” প্ৰবন্ধৰ সংশোধন ২৬৮০৯০ (১৭ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।