কোণ্ডাপল্লী খেলনা (Kondapalli Toys) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ ওচৰৰ কৃষ্ণা জিলাৰ এখন গাওঁ কোণ্ডাপল্লীত কাঠৰে তৈয়াৰ কৰা খেলনাৰ প্ৰকাৰ।১ কোণ্ডাপল্লীৰ বুম্মলা কলনী বা খেলনাৰ কলনীত এই শিল্প চৰ্চা কৰা হয়।২ সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি অন্ধ্ৰ প্ৰদেশৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে।৩৪ সংক্ৰান্তি আৰু নৱৰাত্ৰি উৎসৱৰ সময়ত এই পুতলাবোৰ ঘৰবোৰত একত্ৰিত কৰা বিভিন্ন খেলনাৰ ভিতৰত অন্যতম আৰু ইয়াক বুম্মলা কোলুভু বুলি উল্লেখ কৰা হয়।৫
ইতিহাস
কোণ্ডাপল্লী খেলনা এক প্ৰকাৰৰ ৪০০ বছৰ পুৰণি হস্তশিল্প। খেলনা তৈয়াৰ কৰা শিল্পীসকলক আৰ্যক্ষত্ৰিয় বুলি কোৱা হয়। ব্ৰহ্মাণ্ড পুৰাণত তেওঁলোকৰ উল্লেখ পোৱা যায়।২ তেওঁলোক ষোড়শ শতিকাত ৰাজস্থানৰ পৰা কোণ্ডাপল্লীলৈ প্ৰব্ৰজন কৰিছিল আৰু ভগৱান শিৱৰ দ্বাৰা কলা আৰু শিল্পৰ দক্ষতাৰে সমৃদ্ধ ঋষি মুক্তিঋষিৰ পৰা তেওঁলোকৰ উৎপত্তি বুলি দাবী কৰে।১
ৰ শিল্পৰামমত প্ৰদৰ্শিত কাঠৰ শিল্প]]
নিৰ্মাণ
কোণ্ডাপল্লী খেলনাবোৰ কোমল কাঠৰ পৰা তৈয়াৰ কৰা হয়। স্থানীয়ভাৱে ইয়াক টেল্লা পোনিকী বুলি কোৱা হয়। এই উদ্ভিদ ওচৰৰ কোণ্ডাপল্লী পাহাৰত পোৱা যায়। খেলনাৰ প্ৰতিটো অংশ পৃথকে কাৰুকাৰ্য খচিত কৰা হয়। তাৰ পিছত মাক্কু নামৰ কাঠৰ গুৰি আৰু তেঁতেলী গুটিৰ পিটিকা কৰি টুকুৰা সমূহ জোৰা লগাবলৈ আঠা হিচাপে ব্যবহাৰ কৰা হয়। তাৰপিছত কলাকৃতি সমূহ শেষৰ পৰ্যায়ত উপনীত কৰা হয়। ইয়াৰ পিছৰ পদক্ষেপত তেল আৰু পানী-ৰং বা পাচলিৰ ৰং আৰু এনামেল ৰঙৰ সৈতে ৰং পুতলাৰ বিভিন্ন প্ৰকাৰৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰা হয়।১৬ শিল্পীসকলে মুখ্যতঃ ধৰ্মীয় আকৃতি, দেৱ-দেৱী, জন্তু, চৰাই, গৰুগাড়ী, গ্ৰাম্য জীৱনৰ উপাদান ইত্যাদি প্ৰস্তুত কৰে। আটাইতকৈ উল্লেখযোগ্য খেলনাৰ ভিতৰত দশৱতাৰ, নৃত্যৰত পুতলা অন্যতম।৭
বৰ্তমান স্থিতি
প্ৰাচীন কালত শাসকসকলৰ পৰা এই কলায়ে পৃষ্ঠপোষকতা লাভ ৰখা কৰিছিল। যদিও বৰ্তমান সময়ত লাভৰ অভাৱ, খেলনা উৎপাদন কৰিবলৈ সময় লোৱা, পশ্চিমীয়া কলাৰ প্ৰভাৱ আৰু যুৱ প্ৰজন্মক এই কলাৰ প্ৰতি উৎসাহিত নকৰাৰ বাবে ইয়াৰ গুৰুত্ব ক্ৰমে হ্ৰাস পাইছে।৮৯ লেপাক্ষী আৰু লেংক' ইনষ্টিটিউট অফ জেনেৰেল ইউমেৰনেটিয়েল ট্ৰাষ্টে পুতলা তৈয়াৰ কৰাৰ কলা জীয়াই ৰাখিবলৈ কিছুমান উদ্যোগ হাতত লৈছে।৬ সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি অন্ধ্ৰ প্ৰদেশৰ পৰা ২০১৬ চনত ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ইয়াৰ ফলত শিল্পবিধৰ বিপনন আৰু বাণিজ্যৰ ক্ষেত্ৰত কিছু সহায় হব বুলি আশা কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Guhan, V. (21 June 2003). Creative Kondapally. The Hindu
- ↑ (19 May 2015). Toying with heritage: No heir to Kondapalli's amazing art – Times of India. The Times of India
- ↑ Registration Details of Geographical Indications. Intellectual Property India, Government of India
- ↑ (23 January 2016). Geographical Indication. The Hans India
- ↑ (12 January 2011). News Archives: The Hindu. www.hindu.com
- ↑ Chandaraju, Aruna. (27 January 2016). Playing safe with local craft. Deccan Herald
- ↑ Banu, Saira. (6 September 2009). Treasure in traditional toys. The Hindu
- ↑ Devalla, Rani. (23 January 2016). Kalamkari saris in a new combination. The Hindu
- ↑ Chaudhury, Swaati. (11 January 2014). Tales that Kondapalli toys narrate. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোণ্ডাপল্লী খেলনা” প্ৰবন্ধৰ সংশোধন ৩৪১০৮৩ (২৩ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।