অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আলেপ্পী সেউজীয়া ইলাচী

আলেপ্পী সেউজীয়া ইলাচী (Alleppey Green Cardamom) হৈছে বৰ্তমানৰ ভাৰতীয় ৰাজ্য কেৰালাত উৎপাদিত ইলাচীৰ এবিধ জাত। পশ্চিম ঘাট পৰ্বতমালাৰ লগতে দক্ষিণ কেৰালা, পশ্চিম আৰু দক্ষিণ তামিলনাডুত এইবিধ ইলাচীৰ উৎপাদন হয়।

হালনাগাদ: ২৬ জুলাই ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আলেপ্পী সেউজীয়া ইলাচী (Alleppey Green Cardamom) হৈছে বৰ্তমানৰ ভাৰতীয় ৰাজ্য কেৰালাত উৎপাদিত ইলাচীৰ এবিধ জাত। পশ্চিম ঘাট পৰ্বতমালাৰ লগতে দক্ষিণ কেৰালা, পশ্চিম আৰু দক্ষিণ তামিলনাডুত এইবিধ ইলাচীৰ উৎপাদন হয়। প্ৰাচীন হিন্দু ধৰ্মগ্ৰন্থত ইয়াৰ উল্লেখ পোৱা যায় আৰু প্ৰাচীন কালৰে পৰা বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ হৈ অহা মছলাসমূহৰ ভিতৰত ই অন্যতম।

ইতিহাস

কৌটিল্যৰ অৰ্থশাস্ত্ৰ, সুশ্ৰুত সংহিতা আৰু চৰক সংহিতাৰ দৰে প্ৰাচীন হিন্দু গ্ৰন্থত এই মছলাবিধৰ উল্লেখ আছে। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত গ্ৰীকসকলৰ সৈতে ইয়াৰ বাণিজ্য কৰা হৈছিল। পিছলৈ প্ৰাচীন ৰোমান, আৰৱ আৰু অন্যান্য ইউৰোপীয় ৰাজ্যসমূহৰ সৈতে হোৱা মছলা বাণিজ্যৰ ই এক অংশ হৈ পৰে। ১৮ শতিকাত ব্ৰিটিছ ৰাজৰ সৈতে হোৱা এক বুজাবুজিৰ জৰিয়তে ট্ৰাভাংকুৰ ৰাজ্যই ইলাচী বাণিজ্য আৰু ৰপ্তানিৰ ওপৰত একচ্ছত্ৰী অধিকাৰ লাভ কৰে। ইয়াৰ ফলত ট্ৰাভাংকুৰৰ সকলো ইলাচী কেৱল মুখ্য বাণিজ্যিক বন্দৰ হিচাপে পৰিগণিত আলেপ্পীৰ চৰকাৰী ডিপোত বিক্ৰী কৰিবলগীয়া হৈছিল।১ আলেপ্পীত খেতি কৰাৰ বাবে এই ইলাচীৰ জাতটোক আলেপ্পী ইলাচী বুলি কোৱা নহয়, বৰঞ্চ আলেপ্পী আছিল এই ইলাচী প্ৰক্ৰিয়াকৰণ কৰা মূল ডিপো।২

খেতি

পশ্চিম ঘাটৰ দক্ষিণ ঢালত ৮০০–১,৩০০ মিটাৰ (২,৬০০–৪,৩০০ ফুট) উচ্চতাত এই শস্যৰ খেতি কৰা হয়। ৭ তকৈ কম pH যুক্ত বালিচহীয়া উৰ্বৰ বা বোকা উৰ্বৰ মাটিত ইয়াৰ খেতি ভাল হয়। উদ্ভিদজোপা ৩ মিটাৰ (৯.৮ ফুট) পৰ্যন্ত ওখ হয়। ই এবিধ বৰষুণৰ ওপৰত নিৰ্ভৰশীল শস্য। সাধাৰণতে জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী ঋতুত ইয়াৰ খেতি কৰা হয়। মৌচুমী ঋতুৰ সময়ত গুটি সিঁচা হয় আৰু পাঁচৰ পৰা সাত সপ্তাহৰ পিছত বীজৰ অংকুৰণ ঘটে। ৰোপণৰ প্ৰায় তিনি বছৰৰ পিছত গছজোপাত ফল বা চেঁই ধৰিবলৈ আৰম্ভ কৰে। এপ্ৰিল-মে' মাহত ফুল ফুলা আৰম্ভ হয় আৰু প্ৰায় চাৰি মাহৰ পিছত ফল পকে। অক্টোবৰ-নৱেম্বৰ মাহত ইয়াৰ ফল সংগ্ৰহ কৰা হয় আৰু একেটা ঋতুতে একাধিকবাৰ সংগ্ৰহ কৰিব পৰা যায়।১

এই জাতৰ ইলাচী উৎপাদনৰ এলেকা পশ্চিম ঘাটৰ দক্ষিণ কেৰালা, পশ্চিম আৰু দক্ষিণ তামিলনাডু জুৰি বিস্তৃত। আৰৱসকলৰ সৈতে আৰু পিছলৈ ইউৰোপীয়সকলৰ সৈতে বাণিজ্য কৰা এই ইলাচিবিধ আছিল অন্যতম মছলা।১

বিৱৰণ

ই ইলাচীৰ অন্যতম প্ৰাচীন আৰু জনপ্ৰিয় জাত। ই আলপিনাইডীয় (Alpinioideae) উপ-পৰিয়ালৰ Elettaria cardamomum উদ্ভিদৰ পুৰঠ আৰু শুকান ফল। মছলাবিধ পাতল সেউজীয়া ৰঙৰ, তিনিটা কোণ যুক্ত চেঁই আৰু কোঁচ খোৱা আকৃতিৰ। গড়হিচাপত ইয়াৰ দৈৰ্ঘ্য ২১ মিলিমিটাৰ (০.৮৩ ইঞ্চি) আৰু ব্যাস ৮ মিলিমিটাৰ (০.৩১ ইঞ্চি)। ইয়াৰ এক মনোহৰ মিঠা সোৱাদ আৰু ফলৰ দৰে গোন্ধ আছে। টাৰ্পিনাইল এচিটেট (Terpinyl acetate), চিনেওল (cineole), লিনালুল (Linalool) আৰু লিনালিল এচিটেট (Linalyl acetate)ৰ উপস্থিতিৰ বাবে এই সোৱাদ পোৱা যায়। অধিক তেলৰ পৰিমাণৰ বাবে, ইয়াক তেল উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় যি সুগন্ধি তেল আৰু বীজাণুনাশক হিচাপে ব্যৱহৃত হয়।১

উৎপাদন

সংগ্ৰহ কৰা ফলসমূহ বোৱতী পানীত ধোৱা হয়। ধুই পৰিষ্কাৰ কৰা ফলসমূহ ইন্ধনৰ ভাটিত (kilns) শুকুৱাই সেমেকা ভাব হ্ৰাস কৰা হয়। ফলসমূহ সূৰ্যৰ পোহৰত স্বাভাৱিকভাৱে বা কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰি শুকুৱাব পাৰি। শুকান ফলসমূহ ওজন, আকাৰ, ৰং আৰু গোন্ধৰ দৰে বিভিন্ন মাপকাঠিৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভক্ত কৰা হয়। ইলাচী সাধাৰণতে পাতল সেউজীয়া ৰঙৰ হয় কিন্তু ফল চপোৱাৰ পিছত শুকোৱা প্ৰক্ৰিয়াত পলম হ'লে ই মটীয়া ৰঙৰ হৈ পৰিব পাৰে। চেমেকা ভাব জমা হোৱাত বাধা দিবলৈ ইয়াক বায়ু চলাচলৰ ব্যৱস্থা থকা স্থানত ৬৫ °চে (১৪৯ °ফা) পৰ্যন্ত উচ্চ উষ্ণতাত চটৰ বস্তাত সংৰক্ষণ কৰা হয়।১

ভৌগোলিক সূচক

২০০৭-০৮ চনত ইয়াক ভৌগোলিক সূচক (Geographical Indication) হিচাপে ঘোষণা কৰা হৈছিল।৩ পঞ্জীয়নৰ বাবে আৱেদন ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মছলা ব'ৰ্ডে (Spices Board) কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ Alleppey Green Cardamom. Government of Kerala
  2. ↑ (29 March 2011). GI status to spice up branding of unique crop varieties. The Times of India
  3. ↑ Geographical indications in India. Government of India
  4. ↑ GT Application No. 72. Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিমছলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেপ্পী সেউজীয়া ইলাচী” প্ৰবন্ধৰ সংশোধন ৬১৯৬১৭ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।