অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মথুৰা পেড়া

মথুৰা পেড়া (Mathura Peda) এক উত্তৰ ভাৰতীয় অতি জনপ্ৰিয় মিঠাই। ইয়াৰ উৎপত্তিস্থল ভাৰতৰ মথুৰা। গাখীৰৰ পৰা প্ৰস্তুত কৰা উত্তৰ ভাৰতীয় এক উপকৰণ খয়া বা মাৱাৰ পৰা তৈয়াৰ কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মথুৰা পেড়া (Mathura Peda) এক উত্তৰ ভাৰতীয় অতি জনপ্ৰিয় মিঠাই। ইয়াৰ উৎপত্তিস্থল ভাৰতৰ মথুৰা। গাখীৰৰ পৰা প্ৰস্তুত কৰা উত্তৰ ভাৰতীয় এক উপকৰণ খয়া বা মাৱাৰ পৰা তৈয়াৰ কৰা হয়।১ মথুৰা পেড়া ভাৰতত ইমানেই প্ৰসিদ্ধ তথা জনপ্ৰিয় যে মুখে মুখে বহুতো যোজনা যেনে "मथुरा का पेड़ा औ छत्तीसगढ़ का खेड़ा" (অৰ্থাৎ মথুৰাৰ পেড়া আৰু ছত্তিসগড়ৰ খেড়া) প্ৰচলিত।২ পেড়াৰ বাবে মথুৰাৰ এক বাণিজ্যিক চিন্হ বা ট্ৰেডমাৰ্ক হিচাপে ব্যৱহৃত হয়।৩ ভ্ৰমণ কালত মথুৰাৰ পেড়া, মেৱা ভাতি পেড়া আৰু ৰপ্তানিযোগ্য বিশেষ পেড়ায়ে পৰ্যটক সকলক আকৃষ্ট কৰে।৪এই মিঠাই খাদ্যৰ পদ হিচাপে ভাৰতৰ ভৌগলিক অস্তিত্বৰ ইংগিত দিয়ে।

জন্মাষ্টমী ভোগ

কৃষ্ণৰ জন্মভূমি মথুৰাত জনপ্ৰিয় প্ৰসাদ হিচাপে মথুৰা পেড়েৰা বিতৰণ কৰা হয়।৫ তাজা মেৱা, চেনি, গাখীৰ আৰু ঘিঁৰ লগত অতিৰিক্ত সোৱাদৰ বাবে ইলাচী একেলগ মিলাই ৰান্ধি ইয়াক প্ৰস্তুত কৰা হয়। আজিকালি ভাৰতত পেড়াৰ অবিহনে যেন জন্মাষ্টমী অপূৰ্ণ বুলি কোৱা হয়। প্ৰতি বছৰে এই দিনা পেড়া তৈয়াৰ কৰি কৃষ্ণৰ নামত উৎসৰ্গা কৰা হয় আৰু ইয়াৰে উপবাস ভাঙা হয়।৬

বিশ্বব্যাপী প্ৰসিদ্ধি

মথুৰাৰ বাহিৰেও ভাৰতৰ অন্যান্য পৰ্যটন স্থানত মথুৰাৰ পেড়া, আগ্ৰাৰ পেঠা আৰু মানেৰৰ লাড্ডুৰ সমানে জনপ্ৰিয়।৭ ভাৰতীয় মিঠাইৰ ভিতৰত মথুৰাৰ পেড়ায়ে এক সুকীয়া স্থান দখল কৰি আছে।

পেড়া
পেড়াছবি: Public domain

এনড্ৰইদ নামাৰণ মতানৈক্য

গুগলে যেতিয়া পৰৱৰ্তী এনড্ৰইদ সংস্কৰণৰ নাম ভাৰতীয় মিঠাইৰ নামত নামাকৰণ কৰিব বুলি ঘোষণা কৰিছিল, বিভিন্ন পৰামৰ্শিত নামৰ ভিতৰত মথুৰা পেড়াও আছিল। কিন্তু ভাৰত চৰকাৰে কোনো এটা নাম সঠিককৈ নিৰ্বাচন কৰিব নোৱাৰা বাবে গুগলে উক্ত প্ৰস্তাৱটি ২০১৮ চনলৈ পিছুৱাই দিয়ে।৮

লোকসাহিত্য

ভাৰতীয় লোকসাহিত্যত মথুৰাৰ পেড়াৰ স্বাদ দেখিবলৈ পোৱা যায়। "মথুৰা কা পেড়ে মোহে লাও, খিলায়ে জি....."(তেওঁ মোক মথুৰাৰ পেড়া আনি খাবলৈ দিলে) ছন্দ পূজন গীত ভাৰতত অতি জনপ্ৰিয়।৯১০

ৰন্ধন প্ৰণালীৰ লিংক

তথ্যসূত্ৰ

  1. ↑ Sanjeev Kapur. Mithai. Popular Prakashan. পৃ. Author's Note. ISBN 9788179917121
  2. ↑ Madhya Pradesh (India). (1965). Madhya Pradesh district gazetteers, Volume 1. Govt. Central Press. পৃ. 107
  3. ↑ John Napier. (2013). They Sing the Wedding of God: An Ethnomusicological Study of the Mahadevji ka byavala as Performed by the Nath-Jogis of Alwar. McFarland. পৃ. 175. ISBN 9781476602134
  4. ↑ Kavita Kanan Chandra. (March 11, 2015). Love and Lord Krishna. Kavita Kanan Chandra. India Currents
  5. ↑ Seema Mattoo. (Sep 4, 2015). What each region prepares for Krishna on his birthday. Seema Mattoo. Times of India
  6. ↑ Sapana Behl. Mathura ke Pede. Sapana Behl. Indian Simmer
  7. ↑ Saransh Goela. (2015). India on my Platter. Om Books International. পৃ. Day 83. ISBN 9789383202041
  8. ↑ Mishtik Journo. (December 18, 2015). liticians, Laddoo, Chum-chum, Mysore-Pak, Peda, Kheer fight out for Android version name. Mishtik Journo. Faking news
  9. ↑ (1972). Folk-lore, Volume 13. Indian Publications. পৃ. 260
  10. ↑ Satya Prakash Arya. (1975). A Sociological Study of Folklore: Projected Research in Kuru Region (Saharanpur, Muzaffarnagar, Meerut, Bulandshahar, and Bijnor Districts of Western Uttar Pradesh). Indian Publications. পৃ. 102

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিমিঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মথুৰা পেড়া” প্ৰবন্ধৰ সংশোধন ৩৮২৪৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।