অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কোল্‌হাপুৰী চেণ্ডেল

কোল্‌হাপুৰী চেণ্ডেল (Kolhapuri chappal) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়।

হালনাগাদ: ৩১ জুলাই ২০২৫ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কোল্‌হাপুৰী চেণ্ডেল (Kolhapuri chappal) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়। কোল্‌হাপুৰী চেণ্ডেল বা কোল্‌হাপুৰী সাধাৰণতে মুক্ত বুঢ়া আঙুলিযুক্ত টি-ষ্ট্ৰেপ চেণ্ডেলৰ এক শৈলী।১

২০১৯ চনৰ জুলাইত কোল্‌হাপুৰী চেণ্ডেল পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল। এটা ভুল ধাৰণা যে কেৱল মহাৰাষ্ট্ৰৰ শিল্পীসকলেহে এই চেণ্ডেল তৈয়াৰ কৰাৰ লগত জড়িত। কাৰণ কৰ্ণাটকৰ বহুতো শিল্পীও বহু শতিকা জুৰি কোল্‌হাপুৰী চেণ্ডেল তৈয়াৰ কৰাত জড়িত হৈ আছে। কৰ্ণাটকৰ বাদলকোট, বেলগাভি, ধাৰৱাদ আৰু বিজাপুৰ জিলাৰ লগতে মহাৰাষ্ট্ৰৰ কোল্‌হাপুৰ, চাংলি, সাতাৰা আৰু চোলাপুৰ জিলায়ে কেৱল কোল্‌হাপুৰী চেণ্ডেলৰ নিৰ্মাণ আৰু বাণিজ্যিকৰণৰ স্বীকৃতি লাভ কৰিছে।২৩

ইতিহাস

কোল্‌হাপুৰী চেণ্ডেল উৎপত্তি ১২ শতিকাত হৈছিল। সেইসময়ত ৰজা বিজজালা আৰু তেওঁৰ প্ৰধানমন্ত্ৰী বাসৱন্নে কোল্‌হাপুৰী চেণ্ডেল উৎপাদনক উৎসাহিত কৰিছিল। তেওঁলোকৰ মূল উদ্দেশ্য আছিল মুচি সম্প্ৰদায়ক আৰ্থিক ভাৱে সবল কৰা। ঐতিহাসিক তথ্য অনুসৰি প্ৰথমে ১৩ শতিকাৰ আৰম্ভণিতে কোল্‌হাপুৰী চেণ্ডেলৰ প্ৰচলন আৰম্ভ হৈছিল। ইয়াক আগতে কাপাছি, পেতান, কচকাদি, বক্কালনালী আৰু পুকৰি বুলি জনা গৈছিল। এই নামবোৰে চেণ্ডেল তৈয়াৰ কৰা গাঁৱৰ নামৰ পৰা আহিছে।৪

কোল্‌হাপুৰী চেণ্ডেলৰ উৎপত্তিৰ আঁৰত এটা বিতৰ্ক আছে। কৰ্ণাটক চামৰা উদ্যোগ বোৰ্ডে দাবী কৰিছে যে এইবোৰ কৰ্ণাটকৰ কাপাছি গাঁৱৰ পৰা উদ্ভৱ হৈছিল। কোৱা হয় যে কাপাছি গাঁৱত চেণ্ডেল তৈয়াৰ কৰা হৈছিল আৰু কোল্‌হাপুৰৰ মহালক্ষ্মী মন্দিৰৰ সন্মুখত বিক্ৰী কৰা হৈছিল আৰু সেইবাবেই তেওঁলোকে এনে নাম অৰ্জন কৰিছে। অন্য কিছুমানে এই চেণ্ডেল কোল্‌হাপুৰৰ পৰা উদ্ভৱ হৈছিল বুলি দাবী কৰে।৫

উৎপাদন প্ৰক্ৰিয়া

ত কোল্‌হাপুৰী চেণ্ডেল]]

কোল্‌হাপুৰী এযোৰ তৈয়াৰ কৰিবলৈ ছয় সপ্তাহলৈকে সময় লাগিব পাৰে।৬ ইয়াক সাধাৰণতে ম'হৰ ছালৰ পৰা প্ৰস্তুত কৰা চামৰা আৰু সূতাৰ পৰা তৈয়াৰ কৰা হয়। পাৰম্পৰিক চেণ্ডেলবোৰৰ ওজন ২.০১ কিলো আছিল। মহাৰাষ্ট্ৰ ৰাজ্য অত্যধিক তাপ আৰু পাৰ্বত্য অঞ্চল স্বত্বেও তেওঁলোকক স্থায়ী কৰি তোলাৰ বাবে মোটা চল ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ ওজন বেছি।

কোল্‌হাপুৰী চেণ্ডেল তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় স্তৰসমূহ হৈছে:

  • স্কিভিং
  • পেটাৰ্ণ নিৰ্মাণ আৰু কটা
  • ওপৰৰ আৰু তলৰ হিল জোৰা লগোৱা
  • চিলাই কৰা
  • সমাপ্ত কৰা
  • পাংচিং আৰু ট্ৰিমিং
  • সজ্জা আৰু পলিছ কৰা
  • একত্ৰিত কৰা হৈছে

ডিজাইন আৰু স্থায়িত্ব

বৰ্তমান সময়ত পাৰম্পৰিক কঠিন সামগ্ৰীৰ পৰা কোমল সামগ্ৰীৰ ব্যৱহাৰ আৰু পিন্ধিবলৈ অধিক আৰামদায়ক ডিজাইনবোৰ গ্ৰহণ কৰা হৈছে। শিল্পীসকলে নিজেই পাৰম্পৰিক আৰ্হি ডিজাইন কৰিছিল আৰু বিক্ৰী কৰিছিল। কিন্তু বৰ্তমান সস্তা সামগ্ৰীৰ চাহিদা থকা বাবে এনে ডিজাইনৰ প্ৰয়োজনীয়তাৰ লক্ষ্য ৰাখি নিৰ্মাণ কৰা হয়।

যদিহে ভালদৰে ৰখা হয় আৰু বৰষুণৰ বতৰত ব্যৱহাৰ কৰা নহয় এই চেণ্ডেল জীৱনকাল ধৰি ব্যৱহাৰ কৰিব পাৰি। সত্তৰৰ দশকত হিপ্পী আন্দোলনৰ সৈতে কোল্‌হাপুৰী চেণ্ডেল আমেৰিকা যুক্তৰাষ্ট্ৰত এক অতি জনপ্ৰিয় পাদুকা হৈ পৰিছিল। ইয়াৰ জনপ্ৰিয়তা ক্ৰমে ম্লান পৰিছিল। শেহতীয়াকৈ এতিয়াৰ নতুন মডেল ভৰিৰ ৰিং চেণ্ডেল বুলি পুনৰ বজাৰলৈ ঘূৰি আহিছে।

তথ্যসূত্ৰ

  1. ↑ (19 July 2019). Kolhapuris: The famous leather chappal get Geographical Indication tag - Geographical Indication tag. The Economic Times
  2. ↑ Patil, Abhijeet. (21 June 2019). Kolhapuri chappal gets GI tag after decade-long wait. The Times of India
  3. ↑ Namma Kolhapuri chappal gets GI boost. The New Indian Express
  4. ↑ History of Kolhapuri Footwear-Indianmirror
  5. ↑ ಸೋಲ್ ಗೆಲುವು. Udayavani - ಉದಯವಾಣಿ
  6. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ হস্তশিল্পভাৰতৰ ভৌগোলিক স্বীকৃতিমহাৰাষ্ট্ৰকৰ্ণাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোল্‌হাপুৰী চেণ্ডেল” প্ৰবন্ধৰ সংশোধন ৫২৮৯৬৮ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।