ভাৰতৰ ভৌগোলিক স্বীকৃতি
৪৫ প্ৰবন্ধ
-
চিকন (সূচিশিল্প)
চিকন (Chikan) হ'ল ভাৰতৰ লক্ষ্ণৌৰ এক পৰম্পৰাগত সূচিশিল্পৰ শৈলী। অনুবাদ কৰা এই শব্দটোৰ অৰ্থ হৈছে এম্ব্ৰইডাৰী (সূতা বা তাঁৰ ব্যৱহাৰ কৰা) আৰু ই লক্ষ্ণৌৰ অন্যতম বিখ্যাত বস্ত্ৰ সজ্জাৰ শৈলী। লক্ষ্ণৌৰ চিকংকাৰীভিত্তিক সামগ্ৰীৰ মূল বজাৰ হৈছে চৌক। ইয়াৰ উৎপাদন মুখ্যতঃ লক্ষ্ণৌ আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত হয়।
-
নাচিয়াৰকইল চাকি
নাচিয়াৰকইল চাকি (Nachiarkoil lamp) হৈছে ভাৰতৰ তামিলনাডুৰ নাচিয়াৰ কইল চহৰৰ কাম্মালাৰ পথত শৃংখলাৰে তৈয়াৰ কৰা এক প্ৰকাৰৰ অলংকাৰিক পিতলৰ চাকি। এই পাৰম্পৰিক হস্তশিল্পত পিতলৰ দীঘল স্তম্ভৰ ওপৰত কাৰুকাৰ্য খচিত চাকি থাকে। বিভিন্ন আকাৰত তৈয়াৰ কৰা এই চাকিৰ চাৰিটা অংশ থাকে।
-
নাঞ্জানাগড় কল
নাঞ্জানাগড় কল অথবা নাঞ্জানাগড় ৰচাবালে-হানু ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চামাৰাজ নগৰ আৰু মহীশূৰ জিলাত খেতি কৰা এক ধৰণৰ কলৰ জাত। নাঞ্জানাগড় কলৰ সোৱাদ আৰু গোন্ধৰ বাবে গোটেই ভাৰতবৰ্ষ বিখ্যাত। এই কলৰ সুন্দৰ গঠনে ইয়াক আকৰ্ষণীয় কৰি তুলিছে। সঠিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ মাধ্যমত এই কল পৰিপূৰ্ণতা লাভ কৰে।
-
নিজামাবাদৰ ক'লা মাটিৰ শিল্প
নিজামাবাদৰ ক'লা মাটিৰ শিল্প (Nizamabad black clay pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ নিজামাবাদত প্ৰচলিত পৰম্পৰাগত মৃৎশিল্প। ক'লা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত।
-
নিৰ্মল খেলনা আৰু শিল্প
নিৰ্মল খেলনা আৰু শিল্প (Nirmal toys and craft) ভাৰতৰ তেলেংগানা ৰাজ্যৰ আদিলাবাদ জিলাৰ নিৰ্মল চহৰত তৈয়াৰ কৰা পৰম্পৰাগত ভাৰতীয় কাঠৰ খেলনা আৰু শিল্প। ইয়াক সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি তেলেংগানাৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে।
-
নিৰ্মল চিত্ৰশৈলী
নিৰ্মল চিত্ৰশৈলী (Nirmal paintings) ভাৰতৰ তেলেংগানা ৰাজ্যৰ নিৰ্মল জিলাৰ নিৰ্মল প্ৰচলিত এবিধ পাৰম্পৰিক চিত্ৰশৈলী। চিত্ৰশিল্পী সকলে নিৰ্মল চহৰত এক সৰু উদ্যোগ গঠন কৰিছে। নিৰ্মল চহৰত শিল্পী সকলে নিজৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকৰ কলাক সৰু ব্যৱসায়ৰ ৰূপত অনুশীলন কৰিছে।
-
পায়্যন্নুৰ পৱিত্ৰ মথিৰাম
পায়্যন্নুৰ পৱিত্ৰ মথিৰাম ভাৰতীয় সকলে ধৰ্মীয় মূল্যবোধৰ বাবে পিন্ধা এক বিশেষ প্ৰকাৰৰ আঙঠি। এই পৱিত্ৰ আঙঠি 'পিথ্ৰু বলী' বা মৃত পূৰ্বপুৰুষৰ বাবে প্ৰাৰ্থনা অনুষ্ঠানত পিন্ধা হয়। এই আঙঠি পাৰম্পাৰিক ভাবে দূবৰি ঘাঁহৰ পৰা তৈয়াৰ কৰা হৈছিল। আধুনিক 'পৱিত্ৰ মথিৰাম' সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
-
ফজলি আম
ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এক কিলোগ্ৰাম বা তাতোকৈ বেছি ওজনৰ হব পাৰে।
-
বিকানেৰী ভূজিয়া
বিকানেৰী ভূজিয়া এক প্ৰকাৰৰ বেচন আৰু ৰাজস্থানৰ চহৰ বিকানেৰৰ স্থানীয় মচলাৰে প্ৰস্তুত কৰা মচমচীয়া জলপান। ই দেখিবলৈ পাতল হালধীয়া বৰণৰ। পোনপ্ৰথমে ভূজিয়া বিকানেৰত তৈয়াৰ কৰা হৈছিল আৰু পিছলৈ গোটেই পৃথিৱীত ইয়াৰ প্ৰচলন হবলৈ ধৰিলে।
-
ভৱানী জামাক্কালাম
ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য। এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।
-
সংখেড়া আচবাব
সংখেড়া আচবাব (Sankheda furniture) ভাৰতৰ গুজৰাটৰ চেগুন কাঠৰ ৰঙীন আচবাব। এই আচবাব সমূহ লাৰে ৰং কৰা হয় আৰু পৰম্পৰাগতভাৱে উজ্জ্বল গাঢ় ৰঙা আৰু সোণালী ৰং কৰা হয়। ইয়াক গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ সংখেড়া গাঁৱত প্ৰস্তুত কৰা হয় আৰু এই গাঁৱৰ নামৰ পৰা ইয়াৰ নাম আহিছে।
-
স্বামীমালাই ব্ৰঞ্জ আইকন
স্বামীমালাই ব্ৰঞ্জ আইকন (Swamimalai Bronze Icons) ভাৰতৰ তামিলনাডু ৰাজ্যৰ স্বামীমালাইৰ পাৰম্পৰিক ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰা হস্তশিল্প। ২০০৮-০৯ চনত স্বামীমালাই ব্ৰঞ্জ আইকনে পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।
-
হাবাসপুৰী শাৰী
হাবাসপুৰী শাৰী (Habaspuri sari) হ`ল ভাৰতবৰ্ষৰ উৰিষ্যাৰ কপাহ ভিত্তিক এক পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ। হাবাসপুৰী শাৰী ইয়াৰ এক প্ৰধান উৎপাদিত সামগ্ৰী। উৰিষ্যাৰ কালাহাণ্ডি জিলাৰ চিচেগুডা ভুলিয়া তাঁতীসকল মূলতঃ হাবাসপুৰী কাপোৰ বয়নৰ বাবে বিখ্যাত।
-
হিমসাগৰ আম
হিমসাগৰ আম এক জনপ্ৰিয় আম। বাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।
-
ৱাংখেই ফি
ৱাংখেই ফি (Wangkhei Phee) ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ।