অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গুণ্টুৰ সান্নাম

গুণ্টুৰ সান্নাম (Guntur Sannam) বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহৰ ভিতৰত অন্যতম। গোটেই পৃথিৱীতে এই জলকীয়াৰ ব্যাপক চাহিদা। ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলা আৰু তেলঙ্গানা ৰাজ্যৰ ৱাৰেংগেল আৰু খাম্মাম জিলাৰ বিস্তৃত অঞ্চলত গুণ্টুৰ জলকীয়াৰ খেতি কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

গুণ্টুৰ সান্নাম (Guntur Sannam) বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহৰ ভিতৰত অন্যতম। গোটেই পৃথিৱীতে এই জলকীয়াৰ ব্যাপক চাহিদা।১২ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলা আৰু তেলংগানা ৰাজ্যৰ ৱাৰেংগেল আৰু খাম্মাম জিলাৰ বিস্তৃত অঞ্চলত গুণ্টুৰ জলকীয়াৰ খেতি কৰা হয়।

উৎপত্তি

গুণ্টুৰ সান্নাম জলকীয়া Capsicum annuum প্ৰজাতিৰ জলকীয়া। মচলা আৰু পাচলি হিচাপে ব্যৱহাৰৰ বাবে বাণিজ্যিক ভাবে গুণ্টুৰ সান্নাম জলকীয়া খেতি কৰা হয়। ভাৰতীয়সকলৰ জনমুৰি ব্যৱহৃত মচলাৰ এক বুজন অংশ জলকীয়াই আৱৰি আছে।

প্ৰায় ৪০০ বছৰ ধৰি ভাৰতত জলকীয়াৰ খেতি কৰি থকা হৈছে। জলকীয়া উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিছে। ভাৰতত উৎপাদিত মুঠ জলকীয়াৰ ৪৬% অন্ধ্ৰ প্ৰদেশ ৰাজ্যত উৎপাদিত হয় আৰু জলকীয়া উৎপাদনত অন্ধ্ৰ প্ৰদেশ ভাৰতৰ শীৰ্ষস্থান অধিকাৰী ৰাজ্য। এই জলকীয়াৰ নামেই প্ৰমাণ কৰে যে ই অন্ধ্ৰ প্ৰদেশৰ মৌলিক জলকীয়া। জলকীয়াৰ ওপৰত গৱেষণাৰ বাবে তিনি দশক পূৰ্বে অন্ধ্ৰ প্ৰদেশ চৰকাৰে গুণ্টুৰত এটি আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে।৩ বৰ্তমান সময়ত জলকীয়া সেই অঞ্চলৰ প্ৰধান অৰ্থকাৰী ফচল আৰু এই জাতৰ জলকীয়া খেতিয়কৰ সকলৰ জীৱিকাৰ উৎস হিচাপে পৰিণত হৈছে।

ব্যুৎপত্তি

তেলেগু শব্দ সান্নামৰ অৰ্থ মিহি। নামৰ দ্বাৰাই ফলৰ বৈশিষ্ট্য প্ৰকাশ পায়। গুণ্টুৰ সাম্মামৰ অৰ্থ হৈছে গুটুৰ অঞ্চলত উৎপাদিত মিহি জলকীয়া।

কৃষি

গুণ্টুৰ জলকীয়া প্ৰধানকৈ ডিচেম্বৰৰ পৰা ফল লাগিব আৰম্ভ হয়। বছৰি প্ৰায় ২৮০,০০০ টন গুণ্টুৰ সান্নাম জলকীয়া উৎপন্ন হয়। সৰ্বোচ্চ ফল পাবলৈ এটি নিৰ্দিষ্ট ব্যৱস্থা অৱলম্বন কৰি গুণ্টুৰ সান্নামৰ খেতি সম্পন্ন কৰা হয়। এই ফচল অতি সহজে ৰোগাক্ৰান্ত হয়। সেয়ে ভাল ফল পাবলৈ বিশেষ যত্ন আৰু লক্ষ্য প্ৰয়োজন।

গুণ্টুৰ সান্নামৰ বিভিন্ন তথ্য Factsheet
কৃষি অঞ্চলঅন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান, অসম
কৃষিৰ সময়জানুৱাৰীৰ পৰা এপ্ৰিল অথবা ডিচেম্বৰৰ পৰা মে'
ASTA Colour Value৩২.১১
জলাৰ মাত্ৰা০.২২৬%
বাৰ্ষিক উৎপাদন২৮০,০০০ টন

অঞ্চল ভেদে উৎপাদন

ভৌগোলিক অঞ্চল হিচাপে গুটুৰ সান্নাম জলকীয়া প্ৰধানত অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাতে কৃষি, প্ৰক্ৰিয়াকৰণ আৰু বজাৰিকৰণ কৰা হয়। গুন্টুৰ সাম্মাম জলকীয়াৰ বৃদ্ধিৰ বাবে উষ্ণ আৰু আদ্ৰ জলবায়ু উপযোগী আৰু পকাৰ সময়ত শুষ্ক জলবায়ু প্ৰয়োজন।

তথ্যসূত্ৰ

  1. ↑ God's Own Country - Kerala: Two Kerala pepper varieties to get GI tags
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Geographical Indications Journal, p. 20

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিজলকীয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণ্টুৰ সান্নাম” প্ৰবন্ধৰ সংশোধন ৩৮০৬৭৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।