ভাৰতৰ ন্যায়াধীশ
৩৫ প্ৰবন্ধ
-
ৰঞ্জন গগৈ
ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪) ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল।
-
দীপক মিশ্ৰ
ন্যায়াধীশ দীপক মিশ্ৰ (জন্ম ৩ অক্টোবৰ ১৯৫৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ জগদীশ সিং খেহৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়।তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মহাদেৱ গোবিন্দ ৰানডে
ৰাও বাহাদুৰ মহাদেৱ গোবিন্দ ৰানডে (Mahadev Govind Ranade, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল বিচাৰপতি ৰানডে (Justice Ranade')। ৰানডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।
-
এন. ভি. ৰমনা
নুথালাপতি ভেংকট ৰমনা চমুকৈ এন. ভি. ৰমনা (N. V. Ramana, জন্ম: ২৭ আগষ্ট ১৯৫৭) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু বৰ্তমান ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
-
ইন্দু মলহোত্ৰা
ইন্দু মলহোত্ৰা (Indu Malhotra) বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগতে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কৰ্মৰত আছিল।
-
জগদীশ সিং খেহৰ
ন্যায়ধীশ জগদীশ সিং খেহৰ (Jagdish Singh Khehar; জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ। তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে।
-
তীৰথ সিং ঠাকুৰ
ন্যায়ধীশ তীৰথ সিং ঠাকুৰ বা টি. এছ. ঠাকুৰ (জন্ম: ৪ জানুৱাৰী ১৯৫২) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৩তম মুখ্য ন্যায়ধীশ। তেওঁৰ পিতৃ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ দেৱী দাস ঠাকুৰ অসমৰ পূৰ্বৰ ৰাজ্যপাল আছিল। তিৰথ সিং ঠাকুৰ তেওঁৰ পিতৃৰ চেম্বাৰত ১৯৭২ চনত যোগ দি কৰ্মজীৱন আৰম্ভ কৰে।
-
শৰদ অৰবিন্দ ববডে
শৰদ অৰবিন্দ ববডে (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ইয়াৰ আগতে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।
-
লীলা শেঠ
লীলা শেঠ (Leila Seth, ২০ অক্টোবৰ ১৯৩০ – ৫ মে' ২০১৭) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত প্ৰথম মহিলা ন্যায়াধীশ হিচাপে কাম কৰিছিল আৰু ৫ আগষ্ট ১৯৯১ চনত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি লাভ কৰাৰ পিছত তেওঁ এখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদবী লাভ কৰা…
-
বি. ভি. নাগৰত্না
বি. ভি. নাগৰত্না (B. V. Nagarathna, জন্ম: ৩০ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ পৰা ২০২১ চনলৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰঞ্জনা দেশাই
ৰঞ্জনা প্ৰকাশ দেশাই (Ranjana Prakash Desai,জন্ম-৩০ অক্টোবৰ ১৯৪৯) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু ভাৰতীয় সীমা আয়োগৰ মুৰব্বী। ইয়াৰ পূৰ্বে তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যৰ পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিছিল৷ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ বম্বে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ…
-
অমিতাভ ৰায়
অমিতাভ ৰায় (জন্ম: ১ মাৰ্চ ১৯৫৩) এগৰাকী ভাৰতীয় ন্যায়ধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাপ্তন ন্যায়ধীশ। ইয়াৰ আগতে ওড়িশা উচ্চ ন্যায়ালয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো ন্যায়ধীশ হিচাপে কৰ্মৰত আছিল।
-
আন্না চান্দী
আন্না চান্দী (১৯০৫-১৯৯৬) ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। ১৯৩৭ চনত তেখেত এখন জিলা ন্যায়ালয়ত ভাৰতৰ প্ৰথম মহিলা বিচাৰকৰূপে নিযুক্ত হৈছিল। তেখেত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা বিশ্বৰ সম্ভৱতঃ দ্বিতীয়গৰাকী মহিলা আছিল।
-
পাৰ্বতী কুমাৰ গোস্বামী
ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী (জন্ম: ১ জানুৱাৰী ১৯১৩) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। ইয়াৰ লগতে তেওঁ অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপালো আছিল।
-
পিনাকী চন্দ্ৰ ঘোষ
পিনাকী চন্দ্ৰ ঘোষ (জন্ম ২৮ মে ১৯৫২) ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
-
ফাটিমা বিবি
এম. ফাটিমা বিবি (Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।
-
মুকুন্দকাম শৰ্মা
ন্যায়াধীশ ড° মুকুন্দকাম শৰ্মা (ইংৰাজী: Dr. Mukundakam Sharma) (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৪৬, কলকাতাত ) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু ২০১১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।
-
সঞ্জীৱ খান্না
সঞ্জীৱ খান্না (Sanjiv Khanna; জন্ম: ১৪ মে' ১৯৬০) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক ন্যায়ধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ অৱসৰৰ পিছত তেওঁক নিযুক্তি দিয়া হয়। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, যিটো পদত তেওঁৰ পিতৃ দেৱৰাজ খান্নাইও আছিল।
-
হিমা কোহলী
হিমা কোহলী (Hima Kohliজন্ম ২ ছেপ্টেম্বৰ ১৯৫৯) ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ইয়াৰ পূৰ্বে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বিতীয় মুখ্য ন্যায়াধীশ আছিল।
-
কে কে ঊষা
কে কে ঊষা (K. K. Usha; ৩ জুলাই ১৯৩৯ – ৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় ন্যায়াধীশ আছিল৷ তেওঁ কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। তেওঁ মহিলাৰ অধিকাৰ আৰু সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ পোষকতা কৰিছিল।
-
জাৱলাকাৰ উমা দেৱী
জাৱলাকাৰ উমা দেৱী (Javalakar Uma Devi, জন্ম ২৬ ছেপ্টেম্বৰ ১৯৫৯) ভাৰতৰ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক সমালোচনা কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক নিৰ্দেশ দিয়াৰ পিছত ২০২০ চনত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
জ্যোৎস্না য়াগনিক
জ্যোৎস্না য়াগনিক (Jyotsna Yagnik) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ আৰু শিক্ষাবিদ।
-
টি মীনা কুমাৰী
টি মীনা কুমাৰী (T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ডি শ্ৰীদেৱী
ডি শ্ৰীদেৱী (২৮ এপ্ৰিল ১৯৩৯ – ৫ মাৰ্চ ২০১৮)এগৰাকী ভাৰতীয় অধিবক্তা, ন্যায়াধীশ আৰু সমাজ কৰ্মী। তেওঁ দুবাৰকৈ কেৰালা মহিলা আয়োগৰ অধ্যক্ষ আছিল।
-
বাহাৰুল ইছলাম (ন্যায়াধীশ)
ন্যায়াধীশ বাহাৰুল ইছলাম (Baharul Islam) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া৷ ১৯১৮ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ নলবাৰী জিলাত তেওঁৰ জন্ম হৈছিল।
-
বীণা বীৰবল
বীণা বীৰবল ((Veena Birbalজন্ম: ১ জুলাই ১৯৫২) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ, আৰু দিল্লী ৰাজ্যিক গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগৰ প্ৰাক্তন সভানেত্ৰী।তেওঁ স্ক’ৰপেন চুক্তি কেলেংকাৰী, ২জি স্পেকট্ৰম গোচৰ, নীতিশ কাটাৰা হত্যাকাণ্ডৰ গোচৰ, উপহাৰ চিনেমা অগ্নিকাণ্ডৰ গোচৰকে ধৰি অপৰাধমূলক…
-
ভূষণ ৰামকৃষ্ণ গাৱাই
ভূষণ ৰামকৃষ্ণ গাৱাই (Bhushan Ramkrishna Gavai) (জন্ম:২৪ নৱেম্বৰ ১৯৬০), বি আৰ গাৱাই নামেৰে অধিক পৰিচিত এজন ভাৰতীয় আইনবিদ যিয়ে ২০২৫ চনৰ ১৪ মে'ৰ পৰা ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মঞ্জু গোৱেল
ন্যায়াধীশ মঞ্জু গোৱেল (Manju Goel, জন্ম ১৯৪৫) দিল্লীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ১৯৭০ চনৰ এপ্ৰিল মাহত তেওঁ পশ্চিম বংগৰ অসামৰিক সেৱা (ন্যায়িক)ত যোগদান কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।
-
মঞ্জুলা চেল্লুৰ
মঞ্জুলা চেল্লুৰ (Manjula Chellur, জন্ম ৫ ডিচেম্বৰ ১৯৫৫) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ, কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল।
-
শুভ্ৰা ঘোষ
শুভ্ৰা ঘোষ (Suvra Ghosh; জন্ম: ২৩ এপ্ৰিল ১৯৬৮)পশ্চিমবংগৰ কলিকতা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশ। ভাৰতত মৃত্যুদণ্ড আৰোপ কৰা গোচৰকে ধৰি কেইবাটাও উল্লেখযোগ্য গোচৰত তেওঁ ৰায়দান কৰিছে৷ তাৰে ভিতৰত কলিকতা উচ্চ ন্যায়ালয়কে জৰিমনা বিহাটো উল্লেখযোগ্য৷ ন্যায়াধীশৰ মতে, অসৎ আচৰণত অভিযুক্ত এজন…