ইন্দু মলহোত্ৰা (Indu Malhotra) বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগতে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কৰ্মৰত আছিল। ২০০৭ চনত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাৰ স্বীকৃতি লাভ কৰা দ্বিতীয় মহিলা ইন্দু মলহোত্ৰায়ে সুদীৰ্ঘ ৩০ বছৰ কাল উচ্চতম ন্যায়ালয়ত অধিবক্তা আছিল।১২ তেওঁ মধ্যস্থতাৰ যোগেদি নিষ্পত্তি আইনৰ বিশেষ পাৰদৰ্শী। তেওঁ ঘৰুৱা আৰু আন্তৰ্জাতিক বাণিজ্যৰ বহু বিবাদত মধ্যস্থতা কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত তেওঁ ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ে ভাৰতত মধ্যস্থতাৰ কাৰ্যপ্ৰণালীৰ পুনৰীক্ষণ কৰিবলৈ গঠন কৰা উচ্চ স্তৰৰ কমিটিৰ সদস্য নিযুক্ত কৰা হৈছিল। পিছলৈ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰয়ে অধ্যক্ষতা কৰা কলেজিয়ায়ে তেওঁক সৰ্বসন্মতি ক্ৰমে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছিল।৩ ২০১৮ চনৰ ২৬ এপ্ৰিল তাৰিখে তেওঁক ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰে। অধিবক্তা হিচাপে বাৰৰ পৰা পোনে পোনে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৬ চনৰ ১৪ মাৰ্চ তাৰিখে বেংগালুৰুত ইন্দু মলহোত্ৰাৰ জন্ম হৈছিল। তেওঁ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ঔম প্ৰকাশ মলহোত্ৰা আৰু লেখিকা সত্য মলহোত্ৰাৰ কণিষ্ঠ সন্তান। তেওঁ নতুন দিল্লীত অৱস্থিত কাৰ্মেল কনভেণ্ট স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত লেডী শ্ৰী ৰাম কলেজৰ পৰা ৰাজনীতি বিজ্ঞাননৰ সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ একেখন মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা পিছত তেওঁ কিছুদিন দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মিৰাণ্ডা হাউচ কলেজ আৰু বিবেকানন্দ কলেজত অধ্যাপনা কৰিছিল। তাৰ পিছত তেওঁ ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অফ ল'ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইন্দু মলহোত্ৰায়ে ১৯৮৩ চনত দিল্লীৰ বাৰ কাউন্সিলত যোগদান কৰে। ১৯৮৮ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ বাবে পৰা পৰীক্ষাত প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল। ইয়াৰ বাবে তেওঁক সংবিধান দিৱসৰ দিনা মুকুল গোস্বামী স্মৃতি বঁটা প্ৰদান কৰা হৈছিল।
১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ হাৰিয়ানা চৰকাৰৰ উচ্চতম ন্যায়ালয়লৈ চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত আছিল। ইয়াৰ লগতে বিভিন্ন প্ৰতিষ্ঠানক তেওঁ উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছে। ২০০৭ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পদত অধিষ্ঠিত হয়। ৩০ বছৰৰ ব্যৱধানৰ পিছত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাৰ পদ লাভ কৰা তেওঁ দ্বিতীয় গৰাকী মহিলা। ২০১৬ চনৰ ডিচেম্বৰ মাহত তেওঁ ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ে ভাৰতত মধ্যস্থতাৰ কাৰ্যপ্ৰণালীৰ পুনৰীক্ষণ কৰিবলৈ গঠন কৰা উচ্চ স্তৰৰ কমিটিৰ সদস্য নিযুক্ত কৰা হৈছিল। পিছলৈ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰয়ে অধ্যক্ষতা কৰা কলেজিয়ায়ে তেওঁক সৰ্বসন্মতি ক্ৰমে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছিল।৫ ২০১৮ চনৰ ২৬ এপ্ৰিল তাৰিখে তেওঁক ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰে। অধিবক্তা হিচাপে বাৰৰ পৰা পোনে পোনে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা।৬
সমাজ সেৱা
তেওঁ সমাজ সেৱাৰ লগত জড়িত। তেওঁ অলাভকাৰী বেচৰকাৰী সংস্থা চেভ লাইফ ফাউণ্ডেচনৰ ন্যাসৰক্ষক।৭ এই সংগঠনটোৱে ৰাস্তা-ঘাটত সংগঠিত হোৱা দুৰ্ঘটনাৰ প্ৰতি সজাগতা সৃষ্টি কৰে। ইয়াৰ লগতে যান-বাহনৰ দুৰ্ঘটনাৰ পিছত আহত ব্যক্তিৰ জীৱন বচাবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লয়।
তথ্যসূত্ৰ
- ↑ (9 August 2007). Lady lawyer pierces glass ceiling. Times of India
- ↑ Srivats, K. R. (7 April 2014). Arbitrators need to play more active role, says CJI. দ্য হিন্দু "Business Line"
- ↑ Rajagopal, Krishnadas. (11 January 2018). In a first, Collegium recommends woman advocate for direct appointment as SC judge. The Hindu
- ↑ (11 January 2018). Collegium recommends Indu Malhotra, KM Joseph J. for appointment to Supreme Court. Bench & Bar
- ↑ Rajagopal, Krishnadas. (11 January 2018). In a first, Collegium recommends woman advocate for direct appointment as SC judge. The Hindu
- ↑ (11 January 2018). Collegium recommends Indu Malhotra, KM Joseph J. for appointment to Supreme Court. Bench & Bar
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দু মলহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৩৮০১০৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।