অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাটিমা বিবি

এম. ফাটিমা বিবি (Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।

হালনাগাদ: ২৯ এপ্ৰিল ২০২৬ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

এম. ফাটিমা বিবি (Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।১২৩৪৫৬ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগত সদস্য হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৯৭ চনৰ পৰা ২০০১ চনলৈ তামিলনাডুৰ ৰাজ্যপাল আছিল।২৭৮ তেওঁক ২০২৩ চনত কেৰেলা চৰকাৰে দিয়া দ্বিতীয় সৰ্বোচ্চ সন্মান কেৰেলা প্ৰভা বঁটাৰে সন্মানিত কৰা হয়।২৯১০ ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।১১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯২৭ চনৰ ৩০ এপ্ৰিল তাৰিখে ত্ৰাভনকৰ ৰাজ্যৰ পথানমথিট্টাত ফাটিমা বিবিৰ জন্ম হৈছিল। বৰ্তমান তেওঁৰ জন্মস্থান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত। তেওঁৰ পিতৃ আন্নাভিটিল মীৰা চাহিব আৰু মাতৃ খাদেজা বিবি।১২

তেওঁ প্ৰথমে পথানমথিট্টাৰ কেথলিক স্কুলত শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ তিৰুঅনন্তপুৰমৰ ইউনিভাৰ্চিটি কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ তিৰুঅনন্তপুৰম চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

ফাটিমা বিবি ১৯৫০ চনৰ ১৪ নৱেম্বৰ তাৰিখে অধিবক্তা হিচাপে ভৰ্তি হয়। কেৰালাৰ নিম্ন আদালতত তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিছিল। ১৯৫৮ চনত তেওঁ কেৰালাৰ জিলা কোৰ্টত মুন্সীফ পদত অধিষ্ঠিত হয়। ১৯৬৮ চনত তেওঁ চাব-অৰ্ডিনেট ন্যায়াধীশ, ১৯৭২ চনত মুখ্য ন্যায়িক মেজিষ্টেট আৰু ১৯৭৪ চনত জিলা সত্ৰ ন্যায়াধীশ পদলৈ পদোন্নতি লাভ কৰে।১

১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰতীয় আয়কৰ ট্ৰিবিউনৰ ন্যায়িক সদস্য হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৮৩ চনৰ ৪ আগষ্ট তাৰিখে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হয়।১৬

১৮৮৪ চনৰ ১৪ মে তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হয়। ১৯৮৯ চনৰ ২৯ এপ্ৰিল তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯২ চনৰ ২৯ এপ্ৰিল তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।১

তামিলনাডুৰ ৰাজ্যপাল

১৯৯৭ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক তামিলনাডুৰ ৰাজ্যপাল নিযুক্ত কৰে।১১৩১৪

তামিলনাডুৰ ৰাজ্যপালৰ পদত থকা সময়ত তেওঁ ৰাজীৱ গান্ধীৰ হত্যাৰ লগত জড়িত কাৰবন্দী চাৰিজনৰ শাস্তিৰ দয়া প্ৰাৰ্থনা প্ৰত্যাখান কৰে।১৫১৬

অন্যান্য

তেওঁ ১৯৯৩ চনত কেৰালা পিছপৰা জাতি আয়োগৰ অধ্যক্ষা আছিল। একে বছৰে তেওঁ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯০ চনত তেওঁ সন্মানীয় ডি.লিট ডিগ্ৰী আৰু মহিলা শিৰোমণি বঁটা লাভ কৰিছিল।১৭ তেওঁ ভাৰত জ্যোতি বঁটাও লাভ কৰিছিল।১৮১৯

২০২৩ চনৰ ২৩ নৱেম্বৰ তাৰিখে ৯৬ বছৰ বয়সত ফাটিমা বিবিৰ মৃত্যু হয়।২০২১

তথ্যসূত্ৰ

  1. ↑ M. FATHIMA BEEVI. supremecourtofindia.nic.in
  2. ↑ Welcome to Women Era..
  3. ↑ Women in Judiciary. NRCW, Government of India
  4. ↑ FIRST WOMEN OF INDIA:. womenofindia.net
  5. ↑ Convict Queen. india-today.com
  6. ↑ High Court of Kerala: Former Judges. highcourtofkerala.nic.in
  7. ↑ Raj Bhavan Chennai: Past Governors. Governor's Secretariat Raj Bhavan, Chennai - 600 022
  8. ↑ Governors of Tamil Nadu since 1946. tn.gov.in
  9. ↑ Raj Bhavan Chennai: Past Governors. Governor's Secretariat Raj Bhavan, Chennai – 600 022
  10. ↑ Governors of Tamil Nadu since 1946. tn.gov.in
  11. ↑ (25 January 2024). Padma Awardees List 2024. Padma Awards
  12. ↑ How a Kerala Woman Made History By Becoming India’s 1st Female Supreme Court Judge. thebetterindia.com
  13. ↑ (2007-04-16). Women Governors In India:. .indianofficer.com
  14. ↑ We should show the world we are capable of tackling any crisis'. Rediff on the net
  15. ↑ (29 October 1999). Rajiv case – TN Governor rejects mercy pleas. .indianexpress.com
  16. ↑ (4 November 1999). Rajiv case accused will wait for pardon. indianexpress.com
  17. ↑ Sleeman. The International Who's Who 2004. Europa Publications. পৃ. 517. ISBN 9781857432176
  18. ↑ Bharat Jyoti Award. Delhi University
  19. ↑ K. Bhushan, G. Katyal. (2002). A.P.J. Abdul Kalam: The Visionary of India. APH Publishing. পৃ. 185. ISBN 9788176483803
  20. ↑ (23 November 2023). India's First Female Supreme Court Judge Justice Fathima Beevi Passes Away. Live Law
  21. ↑ (24 November 2023). न्यायमूर्ति फातिमा बीवी का निधन, प्रधानमंत्री मोदी ने जताया शोक. Post Inshort

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতৰ ন্যায়াধীশভাৰতীয় অধিবক্তাপদ্মভূষণ বঁটা বিজয়ীভাৰতৰ মহিলা ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাটিমা বিবি” প্ৰবন্ধৰ সংশোধন ৬০৩৪৫৪ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।