অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিতাভ ৰায়

অমিতাভ ৰায় (জন্ম: ১ মাৰ্চ ১৯৫৩) এগৰাকী ভাৰতীয় ন্যায়ধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাপ্তন ন্যায়ধীশ। ইয়াৰ আগতে ওড়িশা উচ্চ ন্যায়ালয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো ন্যায়ধীশ হিচাপে কৰ্মৰত আছিল।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অমিতাভ ৰায় (জন্ম: ১ মাৰ্চ ১৯৫৩) এগৰাকী ভাৰতীয় ন্যায়ধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাপ্তন ন্যায়ধীশ। ইয়াৰ আগতে ওড়িশা উচ্চ ন্যায়ালয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।১ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো ন্যায়ধীশ হিচাপে কৰ্মৰত আছিল।২৩৪

প্ৰাৰম্ভিক জীৱন

১৯৫৩ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ ডিব্ৰুগড়ত অমিতাভ ৰায়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আনন্দি ভূষণ ৰায় এগৰাকী জ্যেষ্ঠ অধিবক্তা আছিল। তেওঁ প্ৰাৰম্ভিক শিক্ষা ডিব্ৰুগড়তে গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনত একে বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁৰ শহুৰ সলীল কুমাৰ দত্ত আৰু খুলশালীয়েক দীপাংকৰ দত্ত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।

কৰ্মজীৱন

অমিতাভ ৰায়ে ১৯৭৬ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ উকীল পৰিষদত অন্তৰ্ভুক্ত হৈছিল। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮১ চনলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সত্ৰ ন্যায়ালয়ত ওকালতি কৰিছিল। ১৯৮১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত যোগদান কৰে। তেওঁ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়ধিকৰণ আৰু গুৱাহাটী জিলা অধীনস্থ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ বিশেষকৈ দেৱানী, ফৌজদাৰী, সাংবিধানিক, শ্ৰম আৰু কৰ বিষয়ক মুকৰ্দমা সমূহত ওকালতি কৰিছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ অসম আইন আয়োগৰো সদস্য আছিল। তেওঁ ১৯৯৯ চনৰ ৩ জুন তাৰিখে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰিছিল।

২০০২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৩ চনৰ ২ জানুৱাৰী তাৰিখে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৪ চনৰ ৬ আগষ্ট তাৰিখে তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৫ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে নিযুক্তি দিয়ে। ২০১৮ চনৰ ১ মাৰ্চ তাৰিখে তেওঁ ন্যায়ধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

উল্লেখযোগ্য ৰায়দান

উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ দীপক মিশ্ৰ আৰু ন্যায়ধীশ অমিতাভ ৰায়ৰ বিচৰাপীঠে চিনেমা হলত জন গণ মন বজোৱা আৰু ৰাষ্ট্ৰীয় সংগীতৰ সময়ত থিয় হৈ সন্মান প্ৰদৰ্শন কৰা বাধ্যতামূলক বুলি ৰায়দান কৰিছিল।৫৬৭৮৯১০১১১২১৩১৪১৫

তথ্যসূত্ৰ

  1. ↑ Website Orissa High Court
  2. ↑ Website High Court
  3. ↑ Assam Gov Website
  4. ↑ Website NEF Law College
  5. ↑ (2 December 2016). The National Anthem and the Supreme Court’s Popcorn Nationalism. The Wire
  6. ↑ (3 December 2016). SC’s National Anthem Order Offends Principles It Wants To Uphold. The Quint
  7. ↑ (4 December 2016). WHY ARE INDIA JUDGES WASTING TIME ON THE NATIONAL ANTHEM?. Newsweek
  8. ↑ (4 December 2016). National anthem in cinema halls: Supreme Court may have gone way too far this time. Hindustan Times
  9. ↑ (3 December 2016). STRANGE VERDICT THAT MUST BE REVERSED. The Pioneer
  10. ↑ (2 December 2016). Activism going haywire, SC order on anthem should not be confirmed: Soli Sorabjee. Indian Express
  11. ↑ (3 December 2016). Unconstitutional patriotism: Order on national anthem shows what is wrong with the Court. Indian Express
  12. ↑ (2 December 2016). SC order on national anthem in cinema halls mirrors aggressive hyper-nationalism. Hindustan Times
  13. ↑ (1 December 2016). Supreme Court's National Anthem order mocks judicial process, Constitution. Firstpost
  14. ↑ (1 December 2016). Jana Gana Mana and the Danger of Passing Sentiment as Law. The Wire
  15. ↑ (1 December 2016). SC’s National Anthem order: The seven commandments of ‘constitutional patriotism’. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ন্যায়াধীশঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিতাভ ৰায়” প্ৰবন্ধৰ সংশোধন ৫৭০৯০৫ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।