অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আন্না চান্দী

আন্না চান্দী (১৯০৫-১৯৯৬) ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। ১৯৩৭ চনত তেখেত এখন জিলা ন্যায়ালয়ত ভাৰতৰ প্ৰথম মহিলা বিচাৰকৰূপে নিযুক্ত হৈছিল। তেখেত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা বিশ্বৰ সম্ভৱতঃ দ্বিতীয়গৰাকী মহিলা আছিল।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৪ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আন্না চান্দী (১৯০৫-১৯৯৬) ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল।১২৩ ১৯৩৭ চনত তেখেত এখন জিলা ন্যায়ালয়ত ভাৰতৰ প্ৰথম মহিলা বিচাৰকৰূপে নিযুক্ত হৈছিল। তেখেত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা বিশ্বৰ সম্ভৱতঃ দ্বিতীয়গৰাকী মহিলা আছিল।২ ইয়াৰ আগতে ৯১২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ফ্ল'ৰেন্স এলেন নামৰ এগৰাকী মহিলা ন্যায়াধীশ হোৱাৰ তথ্য পোৱা যায়।৪

জীৱনকাল

১৯০৫ চনত আন্না চান্দীৰ জন্ম হয় আৰু ত্ৰিবান্দ্ৰমত তেখেতে শৈশৱকাল পাৰ কৰে। তেখেত এগৰাকী চিৰিয়ান খ্ৰীষ্টিয়ান আছিল। জন্মৰ কিছুদিন পাছতে তেখেতৰ পিতৃ বিয়োগ হয়। সেই অঞ্চলটোত শক্তিশালী নায়াৰ সম্প্ৰদায়ে পিতৃপ্ৰধানৰ সলনি মাতৃপ্ৰধান সমাজৰ পোষকতা কৰিছিল। ১৯২৭ চনত ত্ৰিবান্দ্ৰমৰ চৰকাৰী আইন মহাবিদ্যালয় মহিলাৰ বাবেও মুকলি হোৱাৰ পাছত আন্না চান্দীযেও নাম ভৰ্তি কৰে আৰু ১৯২৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেত কেৰালাত আইনৰ ডিগ্ৰী পোৱা প্ৰথম মহিলাৰূপে পৰিগণিত হয়। ১৯২৯ চনৰ পৰা তেখেতে বেৰিষ্টাৰ হিচাপে কাম আৰম্ভ কৰাৰ লগতে মহিলাৰ অধিকাৰ সম্পৰ্কেও সজাগতাৰ কামত মনোনিবেশ কৰে। ১৯৩০ চনত তেখেতে "শ্ৰীমতী" নামৰ এখন মহিলা আলোচনী আৰম্ভ কৰে।৫ মালয়ালম ভাষাত এইখনেই প্ৰথম মহিলা আলোচনী আছিল।৬ বিধব বিবাহ, নাৰী স্বাধীনতা, সম পাৰিতোষিক আদি নানা বিষয়ত এই আলোচনীৰ যোগেদি তেখেতে সজাগতাৰ সৃষ্টি কৰে।

প্ৰায়েই "প্ৰথম প্ৰজন্মৰ নাৰীবাদী" বুলি অভিহিত চান্দীয়ে ১৯৩০ চনত শ্ৰী মুলাম প'পুলাৰ এছেম্বলীৰ নিৰ্বাচনত অংশ লয় আৰু পৰাজয় বৰণ কৰে।৫৭ বিপক্ষ আৰু বাতৰি কাকতৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'লেও৮ দ্বিতীয়বাৰ নিৰ্বাচনত উঠি ১৯৩২ চনত তেখেত জয়ী হয়। এই কাৰ্যকালত আন এগৰাকী নেতাই চৰকাৰী কামত মহিলাৰ নিযুক্তিৰ বিৰোধিতা কৰিছিল। ইয়াৰ বিৰুদ্ধে যুক্তি আগবঢ়াই আন্না চান্দীয়ে সেই নিয়ম প্ৰচলন হ'বলৈ নিদিলে।

১৯৩৭ চনত চান্দীক ট্ৰাভাংকোৰৰ দেৱান চি পি ৰামাস্বামী আয়াৰে মুন্সিছ হিচাপে নিযুক্ত কৰে। ইয়াৰ ফলত ভাৰতত তেখেত প্ৰথমগৰাকী মহিলা বিচাৰক ৰূপে পৰিগণিত হয় আৰু ১৯৪৮ চনত জিলা ন্যায়াধীশ পদলৈ উন্নীত হয়৫৯ ১৯৫৯ চনৰ ৯ ফেব্ৰুৱাৰীত কেৰালা উচ্চ ন্যায়ালয়ত নিযুক্ত হোৱাৰ লগে লগে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হোৱাৰ সন্মান অৰ্জন কৰে। ১৯৬৭ চনৰ ৫ এপ্ৰিললৈকে তেখেত এই পদত থাকে।১০

অৱসৰ গ্ৰহণৰ পাছত তেখেতে ভাৰতীয় আইন আয়োগত সেৱা আগবঢ়ায়। ১৯৭৩ চনত তেখেতে "আত্মকথা'' নামৰ এখন আত্মজীৱনী প্ৰকাশ কৰে। ১৯৯৬ চনত ৯১ ব‍ছৰ বয়সত তেখেতৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ Former Judges of High Court of Kerala
  2. ↑ Women of Achievement
  3. ↑ supremecourtofindia.nic.in Page 3/5
  4. ↑ Anand, Saumya. (18 October 2018). Justice Anna Chandy: The First Female High Court Judge Of India. feminisminindia.com
  5. ↑ Devika J. (2005). Herself. Popular Prakashan. পৃ. xxiv
  6. ↑ Bhattacharya, Subharthi. (April 2018). The Incredulous Story Of Justice Anna Chandy. Be an inspirer
  7. ↑ Raman. (2010). Development, Democracy and the State: Critiquing the Kerala Model of Development. Routledge. পৃ. 179. ISBN 9781135150068
  8. ↑ Mukhopadhyay. (2007). The Enigma of the Kerala Woman: A Failed Promise of Literacy. Berghahn Books. পৃ. 113. ISBN 9788187358268
  9. ↑ First to appoint a lady advocate – Mrs. Anna Chandy — as District Judge.
  10. ↑ Former Judges of High Court of Kerala

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না চান্দী” প্ৰবন্ধৰ সংশোধন ৪২০০৪১ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।