সঞ্জীৱ খান্না (Sanjiv Khanna; জন্ম: ১৪ মে' ১৯৬০) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক ন্যায়ধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ অৱসৰৰ পিছত তেওঁক নিযুক্তি দিয়া হয়। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, যিটো পদত তেওঁৰ পিতৃ দেৱৰাজ খান্নাইও আছিল। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ। তেওঁ ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ১১ নৱেম্বৰ ২০২৪ নিযুক্ত হয়। ভাৰতৰ ৰাষ্টপতি দ্ৰৌপদী মূৰ্মুয়ে তেওঁক শপত পাঠ কৰায়।
শৈশৱ জীৱন আৰু শিক্ষা
খান্নাই ১৯৭৭ চনত মডাৰ্ণ স্কুল (নতুন দিল্লী)ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৮০ চনত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ পৰা আইন অধ্যয়ন কৰে, য’ত তেওঁ ন্যায়াধীশ ইন্দু মলহোত্ৰাৰ সহপাঠী আছিল।
তথ্য সংগ্ৰহ
•India Today 2024
•Justice Sanjiv Khanna 2024-11-11
•''সঞ্জীৱ খান্নাৰ কাৰ্য্যকাল Supreme court of India ৱেবছাইটৰ পৰা আহৰণ'' কৰা হৈছে;
https://www.hind,ts.com/india-new
• .HindustanTimes Justice Sanjiv Khanna will serve a six-month tenure as Chief Justice of India and is expected to retire on May 13, 2025.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জীৱ খান্না” প্ৰবন্ধৰ সংশোধন ৪৫৯১৮৩ (২৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।