ন্যায়ধীশ জগদীশ সিং খেহৰ (Jagdish Singh Khehar; জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ।১২ তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা খেহৰ শিখ সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।
শিক্ষা
১৯৭৪ চনত চণ্ডীগড়ৰ ৰয়েল কলেজৰূ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেওঁ চণ্ডীগড়ৰে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৭ চনত আইন বিভাগত স্নাতক আৰু ১৯৭৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ ভাল ফলাফলৰ বাবে খেহৰে বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক লাভ কৰে।
কৰ্ম জীৱন
অধিবক্তা হিচাপে
- ১৯৭৯ চনত তেওঁ আইনৰ ব্যৱসায় আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ পঞ্জাব-হাৰিয়ানা উচ্চ ন্যায়ালয়, হিমাচল উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰে।
- ১৯৯২ চনত তেওঁ পঞ্জাবত অতিৰিক্ত মহাধিবক্তা নিযুক্ত হয়।
- ১৯৯৫ চনত তেওঁ জৈষ্ঠ অধিবক্তা হয়।
ন্যায়ধীশ হিচাপে
- ২০০৯ চনৰ ২৯ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৭ আগষ্টলৈ তেওঁ উত্তৰাখণ্ড মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
- ৮ আগষ্ট ২০১০ চনৰ পৰা ১২ ছেপ্টেম্বৰ ২০১১ চনলৈ তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
- ১৩ ছেপ্টেম্বৰ ২০১১ চনৰ পৰা ৩ জানুৱাৰী ২০১৭ চনলৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ আছিল।
- ৪ জানুৱাৰী ২০১৭ চনত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়।
তথ্যসূত্ৰ
- ↑ Justice Jagdish Singh Khehar - Profile. Supreme Court of India
- ↑ Former-chief-justices. SUPREME COURT OF INDIA
- ↑ supremecourtofindia.nic.in/judges/sjud/jskhehar.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগদীশ সিং খেহৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭১৩৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।