ন্যায়াধীশ দীপক মিশ্ৰ (জন্ম ৩ অক্টোবৰ ১৯৫৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ জগদীশ সিং খেহৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়।১২তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বতে তেওঁ পাটনা আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ১৯৯০ চনত নিযুক্তি লাভ কৰা ভাৰতৰ ২১তম মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰ তেওঁৰ খুড়ায়েক।৩৪ ২০১৭ চনৰ ২৮ অক্টোবৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত বাক্য পাঠ কৰায়।
তেওঁৰ জন্ম ওড়িশাৰ কটকত হৈছিল।
কৰ্মজীৱন
ন্যায়াধীশ মিশ্ৰ ১৯৭৭ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে উকীল সন্থাত যোগ দিয়ে। তাৰপিছত তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৯৬ চনত তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ ৰূপে নিযুক্তি পায়। ১৯৯৭ চনত তেওঁ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদালি হয় আৰু তাত তেওঁ ১৯ ডিচেম্বৰত তাৰিখে তেওঁ স্থায়ী ন্যায়াধীশৰ পদ পায়। ২০০৯ চনৰ ডিচেম্বৰ মাহত তেওঁ পাটনা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তাৰ পিছত তেওঁ ২০১০ চনৰ মে মাহত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে বদলি হয়। তাৰ পিছত তেওঁ ২০১১ চনৰ ১০ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে অংশগ্ৰহণ কৰে।৫
ন্যায়াধীশ মিশ্ৰ সুদীৰ্ঘ ৭ বছৰ কাল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৭ চনৰ ২৮ অক্টোবৰ তাৰিখে ভাৰতৰ ৪৫তম মুখ্য ন্যায়াধীশ ৰূপে নিযুক্ত হয়। তেওঁ ২০১৮ চনৰ ২ অক্টোবৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিব।৬
তথ্যসূত্ৰ
- ↑ Hon'ble Mr. Justice Dipak Mishra. Supreme Court of India
- ↑ (1 October 2012). The courtrooom cast after presidential reference. The Indian Express
- ↑ economictimes.indiatimes.com/news/politics-and-n
- ↑ m.timesofindia.com/home/sunday-times/He-taught-m
- ↑ Hon'ble Mr. Justice Dipak Misra. Supreme Court of India
- ↑ CHIEF JUSTICE OF INDIA AND SITTING HON'BLE JUDGES ARRANGED ACCORDING TO DATE OF APPOINTMENT AS ON September 29, 2012. Supreme Court of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপক মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৪৬ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।