অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোৎস্না য়াগনিক

জ্যোৎস্না য়াগনিক (Jyotsna Yagnik) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ আৰু শিক্ষাবিদ।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

জ্যোৎস্না য়াগনিক (Jyotsna Yagnik) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ন্যায়াধীশ আৰু শিক্ষাবিদ।

উল্লেখযোগ্য বিচাৰ

নৰোদা পাটিয়াৰ হত্যাকাণ্ডৰ ৰায়

২০১২ চনত গুজৰাটত নৰোদা পাটিয়া হত্যাকাণ্ডৰ গোচৰত ১৯০০ পৃষ্ঠাৰ ৰায়দান কৰি য়াগনিকে গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী মায়া কোডনানীকে ধৰি ৩২ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। কোডনানীক ২৮ বছৰৰ কাৰাদণ্ড বিহা হয়। শাস্তি পোৱা আন কেইজনৰ ভিতৰত আছে বজৰং দলৰ নেতা বাবু বজৰংগী।১২৩৪৫৬৭৮৯

মৃত্যুদণ্ডৰ ওপৰত মতামত

মৃত্যুদণ্ডই মানৱ মৰ্যাদাক ক্ষতিগ্ৰস্ত কৰে বুলি য়াগনিকে মৃত্যুদণ্ড প্ৰদান কৰা নাছিল।১০১১১২১৩১৪১৫১৬১৭

ৰায়দানৰ পিছৰ পৰিণতি

ৰায়দানৰ পিছতে য়াগনিকে মৃত্যুৰ ভাবুকি লাভ কৰিছিল৷ তেওঁক জেড কেটেগৰী ছিকিউৰিটি দিয়া হৈছিল। তেওঁক ভাবুকি দিয়াৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।.১৮১৯২০২১

অন্যান্য উল্লেখযোগ্য গোচৰত বিচাৰক

২০০৮ চনত য়াগনিকে এটা হাই-প্ৰফাইল দলবদ্ধ ধৰ্ষণৰ গোচৰত ৫ জন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে।২২২৩২৪২৫] তেওঁ বৌদ্ধিকভাৱে অক্ষম এগৰাকী নাবালিকা ছোৱালীকে ধৰি ধৰ্ষণ বা ধৰ্ষণৰ চেষ্টাৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ বিচাৰৰ সভাপতিত্ব কৰিছে।২৬২৭

শৈক্ষিক জীৱন

য়াগনিকে আদামাছ বিশ্ববিদ্যালয়ৰ প্ৰ' ভাইচ-চান্সেলৰ (আৰু স্কুল অৱ ল এণ্ড জাষ্টিছৰ ডীন) হিচাপে কাম কৰিছিল, আৰু গুজৰাট ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, ৰক্ষা শক্তি বিশ্ববিদ্যালয় আৰু নিৰ্মা বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল।২৮২৯৩০

তথ্যসূত্ৰ

  1. ↑ (2012-08-31). 28 years for Kodnani, Bajrangi to spend entire life in prison. The Hindu
  2. ↑ (2012-08-31). Kodnani gets 28-year jail; life term for 31. Deccan Herald
  3. ↑ Kumar, Megha. (2016-06-16). Communalism and Sexual Violence in India: The Politics of Gender, Ethnicity and Conflict. Bloomsbury Publishing. ISBN 978-1-78673-068-8
  4. ↑ Chakravarti, Uma. (2017-01-17). Fault Lines of History: The India Papers II. Zubaan. ISBN 978-93-85932-31-1
  5. ↑ Geetha, V. (2016-11-28). Undoing Impunity: Speech after Sexual Violence. Zubaan. ISBN 978-93-85932-15-1
  6. ↑ Johari, Aarefa. I was sick of the hateful climate in Gujarat: judge explains why he quit after the riots. Scroll.in
  7. ↑ Mander, Harsh. The soldier in his uniform is not India's only true patriot – there are heroes everywhere. Scroll.in
  8. ↑ Naroda Patiya case: Former minister Maya Kodnani gets 28 years in jail. The New Indian Express
  9. ↑ BJP ex-minister, Bajrang Dal leader convicted for Naroda Patiya riots
  10. ↑ (2022-10-09). Death penalty has to go. Deccan Herald
  11. ↑ 'Anger and Forgiveness': Has Nussbaum Given Either Its Due?. The Wire
  12. ↑ D’Souza, Dilip. (2013-09-12). When India Wants the Rapists Hanged. The Daily Beast
  13. ↑ (2015-08-06). The rope and a chance to reform. The Hindu
  14. ↑ Death Penalty is State-Sponsored Murder, the Indian Judiciary Must Put a Stop to Executions. The Wire
  15. ↑ Vij, Shivam. Kasab, Bajrangi and the case against the death penalty. Rediff
  16. ↑ (2014-01-10). Sexual Violence and the Death Penalty. EPW
  17. ↑ (2016-06-18). Naroda Patia case judge appreciates Gulbarg court's not awarding death sentence. The Times of India
  18. ↑ 2002 Gujarat Riots Convict Babu Bajrangi Granted Bail for Sixth Time. NDTV.com
  19. ↑ (2015-05-11). Gujarat judge Jyotsana who convicted Kodnani, Babu Bajrangi gets 22 threat letters. The Indian Express
  20. ↑ (2021-08-20). Gujarat: Man arrested for making threat calls to retired judge. The Indian Express
  21. ↑ Riots judge says state ignoring her security. Ahmedabad Mirror
  22. ↑ Five get lifer in Bijal Joshi gangrape case. India Today
  23. ↑ Four women judges hold promise of justice for 2002 - Indian Express. archive.indianexpress.com
  24. ↑ (2008-06-20). Five get lifer in Bijal Joshi gangrape case. The Times of India
  25. ↑ 5 sentenced to life for gang-rape in Gujarat. DNA India
  26. ↑ (2013-01-03). Court orders DNA for rape case. The Times of India
  27. ↑ Man gets 10 yrs imprisonment in attempted rape case. Moneycontrol
  28. ↑ Adamas University School Of Law And Justice: Delivering Holistic Legal Education To The Students Ensuring Practical Learning Solutions · TheHigherEducationReview. www.thehighereducationreview.com
  29. ↑ Team, Editorial. (2021-04-10). Dr Jyotsna Yagnik: The Quintessence of Hard Work & Discipline in the Indian Education Realm. Higher Education Digest
  30. ↑ Agencies, TPT Bureau ·. (2020-07-04). Career Guidance · Experts talk on Law as a career with diverse opportunity & wider perspective. The Policy Times

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশভাৰতৰ মহিলা ন্যায়াধীশভাৰতৰ ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোৎস্না য়াগনিক” প্ৰবন্ধৰ সংশোধন ৪৭৬৫৭৯ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।