অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শৰদ অৰবিন্দ ববডে

শৰদ অৰবিন্দ ববডে (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ইয়াৰ আগতে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৩ ৪২০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

শৰদ অৰবিন্দ ববডে (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ।১ ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ইয়াৰ আগতে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।২ তেওঁ বৰ্তমান দিল্লী বিশ্ববিদ্যালয় আৰু মহাৰাষ্ট্ৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, নাগপুৰৰ আচাৰ্য। ২০১৯ চনৰ ১৮ নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত বাক্য পাঠ কৰায়। ২০২১ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু ন্যায়াধীশ এন. ভি. ৰমনা দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।

ব্যক্তিগত জীৱন

১৯৫৬ চনৰ ২৪ এপ্ৰিল তাৰিখে মহাৰাষ্ট্ৰৰ নাগপুৰৰ সম্ভ্ৰান্ত অধিবক্তাৰ পৰিয়ালত শৰদ অৰবিন্দ ববডেৰ জন্ম হৈছিল। তেওঁৰ ককাক এগৰাকী অধিবক্তা আছিল আৰু দেউতাক অৰবিন্দ ববডে ১৯৮০ চনৰ পৰা ১৯৮৫ চনলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ মহাধিবক্তা আছিল।৩৪ তেওঁৰ জ্যেষ্ঠ ভাতৃ বিনোদ অৰবিন্দ ববডে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰু সংবিধানৰ পণ্ডিত আছিল।৫ তেওঁ নাগপুৰৰ চেইণ্ট ফ্ৰান্সিছ ডে'চেলছ হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি ১৯৭৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ড° আম্বেদকাৰ আইন মহাবিদ্যালয়ত আইন অধ্যয়ন কৰে।৬

কৰ্মজীৱন

১৯৭৮ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে তেওঁ বাৰত অধিবক্তা হিচাপে যোগদান কৰে। তাৰপিছত তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ পীঠত আইনৰ অনুশীলন আৰম্ভ কৰে। পিছলৈ তেওঁ মুম্বাইস্থিত বোম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠ আৰু তাৰপিছত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিচাপে যোগদান কৰে। ১৯৯৮ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে পৰিগণিত হয়।

২০০০ চনৰ ২৯ মাৰ্চ তাৰিখে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১২ চনৰ ১৬ অক্টোবৰ তাৰিখে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ২০১৩ চনৰ ১২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।৭৮ ২০১৯ চনৰ ১৮ নৱেম্বৰ তাৰিখে তেওঁ ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।

উল্লেখযোগ্য ৰায়দান

আধাৰ

২০১৫ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শৰদ অৰবিন্দ ববডে, জাষ্টি চেলামেশ্বৰ আৰু চক্ষলিংগম নাগাপ্পানৰে গঠিত তিনিজনীয়া বিচাৰপীঠে ভাৰত চৰকাৰে আধাৰ অবিহনে কোনো ভাৰতীয় নাগৰিকক মৌলিক সেৱা আৰু চৰকাৰী ৰেহাইৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি ৰায় দিছিল।৯

পৰিবেশ

২০১৬ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তীৰথ সিং ঠাকুৰ, শৰদ অৰবিন্দ ববডে আৰু অৰ্জন কুমাৰ সিকৰীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে অতি ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত আতচবাজীৰ বিক্ৰী নিষিদ্ধ কৰিছিল।১০

প্ৰাক জীৱন

ন্যায়াধীশ ববডে আৰু এল নাগেশ্বৰ ৰাওৰে গঠিত দুজনীয়া বিচাৰপীঠে ২০১৭ চনত এগৰাকী মহিলাৰ গৰ্ভপাতৰ আবেদন নাকচ কৰিছিল। মেডিকেল বৰ্ডৰ প্ৰতিবেদন অনুসৰি ২৬ সপ্তাহীয়া ভ্ৰূণটোৰ জীয়াই থকাৰ সুযোগ আছিল।১১

ধৰ্মীয় অনুভূতি

ন্যায়াধীশ ববডে আৰু এল নাগেশ্বৰ ৰাওৰে গঠিত দুজনীয়া বিচাৰপীঠে ২০১৭ চনত মাতে মাধৱীৰ গ্ৰন্থ এখন কৰ্ণাটক চৰকাৰে নিষিদ্ধ কৰা ৰায় বাহাল ৰাখে। ই গ্ৰন্থখনে ভগৱান বাসাভান্নৰ অনুগামী সকলৰ ধৰ্মীয় অনুভূতিত আঘাত সানিব বুলি এই ৰায় বাহাল ৰখা হৈছিল।১২

অযোধ্যা গোচৰ

ভাৰতীয় ইতিহাসৰ আটাইতকৈ দীৰ্ঘতম সময়ৰ অযোধ্যা গোচৰৰ বাবে গঠিত পাঁচজনীয়া বিচাৰপীঠত তেওঁ সদস্য আছিল। ২০১৯ চনৰ ৯ নৱেম্বৰত তেওঁ এই গোচৰৰ ঐতিহাসিক ৰায়দান কৰে। ১৩

তথ্যসূত্ৰ

  1. ↑ (12 April 2013). Two judges sworn in Supreme Court, strength raised to 30. Zee News Portal
  2. ↑ Chief Justice of India & Sitting Hon'ble Judges Justice Sharad Arvind Bobde. Supreme Court of India portal
  3. ↑ Nov 14, Vaibhav Ganjapure · Updated; 2014; Ist, 23:30. 3 from Vidarbha in fray for adv general post - Nagpur News - Times of India. The Times of India
  4. ↑ Albuquerque, Olav. (11 May 2018). The last days of Justice Chelameswar. freepressjournal.in
  5. ↑ NETWORK, LIVELAW NEWS. (11 June 2016). Senior Advocate Vinod Bobde Passes away. www.livelaw.in
  6. ↑ Hon'ble Mr. Justice Sharad Arvind Bobde
  7. ↑ HON'BLE SHRI JUSTICE SHARAD ARVIND BOBDE, B.A., LL.B.. High Court of Madhya Pradesh
  8. ↑ Ganjapure, Vaibhav. (29 March 2013). NU alumni justice Bobde to be SC judge soon. The Times of India, Nagpur
  9. ↑ (16 March 2015). Don't insist on Aadhar, warns SC. The Hindu
  10. ↑ আৰ্কাইভ কপি
  11. ↑ SC rejects pregnant woman's plea to terminate foetus afflicted with Down syndrome. Firstpost
  12. ↑ Poojaya Sri Jagadguru Maate .. vs Government Of Karnataka on 20 September, 2017. indiankanoon.org
  13. ↑ (29 October 2019). Aadhaar, air pollution, Ayodhya — next CJI SA Bobde has been part of landmark cases

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ন্যায়াধীশভাৰতৰ মুখ্য ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰদ অৰবিন্দ ববডে” প্ৰবন্ধৰ সংশোধন ৩৮৮৫০২ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।