ন্যায়ধীশ তীৰথ সিং ঠাকুৰ বা টি. এছ. ঠাকুৰ (জন্ম: ৪ জানুৱাৰী ১৯৫২) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৩তম মুখ্য ন্যায়ধীশ।
তেওঁৰ পিতৃ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ দেৱী দাস ঠাকুৰ অসমৰ পূৰ্বৰ ৰাজ্যপাল আছিল। তিৰথ সিং ঠাকুৰ তেওঁৰ পিতৃৰ চেম্বাৰত ১৯৭২ চনত যোগ দি কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ ১৯৯০ চনত এজন জেষ্ঠ অধিবক্তা ৰূপে স্বীকীৰ্তি পায়। ১৯৯৫ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়ধীশ হিচাপে নিযুক্তি লাভ কৰে। তাৰ পিছত তেওঁ একে বছৰে কৰ্ণাটক উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে বদলি হয়। ১৯৯৫ চনত তেওঁ এজন স্থায়ী ন্যায়মূৰ্তি হিচাপে নিযুক্তি লাভ কৰে। ২০০৪ চনৰ জুলাই মাহত তেওঁ দিল্লী উচ্চ ন্যায়ালয়লৈ ন্যায়মূৰ্তি হিচাপে বদলি হয়। ৯ এপ্ৰিল ২০০৮ চনত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তাৰ পিছত তেওঁ ১১ আগষ্ট ২০০৮ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লছভ কৰে। পৰৱৰ্তী বছৰত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে যোগ দিয়ে।১
ভাৰতৰ মুখ্য ন্যায়ধীশ
২০১৫ চনৰ ১৮ নৱেম্বৰ তাৰিখে তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰে। ন্যায়ধীশ এইছ. এল. দত্তুৰ ৬৫ বছৰ অতিক্ৰম কৰাৰ বাবে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০১৫ চনৰ ৩ ডিচেম্বৰ তাৰিখৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হয়।২ তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম প্ৰণব মুখাৰ্জীয়ে শপত বাক্য পাঠ কৰোৱায়। ২০১৭ চনৰ ৪ জানুৱাৰী তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিব।৩
২০১৬ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ন্যায় তন্ত্ৰৰ বাবে অধিক পুঁজি আবণ্টন কৰাৰ বাবে দাবী তোলে।৪৫
তথ্যসূত্ৰ
- ↑ Chief Justice of India & Sitting Hon'ble Judges Justice T.S. Thakur. Supreme Court of India portal
- ↑ (19 November 2015). TS Thakur to be next Chief Justice of India. The Times of India
- ↑ (3 December 2015). Justice TS Thakur sworn in as Chief Justice of India. The Economic Times
- ↑ (24 Apr 2016). An overworked Chief Justice TS Thakur breaks down in front of PM Modi. TNN & Agencies
- ↑ (20 May 2016). Overburdened yet overactive, India’s courts are failing to do justice. The Economist
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তীৰথ সিং ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৩৪৩৯৯৭ (৩ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।