কে কে ঊষা (K. K. Usha; ৩ জুলাই ১৯৩৯ – ৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় ন্যায়াধীশ আছিল৷ তেওঁ কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল। তেওঁ মহিলাৰ অধিকাৰ আৰু সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ পোষকতা কৰিছিল। কে কে ঊষাই আবকাৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জীৱন আৰু আনুষ্ঠানিক কৰ্মজীৱন
১৯৩৯ চনৰ ৩ জুলাইত কে কে ঊষাৰ জন্ম হৈছিল৷১ ১৯৬১ চনত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰে। ১৯৭৯ চনত কেৰালা উচ্চ ন্যায়ালয়ত চৰকাৰী আবেদনকাৰী হিচাপে নিযুক্তি লাভ কৰে২ ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা ২০০১ চনৰ ৩ জুলাইলৈকে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু তাৰ পিছত তেওঁ মুখ্য ন্যায়াধীশ আছিল।৩ বাৰৰ পৰা উচ্চ ন্যায়ালয়ত যোগদান কৰি মুখ্য ন্যায়াধীশ হোৱা তেওঁ প্ৰথমগৰাকী মহিলা। উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ লোৱাৰ পিছত ২০০১ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ দিল্লীস্থিত শুল্ক, আবকাৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণৰ সভানেত্ৰী আছিল।২
অন্যান্য কৰ্ম
১৯৭৫ চনত জাৰ্মানীৰ হামবাৰ্গত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা উকীলৰ আন্তৰ্জাতিক সন্মিলনত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৪ আন্তঃৰাষ্ট্ৰীয় মহিলা উকীল ফেডাৰেচন আৰু আন্তঃৰাষ্ট্ৰীয় আইনী কেৰিয়াৰ মহিলা ফেডাৰেচনে আয়োজন কৰা "মহিলাৰ সন্দৰ্ভত সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ সন্ধি" শীৰ্ষক ৰাষ্ট্ৰসংঘৰ যুটীয়া আলোচনা চক্ৰতো তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৪ বিশ্ববিদ্যালয় মহিলা সন্থাৰ তেওঁ সদস্য আৰু সভানেত্ৰী আছিল। ত্ৰিবেন্দ্ৰমৰ অভাৱগ্ৰস্ত মহিলাৰ অনাথ আশ্ৰম আৰু গৃহ "শ্ৰী নাৰায়ণ সেৱিকা সমাজম"ৰ সৈতে তেওঁ জড়িত আছিল।২
২০০৫ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ অক্টোবৰৰ ভিতৰত ঊষাই উৰিষ্যাৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ তদন্তৰ বাবে ভাৰতীয় জনসাধাৰণৰ ন্যায়াধিকৰণ (আই পি টি)ৰ তদন্তৰ নেতৃত্ব দিয়ে।৫ সংঘ পৰিভাৰৰ কৰ্মীসকলে ভুৱনেশ্বৰত চূড়ান্ত শুনানি ব্যাহত কৰিলে। ন্যায়াধিকৰণৰ সদস্য অংগনা পি চেটাৰ্জীয়ে অভিযোগ কৰে যে হিন্দু জাতীয়তাবাদী কৰ্মীসকলে ন্যায়াধিকৰণৰ সদস্যসকলক ধৰ্ষণ কৰাৰ লগতে ৰাজপথত উলংগ কৰি পেৰেড কৰাৰ ভাবুকি দিছিল।৬ঊষা আৰু সহযোগী ন্যায়াধিকৰণৰ সদস্য আৰ.এ. গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মেহতাই এই কাণ্ডক "হতংকজনক, অতিশয় দুখজনক" বুলি অভিহিত কৰে।৭
২০১১ চনৰ ডিচেম্বৰ মাহত ঊষাই মণিপুৰৰ মানৱ অধিকাৰ বিষয়ক আই পি টি পেনেলৰ সদস্য আছিল। ইম্ফলত বহি থকা পেনেলে পাঁচ বছৰৰ ভিতৰত ন্যায় বহিৰ্ভূত হত্যা আৰু অন্যান্য মানৱ অধিকাৰ উলংঘাৰ চল্লিশটাতকৈও অধিক গোচৰৰ সাক্ষ্য শুনায়। ইয়াত ৰাজ্যখনত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন বাতিল কৰাৰ পৰামৰ্শ দিয়া হৈছিল।৮
ব্যক্তিগত জীৱন
ঊষাই উকীল আৰু ন্যায়াধীশ কে সুকুমাৰনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ তেওঁলোক দেশৰ প্ৰথম ন্যায়াধীশ দম্পতী আছিল।১ তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছিল। ৮১ বছৰ বয়সত কে কে ঊষাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে৷ ২০২০ চনৰ ৫ অক্টোবৰত তেওঁৰ মৃত্যু হয়৯
তথ্যসূত্ৰ
- ↑ കേരള ഹൈക്കോടതിയിൽ ചീഫ് ജസ്റ്റിസായ ആദ്യ മലയാളി വനിത കെ.കെ.ഉഷ അന്തരിച്ചു; ജസ്റ്റിസ് ഉഷ ... www.marunadanmalayalee.com
- ↑ Chief Justice KK Usha. Kerala Women
- ↑ (September 2006). COMMUNALISM IN ORISSA. Indian People's Tribunal on Environment and Human Rights. ISBN 81-89479-13-X
- ↑ Singh, Dr. Saroj Kumar. (2017). Role of Women in India. RED'SHINE Publication. Pvt. Ltd. পৃ. 108. ISBN 9789386483096
- ↑ Chatterji, Angana. (20 March 2012). To: The Tom Lantos Human Rights Commission
- ↑ Williams, Mark; Pocha, Jehangir. (23 June 2005). S.F. professor fears Hindu retaliation. San Francisco Chronicle
- ↑ Das, Prafulla. (15 June 2005). Sangh Parivar activists disrupt tribunal hearing. দ্য হিন্দু
- ↑ (19 January 2011). Tribunal seeks act repeal – 'Independent' panel wants AFSPA to go. The Daily Telegraph
- ↑ (5 October 2020). Justice KK Usha, first woman chief justice of Kerala HC from the bar, passes away at 81. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে কে ঊষা” প্ৰবন্ধৰ সংশোধন ৫৭৪০৬১ (৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।