বি. ভি. নাগৰত্না (B. V. Nagarathna, জন্ম: ৩০ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ পৰা ২০২১ চনলৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ জ্যেষ্ঠতাৰ আধাৰত তেওঁ ২০২৭ চনত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে পদভাৰ লাভ কৰা সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁ ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হ'ব। তেওঁ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ই. এছ. ভেংকটৰামাইয়াৰ কন্যা। ২০০৯ চনত প্ৰতিবাদকাৰী অধিবক্তাৰ এটা দলে কৰ্ণাটক উচ্চ ন্যায়ালয়চৌহদৰ ভিতৰত বলপূৰ্বক আটক কৰাৰ পিছত তেওঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল।২ তেওঁ কৰ্ণাটকত বাণিজ্যিক আৰু সাংবিধানিক আইন সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬২ চনৰ ৩০ অক্টোবৰ তাৰিখে কৰ্ণাটকৰ মাণ্ড্য জিলাৰ পাণ্ডৱপুৰত বি. ভি. নাগৰত্নাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ই. এছ. ভেংকটৰামাইয়া ভাৰতৰ ১৯তম মুখ্য ন্যায়াধীশ আছিল। তেওঁ ১৯৮৯ চনৰ ১৯ জুনত এই পদত অধিষ্ঠিত হৈছিল আৰু ১৯৮৯ চনৰ ১৭ ডিচেম্বৰত অৱসৰ লৈকে সেৱা আগবঢ়াইছিল।৩৪
তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ চৌহদ আইন কেন্দ্ৰত আইন অধ্যয়ন কৰিছিল।৫
কৰ্মজীৱন
তেওঁ ১৯৮৭ চনত কৰ্ণাটকৰ বাৰ কাউন্সিলত অন্তৰ্ভুক্ত হৈছিল। ২০০৮ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ আগতে তেওঁ বেংগালুৰুত সাংবিধানিক আৰু বাণিজ্যিক আইনৰ অনুশীলন কৰিছিল।৬ ২০১০ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে তেওঁক কৰ্ণাটক উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।
২০২০ চনৰ মে মাহত বি. ভি. নাগৰত্নাক ভাৰতৰ উচ্চতম ন্যায়ালয়ত নিযুক্তিৰ বাবে বিবেচনা কৰা বুলি জনা গৈছিল। কেইবাজনো ভাষ্যকাৰে উল্লেখ কৰিছিল যে ই তেওঁক ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হ'বলৈ যোগ্য কৰি তুলিব।৭৩৬
২০২১ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ৩১ আগষ্ট তাৰিখে তেওঁ শপত গ্ৰহণ কৰে।৮ তেওঁ ২০২৭ চনত ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ শাৰীত আছে।
উল্লেখযোগ্য বিচাৰ আৰু মতামত
সংবেদনশীল বাতৰি
২০১২ চনত আন এগৰাকী ন্যায়াধীশৰ সৈতে তেওঁ ভাৰত চৰকাৰক ভুৱা বাতৰিৰ উত্থানৰ কথা উল্লেখ কৰি ভাৰতত সম্প্ৰচাৰ মাধ্যম নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল। এক সন্মত মতামতত তেওঁ সম্প্ৰচাৰ মাধ্যমৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণৰ অনুমতি দিয়াৰ বিপদাশংকাৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল আৰু এক বিধিবদ্ধ পৰিকাঠামোৰ বাবে আহ্বান জনাইছিল যি সম্প্ৰচাৰ উদ্যোগৰ দ্বাৰা স্ব-নিয়ন্ত্ৰণৰ অনুমতি প্ৰদান কৰিব।৯
বাহন কৰ
২০১৬ চনত তেওঁ আন এগৰাকী ন্যায়াধীশৰ সৈতে ৰায় দিছিল যে কৰ্ণাটক চৰকাৰে কৰ্ণাটকত তেওঁলোকৰ বাহন ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ বাহিৰত ক্ৰয় কৰা বাহনৰ মালিকসকলক "জীৱনজোৰা কৰ" পৰিশোধ কৰাৰ নীতি অসাংবিধানিক।১০
মন্দিৰৰ অ-বাণিজ্যিক স্থিতি
২০১৯ চনত আন দুগৰাকী ন্যায়াধীশৰ সৈতে তেওঁ ৰায় দিছিল যে মন্দিৰসমূহ বাণিজ্যিক প্ৰতিষ্ঠান নহয় আৰু সেই অনুসৰি গ্ৰেচুইটি পৰিশোধ সম্পৰ্কীয় শ্ৰম আইনৰ ব্যৱস্থা মন্দিৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।১১
ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বায়ত্তশাসন
২০২০ চনৰ ১৫ ছেপ্টেম্বৰত তেওঁ আৰু আন এগৰাকী ন্যায়াধীশে কৰ্ণাটকৰ ৰাজহুৱা আৰু বেচৰকাৰী খণ্ডৰ মহাবিদ্যালয়ত নামভৰ্তিৰ মানদণ্ড নিশ্চিত কৰাৰ বাবে এক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ চৰকাৰী নীতি বজাই ৰাখিছিল। ভাৰতত কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ বাবে চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ স্বায়ত্তশাসন সীমিত কৰাৰ কাৰণ হিচাপে উল্লেখ কৰিছিল।১২
অধিবক্তাৰ দ্বাৰা আটক
২০০৯ চনত তেওঁ আৰু আন এগৰাকী ন্যায়াধীশ ভেঙ্কট গোপাল গৌড়াক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ পি.ডি. দিনাকৰণৰ সৈতে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰতিবাদকাৰী অধিবক্তাৰ এটা দলে বেআইনীভাৱে আটক কৰিছিল। পি. ডি. দিনাকৰণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ পিছত প্ৰতিবাদ কৰি থকা অধিবক্তা সংগঠনৰ দ্বাৰা আদালত বৰ্জনৰ ঘোষণাৰ পিছত এই ঘটনাটো সংঘটিত হৈছিল। তেওঁলোকক পিছত প্ৰতিবাদকাৰী উকীলসকলে মুকলি কৰি দিছিল।২১৩১৪ ঘটনাটোৰ পিছত নাগৰত্নায়ে ৰাজহুৱা ভাৱে এক বিবৃতি দি কয়, "আমাক এনেদৰে ভয় খুৱাব নোৱাৰি। আমি সংবিধানৰ শপত গ্ৰহণ কৰিছো।" ১৫
মহামাৰী সময়ত শিক্ষাৰ স্থিতি
তেওঁ কৰ্ণাটক চৰকাৰৰ ক'ভিড প্ৰভাৱিত এলেকাবোৰত মধ্যাহ্ন ভোজন বন্ধ কৰাৰ প্ৰস্তাৱ নাকচ কৰা বিচাৰপীঠৰ অংশ আছিল। বিচাৰপীঠে চৰকাৰক ডিজিটেল বিভাজন দূৰ কৰিবলৈ আৰু শিশুসকলে অনলাইন শ্ৰেণীত প্ৰৱেশাধিকাৰ নিশ্চিত কৰিবলৈ মান্তি কৰাইছিল। লগতে বিচাৰপীঠে শিক্ষক আৰু কৰ্মচাৰীসকলক ফ্ৰণ্টলাইন কৰ্মী হিচাপে গণ্য কৰিবলৈ নিৰ্দেশ দিছিল।
তথ্যসূত্ৰ
- ↑ Hon'ble Mrs. Justice B.V.Nagarathna. Karnataka High Court
- ↑ Hunasavadi, Srikanth. (2009-11-10). Karnataka CJ, two judges attacked in court. DNA India
- ↑ Chhibber, Maneesh. (2020-05-29). SC collegium willing, this Karnataka judge could become first woman Chief Justice of India. ThePrint
- ↑ Dhananjay Mahapatra. (19 August 2021). India could get 1st woman CJI in Justice Nagarathna in 6 yrs. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Rajagopal, Krishnadas. (2021-08-28). B.V. Nagarathna · Beyond the glass ceiling. The Hindu
- ↑ Supreme Court Collegium may clear way for country's first woman CJI. The New Indian Express
- ↑ Singh, Ajmer. Legal fraternity speculates on a woman CJI in future. The Economic Times
- ↑ (2021-08-27). Nine new judges appointed to SC, total strength moves up to 33. The Indian Express
- ↑ Staff Reporter. (2012-05-16). Work out modalities for regulation of broadcast media, Centre told. The Hindu
- ↑ (2016-07-02). State loses battle over lifetime tax on vehicles registered outside Karnataka. The Hindu
- ↑ (2019-08-02). Temples not commercial establishments: HC. The Hindu
- ↑ (2020-09-15). Govt. fiat to universities on method to promote intermediate semester students upheld. The Hindu
- ↑ PTI. (9 November 2009). Dinakaran case: Chaos in Karnataka HC, 2 judges locked up. The Times of India
- ↑ Staff Reporter. (2009-11-09). Karnataka advocates disrupt proceedings. The Hindu
- ↑ (2009-11-10). We can't be cowed down, asserts Judge. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. ভি. নাগৰত্না” প্ৰবন্ধৰ সংশোধন ২৯৩৩১৩ (১ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।