মঞ্জুলা চেল্লুৰ (Manjula Chellur, জন্ম ৫ ডিচেম্বৰ ১৯৫৫) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ, কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল। ২০১৭ চনৰ ৪ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে৷১২৩৪
শিক্ষা
মঞ্জুলা চেল্লুলৰ কৰ্ণাটকত জন্ম হৈছিল। বেলাৰীৰ আলুম সুনমংগলম্মা মহিলা মহাবিদ্যালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰি বাংগালুৰুৰ ৰেণুকাচাৰ্য আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আৰ্থিক সহযোগত তেওঁ ইংলেণ্ডৰ ৱাৰউইক বিশ্ববিদ্যালয়লৈ জেণ্ডাৰ এণ্ড ল ফেল'শ্বিপ লাভ কৰে।২ ২০১৩ চনত চেল্লুৰে কৰ্ণাটক ৰাজ্যিক মহিলা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
চেল্লুৰে বেলাৰীত আইন চৰ্চা কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা হিচাপে পৰিগণিত হয়। তেখেতে আইনী উপদেষ্টা হিচাপে কাম কৰিছিল৷ তেওঁ স্থানীয় বেলাৰী আদালতত দেৱানী আৰু অপৰাধমূলক আইন দুয়োটাতে চৰ্চা কৰিছিল।২
১৯৮৮ চনত তেওঁক জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ তেওঁ কোলাৰ আৰু মহীশূৰৰ অধ্যক্ষ আৰু অধিবেশন ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই পদসমূহৰ উপৰিও তেওঁ ক্ষুদ্ৰ কাৰণ আদালতৰ (Court of Small Causes) মুখ্য ন্যায়াধীশ, আৰু বাংগালুৰুৰ পৰিয়াল আদালতৰ প্ৰধান ন্যায়াধীশ আছিল। ২০০০ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।২৪
২০০৮ চনৰ ২১ জুনৰ পৰা ২০১০ চনৰ ২৫ মাৰ্চলৈকে কৰ্ণাটক ন্যায়িক একাডেমীৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চেল্লুৰ কৰ্ণাটক ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষও আছিল। ২০১১ চনৰ ৯ নৱেম্বৰত তেওঁক কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৬ আৰু ২০১২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা তেওঁ কেৰালাৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে।২৪
তথ্যসূত্ৰ
- ↑ (23 July 2014). Manjula Chellur to become first woman Chief Justice of Calcutta High Court; Assumes office on August 5. Bar and Bench. B&B News Network
- ↑ Kerala High Court. (2013). Website Kerala High Court. Kerala High Court
- ↑ Express News Service. (27 September 2012). Manjula Chellur sworn in as Kerala HC CJ. The New Indian Express
- ↑ Venkatesan, J. (31 August 2012). Manjula Chellur to be Chief Justice of Kerala High Court. দ্য হিন্দু
- ↑ Express News Service. (4 March 2013). Honorary Doctorates for 5 Women. The New Indian Express
- ↑ (8 November 2011). Manjula Chellur Acting Chief Justice. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জুলা চেল্লুৰ” প্ৰবন্ধৰ সংশোধন ৪৭০০৩০ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।