ৰাজিয়া চুলতান (Razia Sultan) ১৯৮৩ চনৰ কমাল আমৰোহী ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় পিৰিয়ড জীৱনীমূলক ছবি। হেমা মালিনী, পাৰবীন বাবী আৰু ধৰ্মেন্দ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ লগে লগে ছবিখন মূলতঃ ইয়াৰ নিৰ্মাণ অধিক ধন বিনিয়োগ হোৱাৰ বাবে বক্স অফিচত দুৰ্যোগৰ সৃষ্টি কৰিছিল। এইখন আছিল তেতিয়ালৈকে নিৰ্মিত আটাইতকৈ দামী ভাৰতীয় ছবি।
এন.বি. কুলকাৰ্ণীয়ে শ্ৰেষ্ঠ কলা পৰিচালনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু এইটোৱে ছবিখনে লাভ কৰা একমাত্ৰ প্ৰাপ্তি আছিল। খায়ামে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰে। গীতৰ কথা আছিল জন নিছাৰ আখতাৰ। দুটা গীতৰ চিত্ৰায়ান এবিচিয়ান দাস ইয়াকুত জামালুদ্দিনৰ চৰিত্ৰত অভিনয় কৰা ধৰ্মেন্দ্ৰৰ ওপৰত কৰা হৈছিল। কেইটামান গীত লতা মংগেশকাৰে গাইছিল, য'ত আছিল "আয়ে দিল-এ নাদান"। কামাল আমৰোহীয়ে ১৯৮১-৮২ চনৰ ভিতৰত ৰাজিয়া চুলতানৰ কিছু দৃশ্য টংকত শ্বুট কৰিছিল।১২
বঁটা
৩১তম ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ কলা নিৰ্দেশক- এন বি কুলকাৰ্ণী
তথ্যসূত্ৰ
- ↑ Nandini Ramnath. (6 November 2017). Picture the song: Is that really a lesbian moment in 'Khwab Bankar Koi Aayega' from 'Razia Sultan'?. scroll.in website
- ↑ Kapoor, Sunil Sethi Coomi. (17 July 2013). Kamal Amrohi's dream film Razia Sultan bombs at the box-office. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজিয়া চুলতান (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৭৯২১ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।