ৰাণী পদ্মিনী ( Rani Padmini ) আশিক আবু পৰিচালিত এখন ভাৰতীয় মালয়ালম ছবি, য'ত ৰীমা কলিংগাল আৰু মঞ্জু ৱাৰিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ প্ৰযোজক ফ’ৰ্ট এণ্টাৰটেইনমেণ্ট কোম্পানী। চিত্ৰনাট্য লিখিছিল শ্যাম পুষ্কৰণ আৰু ৰবিশংকৰে ৷ সংগীত ৰচনা কৰিছিল বিজীবালে।১ ছবিখন নাৰীবাদৰ মিশ্ৰণেৰে ভিন্ন পটভূমিৰ দুগৰাকী মহিলাৰ প্ৰেম জাগৃতি যাত্ৰাৰ চিত্ৰায়ণ কৰা হৈছে। ২০১৫ চনৰ ২৩ অক্টোবৰত মুক্তি পাইছিল।২
প্লট
পদ্মিনী (মঞ্জু ৱাৰিয়ৰ) নামৰ এগৰাকী পৰম্পৰাগত বিবাহিত মহিলাই কাৰ ৰেলী ড্ৰাইভাৰ স্বামী গিৰি (জিনু জোচেফ)ৰ সৈতে হোৱা ব্যক্তিগত সংঘাত সমাধানৰ বাবে হিমাচল প্ৰদেশৰ মানালীলৈ যায়। ৰাণী (ৰীমা কলিংগাল) উত্তৰ ভাৰতত ডাঙৰ-দীঘল হোৱা এগৰাকী টমবয়। জীৱনলৈ ভাবুকি কঢ়িয়াই অনা অপৰাধী ৰাজাৰ পৰা তাই পলাই ফুৰিছে। ৰাণী আৰু পদ্মিনীৰ বাছত লগালগি হয় আৰু এটা সৰল পাৰস্পৰিক সম্বন্ধৰ আনন্দখিনিৰ সৈতে স্মৰণীয় যাত্ৰা আৰম্ভ হয়। তেওঁলোকে একেলগে গিৰিক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে আৰু একে সময়তে ৰাজাৰ গেংটোৰ পৰাও হাত সাৰিবলৈ চেষ্টা কৰে।৩
তথ্যসূত্ৰ
- ↑ Onmanorama Staff. (28 September 2015). 'Rani Padmini' first song released. Malayala Manorama
- ↑ Sachin Jose. (23 October 2015). 'Rani Padmini' movie review by audience: Live updates on Manju Warrier-Rima Kallingal film. International Business Times
- ↑ Akhila Menon. (9 November 2015). Rani Padmini Movie Review: Bold And Beautiful. Filmibeat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী পদ্মিনী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭২৮৬৯ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।