হন্নেলে চিগুৰিদাগা (; অনু. যেতিয়া পুৰণি পাত সজীৱ হৈ উঠে; Hannele Chiguridaga) ১৯৬৮ চনৰ কন্নড় ভাষাৰ এখন ছবি, যিখনৰ পৰিচালনা এম আক বিট্টলে কৰিছে। প্ৰযোজনা কৰিছে শ্ৰীকান্ত এণ্টাৰপ্ৰাইজেছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজকুমাৰ, আৰ নগেন্দ্ৰ ৰাও আৰু কল্পনাই। ত্ৰিবেনী১ ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ছবিখনত শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণ আৰু বিধৱা বিবাহৰ সৈতে জড়িত বিষয়ত চৰ্চা কৰা হৈছে।২
আৱহ সংগীত আৰু গীতৰ সংগীত এম ৰংগৰাৱে ৰচনা কৰিছে। গীতৰ কথা লিখিছে আৰ এন জয়গোপাল। মুক্তিৰ পিছত ছবিখনে বহু কেইটা বঁটা পাবলৈ সক্ষম হয়, যাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ছবিৰ বাবে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাও ৩ ছবিখনত মুঠ ছটা গীত আছে। ৪
বঁটা
১৯৬৮-৬৯ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা
- প্ৰথম শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ অভিনেতা- আৰ নাগেন্দ্ৰ ৰাও
- শ্ৰেষ্ঠা অভিনেত্ৰী- কল্পনা
- শ্ৰেষ্ঠ সংগীত পৰিচালক- এম ৰংগাৰাও
- শ্ৰেষ্ঠ গল্প- ত্ৰিবেণী
তথ্যসূত্ৰ
- ↑ (24 August 2007). Walking the pioneer's path. The Hindu
- ↑ Hannele Chiguridaga songs
- ↑ Hannele Chiguridaga songs
- ↑ Hannele Chiguridaaga - EP. iTunes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হন্নেলে চিগুৰিদাগা” প্ৰবন্ধৰ সংশোধন ৬৪০৩১১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।