অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চৰ্দাৰী বেগম

চৰ্দাৰী বেগম (Sardari Begum) হৈছে শ্যাম বেনেগাল পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰতীয় মিউজিকেল চিনেমা। চিনেমাখনত কিৰণ খেৰ, অমৰিশ পুৰী, ৰজিত কাপুৰ আৰু ৰাজেশ্বৰী সচদেৱে অভিনয় কৰিছে।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০২৫ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

চৰ্দাৰী বেগম (Sardari Begum) হৈছে শ্যাম বেনেগাল পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰতীয় মিউজিকেল চিনেমা। চিনেমাখনত কিৰণ খেৰ, অমৰিশ পুৰী, ৰজিত কাপুৰ আৰু ৰাজেশ্বৰী সচদেৱে অভিনয় কৰিছে।

চলচ্চিত্ৰখনৰ মুখ্য অভিনেত্ৰী কিৰণ খেৰে ১৯৯৭ চনত এই ছবিত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বিশেষ জুৰীৰ বঁটা লাভ কৰে আৰু একে বছৰতে ৰাজেশ্বৰী সচদেৱে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

এই চিনেমাখন ভাৰতৰ পাৰিবাৰিক সম্পৰ্ক, প্ৰজন্ম আৰু যৌন ৰাজনীতিৰ লগতে সামাজিক ৰীতি-নীতিৰ জটিল চিত্ৰণৰ ওপৰত কেন্দ্ৰীভূত।১

অভিনয়ত

  • কিৰণ খেৰ - চৰ্দাৰী বেগম
  • স্মৃতি মিশ্ৰ - যুৱতী চৰ্দাৰী বেগম২
  • অমৰিশ পুৰী - হেমৰাজ
  • সুৰেখা চিক্ৰি - ইত্তন বাঈ
  • ৰজিত কাপুৰ - চাদিক মুছভি
  • ৰাজেশ্বৰী সচদেৱ - ছকিনা
  • ৰেজিনা ৰাজ বিসৰিঅ - তেহজীৱ
  • উত্তৰা বাওকাৰ - হেমৰাজৰ পৰিবাৰ
  • কুমুদ মিশ্ৰ - আমোদ বাজাজ
  • শ্ৰী বল্লভ ব্যাস - জব্বৰ আব্বাছী
  • জাভেদ খান - মৌলবী
  • ৰৱি ঝানকাল - পুলিচ ইন্সপেক্টৰ
  • চেলিম ঘৌসে - মি সেন

সংগীত

জাভেদ আখতাৰ দ্বাৰা লিখিত গীতসমূহ বনৰাজ ভাটিয়া আৰু অশোক পাতকিয়ে কম্পজ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Sardari Begum at imagineindia
  2. ↑ Full cast at IMDB

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰ্দাৰী বেগম” প্ৰবন্ধৰ সংশোধন ৪৬৭৯০০ (২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।