অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাকীজা (চলচ্চিত্ৰ)

পাকীজা (Pakeezah ) ১৯৭২ চনৰ কামাল আমৰোহী ৰচিত, পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় সংগীতমধুৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত অশোক কুমাৰ আৰু ৰাজ কুমাৰৰ সৈতে নাম ভূমিকাত অভিনয় কৰিছে মীনা কুমাৰীয়ে। ইয়াত লক্ষ্ণৌৰ তৱাইফ চাহিবজানৰ কাহিনী বৰ্ণিত হৈছে।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পাকীজা (Pakeezah ) ১৯৭২ চনৰ কামাল আমৰোহী ৰচিত, পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় সংগীতমধুৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত অশোক কুমাৰ আৰু ৰাজ কুমাৰৰ সৈতে নাম ভূমিকাত অভিনয় কৰিছে মীনা কুমাৰীয়ে। ইয়াত লক্ষ্ণৌৰ তৱাইফ চাহিবজানৰ কাহিনী বৰ্ণিত হৈছে। ট্ৰেইনত শুই থাকোঁতে চাহিবজানে এজন অচিনাকি মানুহৰ পৰা তেওঁৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি লিখা এটা চিঠি পায়। পিছত ঘটনাক্ৰমে এটা তম্বুত আশ্ৰয় লওতে গম পায় যে তাৰ মালিক চেলিম নামৰ বন বিভাগৰ ৰেঞ্জাৰ এজনে চিঠিখন লিখিছিল। চাহিবজান আৰু চেলিমে বিয়াৰ পৰিকল্পনা কৰে, যাৰ ফলত চাহিবজানৰ পেছাদাৰী পটভূমিৰ সৈতে সংঘাতৰ সৃষ্টি হয়।

আমৰোহীয়ে তেওঁৰ পত্নী মীনা কুমাৰীক উৎসৰ্গিত কৰি এখন চিনেমা নিৰ্মাণ কৰিব বিচাৰিছিল; তেওঁলোকৰ সহযোগী ছবি “ডাইৰা’ (১৯৫৩)১ মুক্তি পোৱাৰ পিছত তেওঁ কাহিনীটোৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে। ছবিখনৰ প্ৰডাকচন ১৫ বছৰ ধৰি চলিছিল। ১৯৫৬ চনত জাৰ্মান চিনেমেট’গ্ৰাফাৰ জোচেফ উইৰ্চিঙৰ অধীনত পাকীজাৰ মূল চিত্ৰগ্ৰহণ আৰম্ভ হয়। ছবিখনে বহু বাধাৰ সন্মুখীন হৈছিল, বিশেষকৈ ১৯৬৪ চনত মীনা কুমাৰী আৰু আমৰোহীৰ বিচ্ছেদ আৰু কুমাৰীৰ সুৰাৰ আসক্তিৰ বাবে প্ৰায়ে অভিনয় কৰিব নোৱাৰা হৈ পৰিছিল। বহু বছৰ পিছুৱাই ৰখাৰ পিছত ১৯৬৯ চনত পুনৰ চিত্ৰগ্ৰহণ আৰম্ভ হয় আৰু ১৯৭১ চনৰ নৱেম্বৰ মাহত সমাপ্ত হয়।২ ১৯৭০ চনৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা বলীউডৰ গীতৰ অন্যতম আছিল পাকীজাৰ গীতবোৰ। ছবিখনৰ গীতবোৰ গুলাম মহম্মদে ৰচনা কৰিছিল আৰু সংগীত দিছিল নৌশাদে। নৌশাদে আৱহ সংগীতো ৰচনা কৰিছিল।

₹১২.৫ মিলিয়নৰ (১৪০,০০০ মাৰ্কিন ডলাৰ) পৰা ₹১৫ মিলিয়ন (১৭০,০০০ মাৰ্কিন ডলাৰ) বাজেটত নিৰ্মাণ কৰা পাকীজাৰ প্ৰিমিয়াৰ ১৯৭২ চনৰ ৪ ফেব্ৰুৱাৰীত হৈছিল আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল। ইয়াৰ অতিৰিক্ত খৰচ আৰু কাহিনীভাগৰ বাবে ছবিখন সমালোচিত হৈছিল। তথাপিও ই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে আত্মপ্ৰকাশ কৰে। ৫০ সপ্তাহতকৈ অধিক সময় ধৰি ছবিগৃহত চলি থকাৰ পিছত ₹৬ কোটি (৬৯০,০০০ মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে। বাণিজ্য বিশ্লেষকসকলে কয় যে মুক্তিৰ এমাহৰ পাছত কুমাৰীৰ মৃত্যুৰ বাবেই হয়তো ইয়াৰ জনপ্ৰিয়তা। ছবিখনে তেতিয়াৰ অভিলেখ সৃষ্টিকাৰী শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ লগতে BFJA বিশেষ বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ N. 2014, In the name
  2. ↑ Desai 2013, পৃ. 52–53

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৭২ বৰ্ষৰ চলচ্চিত্ৰউৰ্দু ভাষাৰ ভাৰতীয় চলচ্চিত্ৰগণিকা বিষয়ক ভাৰতীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকীজা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৪৫০৪ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।