ভাৰতৰ নগৰ মহানগৰ
৬৩ প্ৰবন্ধ
-
গান্ধীনগৰ
গান্ধীনগৰ (Gandhinagar) ভাৰতৰ গুজৰাট ৰাজ্যৰ ৰাজধানী নগৰ। গান্ধীনগৰ ভাৰতৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মধ্যৱৰ্তী ঔদ্যোগিক কৰিড'ৰৰ পশ্চিম কেন্দ্ৰীয় পইণ্ট, আহমেদাবাদৰ প্ৰায় ২৩ কিলোমিটাৰ উত্তৰে অৱস্থিত।
-
তুৰা, মেঘালয়
তুৰা (IPA: ˈtʊərə) হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ এটা পৌৰসভা। ই মেঘালয়ৰ আটাইতকৈ ডাঙৰ চহৰসমূহৰ ভিতৰত এখন। তুৰা গাৰো পাহাৰৰ নক্ৰেক পৰ্বতৰ নামনিত অৱস্থিত। চহৰখনৰ বতৰ সাধাৰণতে কোমল আৰু বৰ্ষব্যাপী মনোৰম। ই গাৰো জনগোষ্ঠীৰ সাংস্কৃতিক আৰু প্ৰশাসনিক কেন্দ্ৰ। ই পশ্চিম গাৰো পাহাৰ জিলাৰ মুখ্যালয়।
-
আলং
আলং বা আল (Aalo) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন সৰু নগৰ। এই নগৰ পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই। আলং নগৰখন অসম আৰু অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ২২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগৰখনৰ অধিকাংশ লোক গালো জনজাতিৰ।
-
সাঁচী
সাঁচী (Sanchi হ'ল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানী ভূপালপৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন নগৰ। এই স্থান বৌদ্ধ স্থাপত্যৰ বাবে বিখ্যাত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতাব্দীত এইসমূহ নিৰ্মাণ কৰা হৈছিল। কোনো কোনোৰ মতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত সম্ৰাট অশোকৰ ৰাজত্বকালত এই স্মাৰকসমৃহ গঢ় লৈ উঠিছিল।
-
জিৰ’
জিৰ’ (Ziro) হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ সদৰ। ই অৰুণাচল প্ৰদেশৰ এখন উল্লেখযোগ্য ঠাই। ই অৰুণাচল প্ৰদেশৰ নিম্ন সোৱণশিৰি জিলাৰ এখন চহৰ আৰু জিলা সদৰ। ইয়াক আপাটানি সাংস্কৃতিক পৰিৱেশৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
-
উটি
উটি (চৰকাৰীভাৱে উদগমন্ডলম) ভাৰতৰ তামিলনাডু ৰাজ্যৰ নীলগিৰি জিলাৰ এখন চহৰ আৰু পৌৰসভা। ই কইম্বাটুৰৰপৰা ৮৬ কিলোমিটাৰ (৫৩ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত, আৰু নীলগিৰি জিলাৰ মুখ্য কাৰ্যালয়। নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত এই চহৰখনক "পাহাৰীয়া ষ্টেচনসমূহৰ ৰাণী " উপনামেৰে জনা যায়। উটি এক জনপ্ৰিয় পৰ্যটন স্থলী।
-
চেপ্পা
চেপ্পা (Seppa) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ পূব কামেং জিলাৰ সদৰ ঠাই৷ পূৰ্বতে এই ঠাইক Sapla নামেৰে জনা গৈছিল যি শব্দৰ স্থানীয় ভাষাত অৰ্থ হ’ল জলাশয় ('marshy' land)৷ এই ঠাইখন কামেং নদীৰ পাৰত অৱস্থিত৷ চেপ্পাৰ ইটানগৰৰ পৰা দুৰত্ব ১৬০ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা দুৰত্ব হৈছে ২১৩ কিলোমিটাৰ৷ দুয়োখন…
-
শিলিগুড়ি
শিলিগুড়ি পশ্চিমবংগৰ এখন প্ৰধান চহৰ যিয়ে চুবুৰীয়া জিলাৰ ৰাজধানী জলপাইগুড়িৰ সৈতে "টুইন চিটি" গঠন কৰে। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দাৰ্জিলিং আৰু জলপাইগুড়ি জিলাৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ আছে এই চহৰখন। "উত্তৰ-পূব ভাৰতৰ দুৱাৰ" নামেৰে জনাজাত, শিলিগুড়ি চৰকাৰী ভাষা বাংলা।
-
তিৰুমালা
তিৰুমালা ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ তিৰুপতি জিলাৰ এখন হিন্দু ধৰ্মীয় মন্দিৰ চহৰ। তিৰুপতি চহৰৰ অন্যতম চুবুৰী। তিৰুপতি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অংশ আৰু তিৰুপতি ৰাজহ সংমণ্ডলৰ তিৰুপতি (নগৰীয়া) মণ্ডলত অৱস্থিত এই চহৰখন। চহৰখন সম্পূৰ্ণ নিৰামিষভোজী।
-
থানে
থানে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন নগৰ। ই থানে নিজৰাৰ শীৰ্ষত অৱস্থিত। থানে জিলাৰ ই প্ৰশাসনিক কেন্দ্ৰ। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত জি.আই.পি. ৰে'লৱেৰ ভাৰতত চলা প্ৰথমখন ৰেল "ব'ৰী বন্দৰ" (এতিয়াৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ)ৰ পৰা ৩৪ কিলোমিটাৰ আঁতৰৰ "থানে"লৈ চলিছিল। ইয়াৰ পৰাই এছিয়াত ৰেলসেৱাৰ সূত্ৰপাত হয়।
-
সেৱাগ্ৰাম
সেৱাগ্ৰাম (অৰ্থ "এক সেৱাৰ নগৰ") হৈছে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ এখন নগৰ। ই আছিল ১৯৩৬ চনৰ পৰা ১৯৪৮ চনত মহাত্মা গান্ধীৰ মৃত্যুলৈকে তেওঁৰ আশ্ৰম আৰু বাসস্থান।
-
উল্লাসনগৰ
উল্লাসনগৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ০৯৮জন।
-
চিত্ৰকূট
চিত্ৰকূট হ'ল মন্দাকিনী নদীৰ পাৰত অৱস্থিত ভাৰতৰ আটাইতকৈ প্ৰাচীন তীৰ্থস্থানসমূহৰ ভিতৰত এখন। উত্তৰ প্ৰদেশত ৩৮.২ কিঃমিঃ ক্ষেত্ৰত অৱস্থিত শান্ত আৰু সুন্দৰ চিত্ৰকূট হৈছে প্ৰকৃতি আৰু ভগৱানৰেই অনুপম দান। চাৰিওফালে বিয়পি থকা বিন্ধ্য পৰ্বতমালা আৰু বনেৰে আৱৰা চিত্ৰকূটক অনেক আশ্চৰ্য্যৰ পাহাৰ বুলি কোৱা হয়।
-
জুনহেব'ট'
জুনহেব'ট (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন নগৰ।
-
নাহৰলগুন
নাহৰলগুন (Naharlagun) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন নগৰ৷
-
নীলেশ্বৰম
নীলেশ্বৰম (Nileshwaram), যাক নীলেশ্বৰ বা নীলেশ্বৰম বুলিও কোৱা হয়, ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড় জিলাৰ এখন পৌৰসভা আৰু গুৰুত্বপূৰ্ণ নগৰ। কাছাৰগোড় জিলাৰ তিনিখন পৌৰসভাৰ ভিতৰত নীলেশ্বৰম অন্যতম; আন দুখন হৈছে কাছাৰগোড় আৰু কাঞ্জনগড়। নীলেশ্বৰম কাভ্বায়ী বেকৱাটাৰ আৰু নীলেশ্বৰম নদীৰ মোহনাৰ ওচৰত অৱস্থিত।
-
পেহেলগাম
পেহেলগাম (Pahalgam) ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন নগৰ। লিড্ডাৰ নদীৰ পাৰত ই কাশ্মীৰ উপত্যকাৰ উচ্চত অৱস্থিত। পেহেলগাম হৈছে অনন্তনাগ জিলাৰ এঘাৰটা তহচিলৰ ভিতৰত অন্যতম পেহেলগাম তহচিলৰ মুখ্য কাৰ্যালয়।
-
আলিবাগ
আলিবাগ (Alibag; উচ্চাৰণ: [əlibaːɡ]) হʼল ভাৰতৰ অংগৰাজ্য মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এখন উপকূলীয় চহৰ আৰু পৌৰসভা এলেকা। ই ৰায়গড় জিলাৰ মুখ্য কাৰ্যালয় আৰু মুম্বাই চহৰৰ দক্ষিণ দিশত অৱস্থিত।
-
কিফিৰে
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷
-
চিকৰ
চিকৰ ভাৰতৰ ৰাজস্থানৰ চিকৰ জিলাৰ এখন চহৰ।
-
দাপ'ৰিজ'
দাপ'ৰিজ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ। এই চহৰ অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই। চহৰখনৰ নামৰ Dapo-ৰ অৰ্থ প্ৰতিৰক্ষা আৰু Rijo-ৰ অৰ্থ উপত্যকা- অৰ্থাৎ অপশক্তিৰ পৰা প্ৰতিৰক্ষিত উপত্যকা অঞ্চল।
-
বাঁকা, বিহাৰ
বাঁকা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন নগৰ। ই বাঁকা জিলাৰ সদৰ ঠাই।
-
শিৰডী
শিৰডী (, মাৰাঠী ভাষাত: शिर्डी) ভাৰতৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন চহৰ আৰু শিৰডী নগৰ পঞ্চায়ত নামেৰে জনাজাত নগৰ পৰিষদাধীন। আহমেদনগৰ-মন্মদ ৰাজ্যিক ঘাইপথ ১০এৰে শিৰডীলৈ যাব পৰা যায়, আহমেদনগৰৰপৰা ৮৩ কিলোমিটাৰ আৰু ক'পাৰগাওঁৰপৰা ১৫ কিলোমিটাৰ। শিৰডী গুৰু শিৰডীৰ সাই বাবাৰ ১৯ শতিকাৰ বাসস্থল হিচাপে বিখ্যাত।
-
অছৰগঞ্জ
অছৰগঞ্জ ভাৰতৰ বিহাৰ ৰাজ্যৰ মুংগেৰ জিলাত অৱস্থিত এখন সৰু নগৰ।
-
কুটিয়াদি
কুটিয়াডি (Kuttiady) কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ অন্যতম বৃহৎ চহৰ। কুটিয়াদি কেৰালাৰ কুটিয়াডি নদীৰ পাৰত অৱস্থিত। চহৰখন পশ্চিমঘাট পৰ্বতমালাৰ ঢালত অৱস্থিত। কুটিয়াডি কেৰালাৰ ১৪০টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।
-
চুৱাৰ, উত্তৰ প্ৰদেশ
চুৱাৰ উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰামপুৰ জিলাৰ এখন মহানগৰ আৰু পৌৰ সভা।
-
জুনাগড়
জুনাগড় গুজাৰাট ৰাজ্যত অৱস্থিত এখন জিলা। ‘জুনা’ শব্দৰ অৰ্থ প্ৰাচীন আৰু ‘গড়’ মানে দুৰ্গ। নবাবৰ শাসনাধীন জুনাগড় ১৯৪৮ চনত গণভোটৰ জৰিয়তে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হয়। এই জুনাগড়তে আছে ইতিহাস প্ৰসিদ্ধ জুনাগড় দুৰ্গ। গিৰিনাৰ নামৰ এটা অনুচ্চ পাহাৰৰ ওপৰত জুনাগড় দুৰ্গ অৱস্থিত।
-
নৰকান্দ
নৰকান্দ ভাৰতৰ হিমাচল প্ৰদেশৰ চিমলা জিলাৰ এখন চহৰ।
-
বেকাল
বেকাল (Bekal) ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিম উপকূলৰ কাছাৰগোড জিলাৰ এখন সৰু চহৰ।
-
বেগুচৰাই
বেগুচৰাই (Begusarai) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ উদ্যোগিক আৰু বিত্তীয় ৰাজধানী। বিহাৰৰ ৩৮খন জিলাৰ ভিতৰত অন্যতম বেগুচৰাই জিলাৰ ই প্ৰশাসনিক সদৰ। এই জিলাখন ভাৰতৰ মিথিলা অঞ্চলৰ গংগা নদীৰ উত্তৰ পাৰত অৱস্থিত।