ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (Indian Council of Medical Research; চমুকৈ ICMR) হৈছে ভাৰতৰ জৈৱ-চিকিৎসা সংক্ৰান্তিয় গৱেষণাৰ প্ৰস্তুতি, সহযোগিতা আৰু প্ৰসাৰৰ এক শীৰ্ষ সংস্থা। পৃথিৱীৰ পুৰণি আৰু বৃহৎ গৱেষণা সংস্থাৰ ভিতৰত আইচিএমআৰ অন্যতম। ভাৰত চৰকাৰৰ নেতৃত্বাধীন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ স্বাস্থ্য গৱেষণা বিভাগে ইয়াৰ আৰ্থিক দিশটো চম্ভালে।১২
আইচিএমআৰৰ মুঠ ২৬টা প্ৰতিষ্ঠানে যক্ষ্মা, কলেৰা,এইডছ, মেলেৰিয়া, পুষ্টিহীনতা, কৰ্কট, খাদ্য আৰু ভেষজ বিষবিজ্ঞান, প্ৰজনন, চিকিৎসা পৰিসংখ্যা আদি বিভিন্ন স্বাস্থ্যজনিত, ৰোগসংক্ৰান্তিয় অথবা স্বাস্থ্য-সম্বন্ধীয় বিষয়ত গৱেষণা গৱেষণা কৰে। আইচিএমআৰৰ ৬টা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই আঞ্চলিক ক্ষেত্ৰত দেখা দি্যা স্বাস্থ্যৰ সমস্যা চিনাক্তকৰণ কৰাৰ উপৰিও ভাৰতৰ বিভিন্ন ভৌগোলিক ক্ষেত্ৰত গৱেষণা সৱলীকৰণ কৰাতো গুৰুত্ব আৰোপ কৰে।২
ইতিহাস
১৯১১ চনত ভাৰত চৰকাৰে ভাৰতীয় গৱেষণা পুঁজি সংঘ (Indian Research Fund Association, IRFA) স্থাপন কৰে। ইয়াৰ উদ্দেশ্য আছিল দেশৰ ভিতৰত চিকিৎসা-গৱেষণাৰ পৃষ্ঠপোষকতা কৰা আৰ তাৰ বাবে উদ্যোগ হাতত লোৱা। স্বাধীনতাৰ পাছত এই প্ৰতিষ্ঠানত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি কৰা হয়। ১৯৪৯ চনত সংস্থাৰ নামটো সলাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ৰখা হয়। লগতে কাৰ্যপ্ৰণালীৰো পৰিসৰ বৰ্ধন কৰা হয়।৩
পৰিচালনা বৰ্গ
ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৈছে পৰিচালনা বৰ্গৰ সভাপতি। জৈৱ-চিকিৎসাৰ বিভিন্ন শাখাৰ বিশেষজ্ঞসকলে পৰিচালনা বৰ্গক সহযোগিতা আগবঢ়ায়। বিজ্ঞানী উপদেষ্টা গোট, মণ্ডলী, বিশেষজ্ঞ গোট, পৰিচালনা সমিতি, বিশেষ কৰ্মীদল আদিয়ে সংস্থাৰ বিভিন্ন গৱেষণা-কৰ্ম আৰু আঁচনিসমূহ নিৰীক্ষণ আৰু পৰীক্ষণ কৰে। পৰিষদে জৈৱ-চিকিৎসাৰ গৱেষণাসমূহ চলাই নিবলৈ সাধাৰণতে ইণ্ট্ৰামুৰেল(অভ্যন্তৰীণ) আৰু এক্সট্ৰামুৰেল(বাহ্যিক) পদ্ধতিৰ সহায় লয়। এক্সট্ৰামুৰেল গৱেষণাৰ ভেটি আৰু ইয়াৰ পদ্ধতি-প্ৰক্ৰিয়াসমূহ পৰিষদে বিগত সময়ত সংবৰ্ধন কৰি আহিছে।৪
মূল কাৰ্যক্ৰমণিকা
এক্সট্ৰামুৰেল গৱেষণাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে পৰিষদে যথোপযুক্ত আন্তঃগাঁঠনিৰ কিছুমান উচ্চ-গৱেষণাৰ কেন্দ্ৰ চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানত স্থাপন কৰিছে। দিল্লীস্থ ৰোগনিদান প্ৰতিষ্ঠানৰ দৰে কিছুমান বিশেষ-বিশেষ প্ৰতিষ্ঠানৰ লগত আইচিএমআৰে সহযোগিতামূলক গৱেষণা প্ৰকল্পৰ আঁচনিও লৈছে।৫
"ভাইৰাছজনিত গৱেষণা আৰু ৰোগনিৰ্ণয় প্ৰয়োগশালা"ৰ (Viral Research and Diagnostic Laboratories, VRDL) জৰিয়তে আইচিএমআৰে ভাইৰাছৰ তৎকালীন চিনাক্তকৰণ আৰু প্ৰয়োজনীয় ব্যৱস্থাপ্ৰণালীত গুৰুত্ব প্ৰদান কৰিছে। তাৰবাবে ভিআৰডিএলৰ নিয়মীয়া সংবৰ্ধন আৰু সৱলীকৰণ কৰি থকা হৈছে। গৱেষণাৰ উপৰিও আইচিএমআৰে ভাৰতীয় চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীক বিভিন্ন দেশৰ কিছুমান ফেলোশ্বিপ কাৰ্যসুচীৰ লগত পৰিচয় কৰাই দিছে। লগতে উন্নয়নশীল দেশৰ বিজ্ঞানীসকলক ভাৰতীয় প্ৰতিষ্ঠান অথবা প্ৰয়োগশালালৈ আহি কাম কৰিবলৈ সুযোগ সৃষ্টি কৰিছে।৬
প্ৰাক্তন চিকিৎসা বিজ্ঞানী আৰু শিক্ষকসকলৰ বাবে, পৰিষদে এমিৰেটাছ বিজ্ঞানীৰ পদটো আগবঢ়াই আহিছে যাতে তেওঁলোকে অৱসৰৰ পাছতো জৈৱচিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰি থাকিব পাৰে। বিশেষ ক্ষেত্ৰলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা বিশেষ ব্যক্তিকসকলৰ উপৰিও দেশৰ অনুন্নত অঞ্চলত গুৰুত্বপূৰ্ণ কৰ্মত ব্যস্ত হৈ থকা গৱেষক-বিজ্ঞানীক পৰিষদে নিয়মীয়াকৈ বঁটা-স্বীকৃতি প্ৰদান কৰি আহিছে।৭ বৰ্তমান পৰিষদে ৩৮টা বঁটা প্ৰদান কৰে। তাৰে ১১টা বঁটায়েই চল্লিছ বছৰ অনুৰ্ধ যুৱ বিজ্ঞানীৰ বাবে আছুতীয়াকৈ ৰখা হৈছে।৩ পৰিষদে পৃষ্ঠপোষকতাতেই "ভাৰতীয় চিকিৎসা গৱেষণাৰ পত্ৰিকা" (Indian Journal of Medical Research) প্ৰকাশিত হৈ আহিছে।৮
ভাৰতীয় কেন্দ্ৰসমূহ
- National Institute of Nutrition, Hyderabad (NIN), Hyderabad
- National Centre for Laboratory Animal Science, (NCLAS) Hyderabad
- Food and Drug Toxicology Research Centre, (FDTRC) Hyderabad
- National Animal Resource Facility for Biomedical Research, (NARF-BR) Hyderabad
- National Institute for Research in Tuberculosis (NIRT), চেন্নাই
- National Institute of Epidemiology (NIE), চেন্নাই
- National Institute of Cancer Prevention and Research (NICPR), Noida
- National Institute of Malaria Research (NIMR), দিল্লী
- Rajendra Memorial Research Institute of Medical Sciences, Patna
- National Institute for Research in Reproductive Health (NIRRH), মুম্বাই
- National Institute of Virology (NIV), Pune
- National Institute of Traditional Medicine (NITM), Belagavi
- Microbial Containment Complex (MCC), Pune
- National AIDS Research Institute (NARI), Pune
- National Institute of Occupational Health, আহমেদাবাদ
- National Institute of Pathology (NIP), দিল্লী
- National Institute of Medical Statistics (NIMS), দিল্লী
- Vector Control Research Centre (VCRC), Puducherry
- National Institute of Cholera and Enteric Diseases (NICED), কলিকতা
- National Institute for Research in Tribal Health (NIRTH), Jabalpur
- National Center for Disease Informatics and Research (NCDIR), Bengaluru
- Bhopal Memorial Hospital and Research Center, (BMHRC), Bhopal
- National Institute for Research in Environmental Health (NIREH), Bhopal
- National JALMA institute for Leprosy & Other Mycobacterial Diseases, Agra
- Centre for Research in Medical Entomology (CRME), Madurai
- National Institute of Immunohaemotology (NIIH), মুম্বাই
- Enterovirus Research Centre (ERC), মুম্বাই
- Genetic Research Centre, মুম্বাই
- Desert Medicine Research Centre (DMRC), Jodhpur
- Regional Medical Research Center, Port Blair
- Regional Medical Research Center, Bhubaneswar
- ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়
- ICMR Virus Unit, কলিকতা
- Institute of Reproductive Medicine, কলিকতা
তথ্যসূত্ৰ
- ↑ Dhar, Aarti; Joshi, Sandeep. (2 June 2011). No need to panic over WHO report on mobiles: ICMR. The Hindu
- ↑ Bhargava, Pushpa M. (12 November 2011). Could they buy salt and spices, fuel and milk, and pay rent.. with Rs. 2.33 a day?. The Hindu
- ↑ overview. ICMR
- ↑ books.google.co.in/books?id=FUjzWFsz5fwC&pg=
- ↑ (3 December 2007). ICMR has signed a memorandum of understanding with the Nichi-In Centre for Regenerative Medicine - The Hindu News article
- ↑ আৰ্কাইভ কপি
- ↑ 51 Scientists presented with ICMR Awards for years 2009 and 2010
- ↑ www.ijmr.org.in/aboutus.asp
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৪০১০৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।